আজি ৩ ছেপ্টেম্বৰ ,ৰাশিফল চাই জানো আহক দিনটো কেনেদৰে যাব?

Jyoti Borah September 03, 2023

দেওবাৰ ,৩ ছেপ্টেম্বৰ
মেষঃ কৰ্মত দক্ষতাৰ প্ৰকাশ। আপোনাৰ কৰ্ম দক্ষতা দেখি মানুহে শ্ৰদ্ধা কৰিব। কয়লা, লোহা আদি ব্যৱসায়ত প্ৰচুৰ উন্নতি। ধৰ্মত সতি। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা ।

বৃষঃ স্বাস্থ্য ভালেই যাব। পুৰণা ৰোগগ্রস্তয়ো কিছু সকাহ পাব। পাৰিবাৰিক জীৱন শুভাশুভ মিশ্রিত। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা । শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং বগা। 

মিথুনঃ শৰীৰ প্ৰায় ভালেই। চঞ্চল ভাব এৰিব পাৰিলে বিদ্যাৰ্থীৰ পাৰদৰ্শিতা প্ৰকাশ পাব। বন্ধু- বান্ধৱ তথা শুভাকাংক্ষীৰ আগমন হ'ব। ধর্মীয় কৰ্মত ৰাপ বাঢ়িব । শুভ কাৰক গ্ৰহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং সোণালী। 

কৰ্কটঃ শৰীৰ প্ৰায় ভালেই যাব। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব। সামাজিক কামত পাৰদৰ্শিতা। ক্ষেত্র বিশেষে বুদ্ধিমত্তা প্রকাশ। সন্মান পাব। শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং গুলপীয়া। 

 সিংহঃ ব্যৱসায়-বাণিজ্যত শুভ। ধর্মীয় কৰ্মত ধাউতি বাঢ়িব, কাৰোবাৰ ব্যৱহাৰত মনোকষ্ট পাব। ঘৰুৱাত চকু দিয়ক । শুভ কাৰক গ্ৰহ ৰবি, মঙল । শুভ সংখ্যা ১, ৯। শুভ ৰং মুগা। 

কন্যাঃ বিভিন্ন সমস্যাই ব্যতিব্যস্ত কৰিলেও আপোনাৰ কৰ্মদক্ষতা প্ৰকাশ পাব। কোনো ৰহস্যময় কথাৰ পাক চক্ৰত পৰি চিন্তিত হ'ব। খৰচৰ মাত্ৰা ঊর্ধ্বগতিত । শুভ কাৰক গ্রহ বুধ, শনি । শুভ সংখ্যা ৫, ৭। শুভ ৰং সোণালী। 

তুলাঃ শিল্পী-সাহিত্যিকসকলে আশা কৰা মতে সন্মান মনত দুখ পাব । ঘৰুৱা পৰিৱেশ সন্তোষজনক বুলিব নোৱাৰি। ধৰ্মীয় কৰ্মত ৰাপ বাঢ়িব । শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং গুলপীয়া। 

বৃশ্চিকঃ কৰ্মত সহায়- সহযোগ পাব। আপোনাৰ দায়িত্বত থকা কামবিলাক সুচাৰু ৰূপে আগুৱাই নিব পাৰিব। অবাঞ্ছিত কিছু খৰচ । ধৰ্মত মাতি। শুভ কাৰক গ্রহ বৃহস্পতি, মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং গেৰুৱা । 

ধনুঃ  ব্যৱসায়-বাণিজ্যত শুভ। কোনো মাংগালিক কৰ্মত মনোযোগ। বন্ধু-বান্ধৱ তথা আত্মীয়-স্বজনৰ লগত সম্ভাৱ-সম্প্রীতি বৃদ্ধি পাব। পাৰিবাৰিক জীৱন সুখবেই। শুভ কাৰক গ্রহ বৃহস্পতি,চন্দ্ৰ। শুভ সংখ্যা ২, ৩। শুভ ৰং সোণালী। 

মকৰঃ সংগীত, নৃত্য, নাটক আদি কলাত্‌ পাৰদৰ্শিতা। ককাই-ভাই, ইষ্ট-কুটুম্বৰ লগত সম্ভাব সম্প্রীতি বৃদ্ধি পাব। শুভ কাৰক গ্ৰহ মণ্ডল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং বেঙুনীয়া। 

কুম্ভঃ নতুন সা-সম্পত্তি লোৱাৰ কথা ভাবিব পাৰে। সৎ বন্ধু লাভ। বুদ্ধিজীৱীৰ সুখ্যাতি। শত্ৰুৰ ষড়যন্ত্র সফল নহ'ব। ধৰ্মত মতি। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। 

মীনঃ শৰীৰ আন দিনাতকৈ উন্নত। ভ্রাতৃৰ উন্নতি আৰু ভ্ৰাতৃসম ব্যক্তিৰ পৰা যথেষ্ঠ সহায়- সহযোগ পাব। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। 

Share This