আজি ৪ অক্টোবৰ,দিনটো কেনেদৰে যাব ৰাশিফল চাই জানি লওক....

Jyoti Borah October 04, 2023

বুধবাৰ, ৪ অক্টোবৰ, ১৬ আহিন, 
মেষঃ প্রাপ্যাদিত শুভ। ধর্মীয় কৰ্মত ৰাপ বাঢ়িব। স্বাস্থ্য প্রায় ভালেই। বন্ধু-বান্ধৱ তথা শুভাকাংক্ষীৰ আগমন বুজায়। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা । শুভ কাৰক গ্ৰহ মণ্ডল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং সোণালী। 
বৃষঃ শৰীৰৰ প্ৰতি যত্ন ৰাখক। লোহা, কয়লা, চাহ আদিৰ ব্যৱসায়ত বেয়া নহয়। দাম্পত্যত মধ্যম। কোনোৱে সন্তানক লৈ চিন্তিত হ'ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ । শুভ সংখ্যা ২,৬। শুভ ৰং ৰূপালী। 

মিথুনঃ শৰীৰ প্ৰায় ভালেই। ৰাজহুৱা কামৰ মাজেদি সুখ্যাতি লাভ। আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ দেখায়। কর্মক্ষেত্ৰত থকা গোপন শত্ৰুৰ অপচেষ্টা সফল নহ'ব।শুভ কাৰক গ্ৰহ বুধ, ৰবি। শুভ সংখ্যা ১, ৫। শুভ ৰং গুলপীয়া। 

কৰ্কটঃ শাৰীৰিক দিশত বিশেষ আমনি নেপাব। পুৰণা ৰোগীয়েও কিছু উপশম পাব। পাৰিবাৰিক জীৱন গতানুগতিক। বিদ্যাত শুভ। শিক্ষক শ্রেণী তথা বুদ্ধিজীৱীৰ বাবে অনুকূল।শুভ কাৰক গ্রহ বৃহস্পতি,  চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং গুলপীয়া । 

সিংহঃ স্বাস্থ্য কিছু উন্নত। টকা- পইচা পালেও লগত খৰচৰ বাট লৈহে আহিব। সন্তানক লৈ চিন্তিত। নতুন সমস্যাই দেখা দিব পাৰে।শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং নীলা। 

কন্যাঃ ব্যৱসায়ত উন্নতি। ইষ্ট- কুটুম্বৰ আমগন বুজায়। পিতৃ-মাতৃ সুখী। কর্মত উৎসাহ-উদ্দীপনা। দাম্পত্যত মধ্যম।শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং মাখন। 

তুলাঃ অবাঞ্ছিত খৰচে চিন্তাত পেলাব। সংগ দোষৰ পৰা সাৱধান থাকক। সামাজিক কামত জড়িত থাকি ভাল পাব।। ক্ষেত্র বিশেষে মান-মর্যাদা লাভ। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। 
 বৃশ্চিকঃ পাৰিবাৰিক জীৱন সুখৰেই। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগত শুভ। কৰ্মত দক্ষতা প্রকাশ, সহায়-সহযোগ পাব। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং কফি। 

ধনুঃ আজি আপোনাৰ ৰাশিলৈ গুৰুৰ সু-দৃষ্টি। শুভ কাৰক ক্ষেত্ৰ সিংহাসনী যোগ, ষট শূন্য যোগ। বুধাদিত্য যোগ। শুরু চন্দ্ৰৰ ক্ষেত্ৰত বিনিময় আদি শুভ যোগ পোৱাত, প্ৰায় কৰ্মতে সফল হ'ব।শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং হালধীয়া। 

মকৰঃ পাৰিবাৰিক জীৱন সুখ- শান্তিময়। সামাজিক কামৰ মাজেদি সমাজত সমাদৰ পাব। চৌখিনভাৱে বিলাসী জীবন যাপন কৰি ভাল পাব।শুভ কাৰক গ্ৰহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং ৰঙা। 

কুম্ভঃ  সা-সম্পত্তি বেচা- কিনাৰ ক্ষেত্ৰত লাভৱান হ'ব। দাম্পত্যত বুজাবুজি থাকিব। স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। কোনোৱে প্রকৃতিগত অসুখত ভুগিব পাৰে।শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং মাখন।

মীনঃ স্বাস্থ্য প্রায় ভালেই।। যি কামতেই হাত দিয়ক, সফল হ'ব। প্রেম-প্রীতিত বেয়া নহয়। খেলা-ধূলা, সংগীত আদি কলাত যোগ্যতা প্রকাশ।শুভ কাৰক গ্রহ বৃহস্পতি, শুক্র। শুভ সংখ্যা ৩, ৬। শুভ ৰং মুগা ।

Share This