মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১,৯। শুভ বং বেঙুনীয়া। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে সুখ-শান্তিৰে পাৰ হ'ব। পিতৃ-মাতৃ আপোনাক লৈ সুখী। ধর্মত মতি।
বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং কমলা। সামাজিক কামত জড়িত থাকি ভাল পাব। অবাঞ্ছিত খৰচ হ'ব। একাগ্রতা ৰাখিব পাৰিলে বিদ্যাত শুভ। সমস্যা সমাধানত ধৈর্য আৰু সহ্য গুণ প্রকাশ পাব।
মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ. ঘ। শুভ কাৰক গ্রহ ৰবি, বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং মুগা। ঘৰুৱা জীবন সুখ-স্বাচ্ছন্দ্যময়। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা। প্রাপ্যাদিত শুভ। সংগ দোষৰ পৰা সতর্ক থাকক। কলা-সংস্কৃতিৰ প্রতি ধাউতি বাঢ়িব। প্রেম প্রীতি লাভ।
কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড. হ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা। আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব। ব্যৱসায়তো উন্নতি। ক্ষেত্র বিশেষে বক্তৃতাদি দিয়াত পাণ্ডিত্য প্রতিভা প্রকাশ পাব। বিদ্যার্থীৰ বহুমুখী প্রতিভা।
সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম. ট। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভসংখ্যা ১.৯। শুভ ৰং বগা। স্বাস্থ্যৰ প্ৰতি অৱজ্ঞা নকৰিব। ঘৰত কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। ঘৰুৱা জীৱনত বুজাবুজি থাকিব। মনত এটা ভয় ভয় ভাব থাকিব।
কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ শনি, বুধ। শুভ সংখ্যা ৫, ৭। শুভ ৰং মুগা। মন উন্নত, উদাৰ, আনৰ প্ৰতি সহানুভূতিশীল। পিছে আপোনাৰ এই উদাৰতাৰ বাবে বহুখিনি সুবিধা হেৰাব পাৰে। বুদ্ধিজীৱীৰ সুখ্যাতি।
তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং বগা। ব্যৱসায়ত জড়িত যদি মনোযোগ দিয়ক, লাভৱান হ'ব। উপার্জন হ'লেও লগত খৰচৰ বাট লৈহে আহিব।
বৃশ্চিক: ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১.৯। শুভ ৰং ৰঙা। কোনো কথাত কাৰো লগত যাতে ভুল বুজাবুজি নহয়, লক্ষ্য ৰাখক। ভ্ৰমণৰ যো-জা। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব।
ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। ঘৰত কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। সৎ কামতে যথেষ্ট খৰচ হ'ব। ৰাশিত চন্দ্র, কেন্দ্রত চাৰিটা গ্রহ, শুভ কাৰক উভয়চৰী যোগ থকাত দিনটো ভালেই যাব।
মকৰঃ ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মণ্ডল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং কফি। ভ্রমণ হ'ব পাৰে। ঘৰুৱা জীৱন গতানুগতিক। বিবাহ প্রার্থীৰ বিবাহৰ যোগাযোগত শুভ। কলা-সংস্কৃতিৰ প্রতি ধাউতি। সন্তানৰ উন্নতি।
কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰ ৰঙা। এলাহ ভাবক প্রশ্রয় দিলে, কামৰ অগ্রগতিত বাধা পাব। কথা-বার্তাত সাবধান হ'ব। কথাত পিছল খাই অপ্রস্তুত হ'ব পাৰে।
মীন: ৰাশিৰ আদ্যাক্ষৰ দ. চ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা। স্বাস্থ্য মোটামুটি ভালেই। শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে উন্নত দিন। ধর্মীয় অনুষ্ঠানত জড়িত থাকিব লগা হ'ব। প্রেম প্রীতিত শুভ।