আজি নৱৰাত্ৰিৰ সপ্তম দিন, আজি কি ৰঙৰ কাপোৰ পিন্ধিলে দেৱী সন্তুষ্ট হ’ব? কাইলৈ পিন্ধিব কি ৰঙৰ বস্ত্ৰ? 

Kakali Deka October 21, 2023

ডিজিটেল ডেস্কঃ আজি নৱৰাত্ৰিৰ সপ্তম দিন। নৱৰাত্ৰি মানে 'নটা ৰাতি।' 'নৱ'ৰ অৰ্থ হৈছে 'ন', আৰু 'ৰাত্ৰি'ৰ অৰ্থ হৈছে 'নিশা।' এই বছৰ, শাৰদ নৱৰাত্ৰি  ১৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে।নৱৰাত্ৰিৰ সপ্তম দিনা দেৱী কালৰাত্ৰিৰ উপাসনা কৰা হয়। এই দিনটোত ভক্তসকলে নীলা ৰঙৰ পোছাক পিন্ধাটো শুভ

কাইলৈ অৰ্থাৎ দেওবাৰে নৱৰাত্ৰিৰ অষ্টম দিন। নৱৰাত্ৰিৰ অষ্টম দিনটো  অন্যতম গুৰুত্বপূৰ্ণ দিন। মা দুৰ্গাৰ অষ্টম ৰূপ মহাগৌৰীক সেই  দিনটোতে উপাসনা কৰা হয়। ভক্তসকলে কাইলৈ দেৱীক উপাসনা কৰোঁতে ঈষৎ গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে।  যিয়ে আশা, আত্ম-বিশ্বাস আৰু সামাজিক উন্নতিক প্ৰতিনিধিত্ব কৰে। নৱৰাত্ৰিৰ নৱম দিনা দেৱী দুৰ্গাৰ নৱম ৰূপত দেৱী সিদ্ধিদাত্ৰীক উপাসনা কৰা হয়। সকলো সিদ্ধিৰ জীয়ৰী সিদ্ধিদাত্ৰীৰ উপাসনাৰ এক বিশেষ গুৰুত্ব আছে। এই দিনটোত বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধাটো শুভ বুলি গণ্য কৰা হয়।

Share This