আজি জানুৱাৰী মাহৰ শেষৰটো দিন, চাও আহক আজি আপোনাৰ দিনটো কেনেদৰে যায়...

Kakali Deka January 30, 2024

ডিজিটেল ডেস্কঃ  বুধবাৰ, ৩১ জানুৱাৰী ২০২৪ চন

 

মেষঃ ৰাশিৰ আদ্যাক্ষৰ অ, ল৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং মাখন৷ কৰ্মত উৎসাহ-উদ্দীপনা৷ ব্যৱসায়ত মন দিয়ে যদি সঠিক ব্যৱসায়ৰ অনুসন্ধান কৰক৷ পত্নী বা পতিৰ ভাগ্যই উন্নতিত সহায় কৰিব৷

বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, , ব৷ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং বগা৷ শৰীৰ খুব উন্নত নাপাব পাৰে৷ কোনোৱে ঋতুগত অসুখত ভুগিব পাৰে৷ যোগাযোগত শুভ৷ খৰচত হাত ধৰক৷

মিথুনঃ ৰাশিৰ আদ্যাক্ষৰ ক, , ঘ৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১, ৫৷ শুভ ৰং ৰূপালী৷ বিভিন্ন কথাই মন ব্যাকুল কৰি ৰাখিব৷ তাৰ ভিতৰত কোনো কথাই মন নিৰুৎসাহী কৰিব পাৰে৷ ঘৰুৱাত প্ৰায় ভালেই৷

কৰ্কটঃ ৰাশিৰ আদ্যাক্ষৰ ড, হ৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সেউজীয়া৷ শৰীৰ বৰ ঠিক নাযাব পাৰে৷ বিদ্যাত মধ্যম৷ মেল-মোকৰ্দমাত জড়িত ব্যক্তিয়ে সাৱধান হোৱা ভাল৷

সিংহঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট৷ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং হালধীয়া৷ শৰীৰৰ প্ৰতি চকু ৰাখক৷ কোনোৱে সংক্ৰামক ৰোগত ভুগিব পাৰে৷ শুভ সংযোগ পালেও কিবা সমস্যাই দেখা দিব পাৰে৷ অৱশ্যে শুভদায়ক ষটশূন্য যোগ, উভয়চৰী যোগ, বৃহস্পতি-মঙলৰ ক্ষেত্ৰ বিনিময় যোগ আদি শুভ যোগ থকাত বহুত সমস্যা সহজে সমাধা হব৷

কন্যাঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ৷ শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা ৫, ৭৷ শুভ ৰং বগা৷ পাৰিবাৰিক জীৱন শুভাশুভ মিশ্ৰিত৷ বন্ধু-বান্ধৱৰ লগত ভালেই৷ প্ৰাপ্যাদিত কিছু বাধা৷ শুভদায়ক বুধাদিত্য যোগ থকাত কিছুমান সমস্যা বুদ্ধিৰে সহজে নিয়ন্ত্ৰণ কৰি লব পাৰিব৷

তুলাঃ ৰাশিৰ আদ্যাক্ষৰ ৰ, ত৷ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং নীলা৷ আপোনাৰ কথাৰ সুৰে যাতে কাৰোবাৰ মনত আঘাত নিদিয়ে, লক্ষ্য ৰাখক৷ আৰ্থিক উন্নতিৰ বাবে যথেষ্ট খাটিব লগা হব৷

বৃশ্চিকঃ ৰাশিৰ আদ্যাক্ষৰ ন, য৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং বেঙুনীয়া৷ সংগীত, নৃত্য, নাটক, খেলা-ধূলা কলাত খ্যাতি লাভ৷ কোনো মাংগিলক কৰ্মৰ যো-জা হব পাৰে৷ প্ৰেম-প্ৰীতিত শুভ৷

ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, , ভ৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং ৰঙা৷ শৰীৰিক দিশত অলপ আমনি পাব৷ অপ্ৰত্যাশিতভাৱে কোনো শুভ সংযোগ লাভ৷ আৰ্থিক দিশত আন দিনাতকৈ উন্নত৷

মকৰঃ ৰাশিৰ আদ্যাক্ষৰ খ, জ৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং কলা৷ সামাজিক প্ৰতিপত্তি, মান-মৰ্যাদা অটুট থাকিব৷ খং-ৰাগ, অহংকাৰ আদি ভাবক প্ৰশ্ৰয় নিদিব৷ খৰচৰ মাত্ৰা ঊধ্বৰ্গতিত৷

কুম্ভঃ ৰাশিৰ আদ্যাক্ষৰ গ, , স৷ শুভ কাৰক গ্ৰহ  শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং কমলা৷ কোনো কাৰণত কাৰো লগত মনোমালিন্য হলেই বেছি দূৰলৈ যাবলৈ নিদিব৷ ব্যস্ততা বাঢ়িব৷ বিদ্যা-বুদ্ধিত ভালেই৷

মীনঃ ৰাশিৰ আদ্যাক্ষৰ দ, চ৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ৩, ৬৷ শুভ ৰং গেৰুৱা৷ শাৰীৰিক দিশত সাধাৰণ আমনি পাব৷ আপোনাৰ সহযোগী বা বিশ্বস্তজনৰ কটাক্ষ শুনিব লগা হব পাৰে৷ ধৰ্মত মতি৷ মাতৃৰ শৰীৰো কিছু দুৰ্বল৷ ৰাজনীতিত বেয়া নহয়৷

Share This