আজি ফিফা বিশ্বকাপৰ ফাইনেল

dainik janambhumi July 19, 2026

ডিজিটেল ডেস্ক : ফিফা বিশ্বকাপে এক ইতিহাসৰ সৃষ্টি কৰাৰ পাছত আজি প্রতিযোগিতাৰ সামৰণি মাৰিব। উল্লেখযোগ্য যে এইবাৰৰ বিশ্বকাপ আছিল ইতিহাসৰ আটইতকৈ দীঘলীয়া আৰু এইবাৰ সর্বাধিক ৪৮টা দলে এই বাৰ প্রতিযোগিতাত অংশগ্রহণ কৰে। প্ৰায় ৩৮ দিন ধৰি সমগ্ৰ বিশ্বৰ ফুটবল প্রেমীক আৱেগ, ৰোমাঞ্চৰ মাজত আবদ্ধ কৰি ৰখাৰ পাছত বিশ্বকাপৰ অন্ত পৰিব আজি আর্জেন্টিনা আৰু স্পেইনৰ মাজৰ ফাইনেলখনেৰে। স্পেইন আৰু আর্জেন্টিনাৰ পূৰ্বৰ যুঁজৰ ইতিহাস খুঁচৰিলে দেখা পোৱা যায় যে দুয়োটা দলৰ মাজত সদায় তীব্র প্রতিদ্বন্দ্বিতা হৈ আহিছে। দুয়োটা দলে এতিয়ালৈকে ১৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে আৰু দুয়োটা দলে সমানসংখ্যক মেচত জয়লাভ কৰিছে। আর্জেন্টিনা ছখন মেচত জয়ী হৈছে আৰু স্পেইনো ছখন মেচত জয়ী হৈছে। দুখন মেচ ড্র হৈছে। আজি নিশা ভাৰতীয় সময় মতে নিশা ১২-৩০ বজাত দুয়োটা দলৰ মাজত এখন তীব্র প্রতিদ্বন্দ্বিতামূলক ফাইনেল দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। নিশ্চিত ৰূপত আজিৰ মেচখন বৰ্তমান বিশ্বৰ দুটা সর্বশ্রেষ্ঠ দলৰ মাজত অনুষ্ঠিত হ'ব। 

আজিৰ মেচখনত বৰ্তমানৰ বিশ্ব চেম্পিয়ন আর্জেন্টিনা আৰু উদীয়মান তাৰকাৰে সজ্জিত ইউৰোপীয়ান চেম্পিয়ন স্পেইনৰ মাজত তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা আছে। মেছিয়ে আজিৰ মেচখনত জয়ী হ'লে একেৰাহে দ্বিতীবাৰ বিশ্বকাপ জয় কৰা প্ৰথমজন অধিনায়কৰূপে পৰিগণিত হ'ব। আনহাতে স্পেইনে বিশ্বকাপ জয় কৰিলে য়ামাল বিশ্বকাপ জয় কৰা পেলেৰ পাছত দ্বিতীয়জন সর্বকনিষ্ঠ খেলুৱৈৰূপে পৰিগণিত হ'ব। মন কৰিবলগীয়া যে আর্জেন্টিনাৰ মিডফিল্ডাৰ এলেক্সিছ মেক এলিষ্টাৰে এতিয়ালৈকে বিশ্বকাপত খেলা মেচত আর্জেন্টিনাৰ পৰাজয় হোৱা নাই। তেওঁ খেলা ১৩খন মেচৰ ভিতৰত আর্জেন্টিনাই ১১খনত জয়ী হৈছে আৰু দুখন ড্র হৈছে। 

আর্জেন্টিনাৰ প্ৰধান ভৰসা হ'ল লায়নেল মেছিৰ অভিজ্ঞতা আৰু আক্রমণাত্মক খেল। আনহাতে স্পেইনৰ প্ৰধান ভৰসা হ'ল য়ামালৰ দৰে উদীয়মান খেলুৱৈৰ দুর্দান্ত খেল আৰু দলটোৰ অতি শক্তিশালী প্ৰতিৰক্ষণ বিভাগ। আর্জেন্টিনাই এই বাৰৰ বিশ্বকাপ জয় কৰিলে ব্রাজিলৰ পাছত একেৰাহে দ্বিতীয়বাৰ বিশ্বকাপ জয় কৰা দ্বিতীয়টো দল হ'ব। ফাইনেলৰ আগে আগে মেছিয়ে কয়, 'আর্জেন্টিনাই ফাইনেলত খেলপথাৰ সৰ্বশক্তিৰে যুঁজ দিব।' ইফালে স্পেইনৰ মিডফিল্ডাৰ ৰত্নীয়ে কয়, 'আমি বিশ্বকাপ জয়ৰ লক্ষ্যৰে ইয়ালৈ আহিছোঁ। আমি শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাজিত কৰিছোঁ আৰু এই ছন্দ অব্যাহত ৰাখিম।'

Share This