আজি সোমবাৰ, দিনটোৰ ৰাশিফল

Kakali Deka August 11, 2025

মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং বেঙুনীয়া। ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নত। কর্মত দক্ষতা প্রকাশ। কৰ্মৰ গুণতে সন্মানিত হ'ব। বিদ্যা-বুদ্ধিত ভালেই। খুব আশা নকৰিলেও যোগাযোগত কিছু উন্নত।

বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং মুগা। দিনটো আগুৱাই যোৱাৰ লগে লগে ক্রমে শৰীৰ আৰু মন যথেষ্ট ফৰকাল পাব। সংগীত, নৃত্য, নাটক, খেলা-ধূলা আদি কলাত যোগ্যতা প্রকাশ।

মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ, ৰবি। শুভ সংখ্যা ১, ৫। শুভ ৰং ৰূপালী। দাম্পত্য জীৱন সুখৰেই। বিয়া-বাৰুৰ যোগাযোগত শুভ। প্রেম বিবাহ হ'ব পাৰে। জেদা জেদি ভাব আহিলেও নিজৰ ভাব-গতি নিয়ন্ত্রণ কৰক। বিদ্যার্থীৰ বহুমুখী প্রতিভা।

কর্কট: ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্ৰহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং গেৰুৱা। আপোনাৰ ৰাশিত বুধাদিত্য যোগ, উভয়চৰী যোগ, ষটশূন্য যোগ আদি শুভ যোগ থকাত ঘৰুৱা জীৱনতে হওক বা ৰাজহুৱা জীৱনতে হওক, প্রতিপত্তি, মান-মর্যাদা আদি অটুট থাকিব।

সিংহ: ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং কফি। কোনো কাৰণত মন শংকিত হৈ থাকিব। ঘৰুৱা জীৱনত মজলীয়া ধৰণৰ অশান্তি হ'বও পাৰে। বিদ্যার্থীয়ে যত্ন লোৱাৰ প্ৰয়োজন। অবাঞ্ছিত খৰচ আৰু চিন্তা।

কন্যা: ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং সোণালী। কর্মত সহায়-সহযোগ পাব। হাতলৈ ধন আহিলেও লগত খৰচৰ বাট লৈহে আহিব। বিভিন্ন সমস্যাত বিব্রত হ'লেও আপুনি উপস্থিত বুদ্ধিৰ সহায়ত উপকৃত হ'ব।

তুলা: ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। সাহিত্য-সংস্কৃতিত মনোনিৱেশ কৰি ভাল পাব। নতুন বন্ধু লাভ। ঘৰুৱা পৰিৱেশ গতানুগতিক। প্রেম-প্রীতিত মধ্যম। কোনোৱে কৰ্মোন্নতিৰ সুযোগ পাব।

বৃশ্চিকঃ ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং গুলপীয়া। খৰচ-পাতিত হাত ধৰা টান হ'ব। মনো কোনো কাৰণত দুৰ্বল পাব। ঘৰুৱা সমস্যায়ো আমনি দিব। আপোনাৰ সহযোগত কোনো লোক উপকৃত হোৱাত সুখী হ'ব।

ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। কোনো মাংগলিক কৰ্মৰ যো-জা হ'ব পাৰে। শৰীৰ প্ৰায় ভালেই। বিবাহ প্রার্থীৰ বিবাহৰ যোগাযোগত শুভ। কৃষিজাত দ্রব্যৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি।

মকৰ : ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং কমলা। কৰ্মোন্নতিৰ সুযোগ মিলিব। প্রেম-প্রীতিত গতানুগতিক। দাম্পত্যত চিন্তা। ব্যৱসায়-বাণিজ্যত আশা কৰা মতেই ফল পাব। ভ্ৰমণৰ চিন্তা

কুম্ভ: ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং বাদামী। স্বাস্থ্য মোটামুটি ভালেই। পাৰিবাৰিক জীৱনত দুই-এটা খুঁত-খাত দেখায়। আর্থিক উন্নতিৰ যোগ। প্রৱাসত থকা সন্তানক লৈ চিন্তিত। শত্ৰুৰ পৰা সতৰ্ক থাকক।

মীন: ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং ক'লা। শৰীৰ মজলীয়া। কোনোৱে স্বাস্থ্যক লৈ চিন্তিত হ'বও পাৰে। কৰ্মত উৎসাহ পাব, মান-সন্মান অটুট থাকিব। শিক্ষক, অধ্যাপক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল।

Share This