আজি ২০ছেপ্টেম্বৰ, চাওক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
DainikJanambhumi
September 20, 2024
ডিজিটেল ডেস্কঃ শুকুৰবাৰ, ২০ ছেপ্টেম্বৰ, ৩ আহিন, খ্ৰীষ্টাব্দ ২০২৪৷
মেষঃ শুভ ৰং নীলা৷ বিভিন্ন সমস্যাই ব্যতিব্যস্ত কৰিলেও আপুনি উপস্থিত বুদ্ধিৰে সেইবোৰ নিয়ন্ত্ৰণ কৰি ল’ব পাৰিব৷ কামত উৎসাহ পাব৷ দাম্পত্যত সুখী৷
বৃষঃ শুভ ৰং ৰূপালী৷ শৰীৰ প্ৰায় ভালেই৷ পুৰণা ৰোগগ্ৰস্তয়ো কিছু উপশম পাব৷ পিছে কোনো কাৰণত পিতৃ-মাতৃৰ মনত উদ্বেগ-উদ্বিগ্নতা৷
মিথুনঃ শুভ ৰং গুলপীয়া৷ ৰাশিৰ কেন্দ্ৰত পাঁচটা গ্ৰহ আৰু ৰাশিৰ ফালৰ পৰা অশুভদায়ক মাংগলিক যোগ থকাত, দিনটো শুভাশুভ মিশ্ৰিতভাৱে পাৰ হ’ব৷
কৰ্কটঃ শুভ ৰং বগা৷ চাকৰিজীৱীয়ে কৰ্মদক্ষতাৰ গুণত স্বীকৃতি পাব৷ বিদ্যাত শুভ, শত্ৰুৰ প্ৰভাৱ দেখায়৷ কোনোৱে আপোনাৰ সুনাম বিনষ্ট কৰিবলৈ চেষ্টা কৰিব৷
সিংহঃ শুভ ৰং আকাশী নীলা৷ দিনটো আন দিনাতকৈ যথেষ্ট উন্নত পাব৷ ব্যৱসায়ত প্ৰচুৰ উন্নতি৷ উপাৰ্জন ভালেই যদিও খৰচৰ বাটে ভালকৈয়ে আমনি দিব৷ বহু দিনৰ পৰা আশা কৰি থকা সুখবৰটো হঠাৎ পাব পাৰে৷
কন্যাঃ শুভ ৰং মাখন৷ কোনো মাংগলিক কৰ্মৰ যো-জা হ’ব পাৰে৷ সা-সম্পত্তি বেচা-কিনা লেনদেনত লাভৱান হ’ব৷ সংগ দোষ এৰাই চলক৷
তুলাঃ শুভ ৰং নীলা৷ আপোনাৰ কৰ্মদক্ষতাৰ ওপৰত আস্থা ৰাখি আপোনাৰ ওপৰত কামৰ দায়িত্ব আৰু জাপি দিব পাৰে৷ প্ৰেম প্ৰীতিত শুভ৷
বৃশ্চিকঃ শুভ ৰং কফি৷ শাৰীৰিক দিশত আমনি কম৷ শিল্পী, সাহিত্যিকৰ বাবে উন্নত দিন৷ পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷
ধনুঃ শুভ ৰং হালধীয়া৷ ব্যৱসায়ত প্ৰচুৰ উন্নতি৷ সন্তান প্ৰীতি বাঢ়িব৷ বিদ্যাত মধ্যম৷ কথা-বাৰ্তা বা বক্তৃতাদি দিয়াত পাৰদৰ্শিতা৷
মকৰঃ শুভ ৰং ৰঙা৷ কৰ্মোন্নতিত আশা কৰা মতে সুফল নেপাব পাৰে৷ ব্যৱসায়তো সেই একেই৷ আপোনাৰ কথাৰ সুৰে কাৰোবাৰ মনত আঘাত দিব পাৰে৷
কুম্ভঃ শুভ ৰং মাখন৷ আনৰ উচটনিত কামত হাত দিলে, নতুন সমস্যাই দেখা দিব পাৰে৷ দাম্পত্য জীৱন আন দিনাতকৈ যথেষ্ট উন্নত পাব৷
মীনঃ শুভ ৰং মুগা৷ চাকৰিজীৱীয়ে ঊধ্বৰ্তন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব৷ ব্যৱসায়ত জড়িত যদি মনোযোগ দিয়ক লাভৱান হ’ব৷ ধৰ্মীয় কৰ্মৰ প্ৰতি ধাউতি৷ বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি৷ কোনো এক শক্তিৰ প্ৰভাৱত আপুনি যিকোনো সমস্যা সহজে সমাধা কৰিব পাৰে৷
Share This