আজি বৃহস্পতিবাৰ,জানি লওক দিনটো কেনেদৰে যাব

Jyoti Borah August 17, 2023

১৭ আগষ্ট, বৃহস্পতিবাৰ
মেষঃ ৰাশিৰ আদ্যাক্ষৰ অ,ল। শুভ কাৰক গ্রহ মণ্ডল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং মুগা । পাৰিবাৰিক জীৱন সুখৰ। ব্যৱসায়ত প্ৰচুৰ উন্নতি। বন্ধু বান্ধবযুক্ত পৰিবেশ ভাল পাব। ধর্মীয় কৰ্মত আস্থা।
বৃষঃ ৰাশিৰ আদ্যাক্ষ ই,উ,ব। শুভ কাৰক গ্রহ শুক্ৰ,চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং বগা। শাৰীৰিক ক্ষেত্ৰত শুভ। ৰোগত ভুগি থকা ব্যক্তিয়ে কিছু সকাহ পাব। দাম্পত্যত মধ্যম। বিদ্যার্থীয়ে চেষ্টা কৰাৰ দৰকাৰ হ'ব। পিতৃ-মাতৃৰ শৰীৰ কিছু দুর্বল।
 মিথুনঃ বাশিৰ আদ্যাক্ষ ক, ছ,ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি। শুভ সংখ্যা ১,৫। শুভ ৰং সোণালী। চাকৰিজীৱীয়ে ঊর্ধ্বতন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব। বিদ্যা-বুদ্ধিত ভালেই। শত্রুৰ প্রভাব দেখা যাব। ঘৰ বিভীষণৰ পৰা সতর্ক থাকক। প্রেমত চঞ্চল, মনত অস্থিৰতা।
কর্কটঃ ৰাশিব আদ্যাক্ষ ড,হ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্ৰ। শুভ সংখ্যা ২, ৩। শুভ ৰং গুলপীয়া। দিনটো প্ৰায় ভালেই যাব। শৰীৰো প্ৰায় ভালেই। ব্যবসায়ত প্রচুৰ উন্নতি। নিজৰ প্রচেষ্টাৰে আগবঢ়া যিকোনো কামত সফল হ'ব। কথা-বাৰ্তাত সতর্ক নহ'লে, কথাত উজুটি খাই অপ্রস্তুত হ'ব। ধর্মত মতি। 
সিংহঃ ৰাশিৰ আদ্যাক্ষ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১,৯।শুভ ৰং গুলপীয়া। কোনো ধর্মীয় মাংগলিক কর্মত ব্যস্ত থাকিব লগা হ'ব পাৰে। ব্যৱসায়ৰ কথা ভাবিছে যদি মনোযোগ দিয়ক, লাভৱান হ'ব। সাধাৰণ কথাতে লাগি কাৰো লগত মনোমালিন্য হ'ব পাৰে।
কন্যাঃ ৰাশিৰ আদ্যাক্ষৰ প,ঠ। শুভ কাৰক গ্রহ বুধ । শুভ সংখ্যা ৫,৭।শুভ ৰং সেউজীয়া । ৰাজহুৱা কামত ব্যস্ততা বাঢ়িব। আপোনাৰ কামৰ প্ৰতি গাফিলতি নাই বাবে আৰু নিষ্ঠাৰে সততাৰে কর্তব্য পালন কৰাৰ বাবে, আপোনাৰ ওপৰত কামন দায়িত্ব আৰু পৰিব।
তুলাঃ ৰাশিৰ আন্যাক্ষৰ ৰ,ত । কাৰক গ্রহ শুক্র , শনি । শুভ সংখ্যা ৬, ৭। শুভ ৰং কমলা। স্বাস্থ্য মধ্যম। ঘেঁৰো-গেঁৰো কৰি থাকিলে প্ৰাপ্য সুযোগ হাতৰ পৰা হেৰা পাৰে। সন্তানক লৈ চিন্তিত। আর্থিক দিশত ভালেই। ৰাজহুৱা কৰ্মৰ মাজেদি সুখ্যাতি।
বৃশ্চিকঃ ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্ৰহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং গেৰুৱা । আজি প্রায় ক্ষেত্রতে সুফল পাব। সন্তান প্রীতি বাঢ়িব। সংগীত, নৃত্য আদি কলাত মৌলিক প্ৰতিভাৰ স্ফুৰণ ঘটিব। খৰচৰ মাত্ৰা ঊর্ধ্বগতিত।
ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি,চন্দ্র। শুভ সংখ্যা ২,৩। শুভ ৰং ৰঙা। কর্মত উৎসাহ পাব।ব্যৱসায়-বাণিজ্যত মনোযোগ দিয়ক। প্ৰচুৰ উন্নতি। ধর্মত মতি।সম্ভৱস্থলত ভ্ৰমণৰ যো-জা।
মকৰঃ ৰাশিৰ আদ্যাক্ষৰ খ, জ । শুভ কাৰক গ্রহ শনি, শুক্র।শুভ সংখ্যা ৭, ৯। শুভ ৰং নীলা। আনৰ হিত সাধি ভাল পাব। বন্ধু-বান্ধৱৰ লগত ভালেই দেখায়। সামাজিক প্রতিপত্তি, মান-মর্যাদা অক্ষুণ্ণ থাকিব। কোনো শুভ সংযোগ লাভ । 
কুম্ভঃ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স । শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং কফি। কর্মক্ষেত্ৰত সকলোৰে পৰা আশা কৰা মতে সহযোগ পাব। পুৰণা দিনৰ কথা ৰোমন্থন কৰি ভাল পাব। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব ।
মীনঃ ৰাশিৰ আদ্যাক্ষৰ দ,চ। শুভ কাৰক গ্রহ শুক্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং গুলপীয়া। ঘৰুৱা জীৱনত দুই- এটা খুঁত খাত দেখায়। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা। কলা-সংস্কৃতিৰ প্রতি ধাউতি বাঢ়িব। উপস্থিত বুদ্ধিৰে বহু সমস্যা সহজে চম্ভালি ল'ব পাৰিব। অপ্ৰকাশ্য কোনো ইস্যময় কথাৰ বাবে চিন্তিত হ'ব।

Share This