সৰিয়হৰ ডুলিতে ভূত
Dainik janambhumi
September 28, 2024
ডিজিটেল ডেস্কঃ পৰম্পৰাগত লোকবিশ্বাস অনুসৰি ভূত-প্ৰেত বা আন অপদেৱতাই সৰিয়হক ভয় কৰে বুলি জনা যায়৷ সেই বাবেই আমাৰ গাঁৱলীয়া পৰম্পৰাত ভূতৰ পৰা কোনো অপকাৰ নহ’বলৈ লগত ৰখা হয়৷ গৰ্ভৱতী মহিলাই চাদৰৰ আগত সৰিয়হ বান্ধি থয়৷
নৱজাত শিশু থকা ঘৰৰ কোঠাত সৰিয়হ ছটিয়াই ৰখা হয় অপদেৱতাৰ পৰা ৰক্ষা পাবলৈ৷ এনে সৰিয়হ যেতিয়া ডুলিত ৰখা হয়, সেই ডুলিত আন পোক-পৰুৱা সোমালেও ভূতে বাহ ল’ব যে নোৱাৰে সেই কথা ঠিক৷ কাৰণ ভূতে সবাতোকৈ ভয় কৰা বস্তুবিধেই হ’ল সৰিয়হ৷ তেনে ভাবনাৰ পৰা উদ্ভৱ হৈছে এষাৰ আপ্তবাক্য– সৰিয়হৰ ডুলিত ভূত৷ অৰ্থাৎ এটা আশ্চৰ্যকৰ ঘটনা– য’ত যিটো হ’ব বুলি আশা কৰা নাযায় যদিহে সেই স্থানতে তেনে কোনো অভাৱনীয় অবাঞ্ছিত ঘটনা ঘটে, তাক আখ্যা দিয়া যাব– সৰিয়হৰ ডুলিতে ভূত৷
অসমত বিজেপি চৰকাৰ গঠন হোৱা দিন ধৰি এটা কথা নেতা-মন্ত্ৰীৰ মুখৰ পৰা সংবাদ মাধ্যমলৈ সকলোতে সঘনাই শুনা যায়, সেয়া হ’ল– নিকা প্ৰশাসন আৰু দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা৷ এই চৰকাৰে যোৱা সময়ছোৱাত দুনীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দুনীতিৰ বিৰুদ্ধে বহুত ব্যৱস্থা গ্ৰহণ কৰিছে৷ কোনো বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে উৎকোচ গ্ৰহণ কৰোঁতে হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰিছে, জে’ললৈ পঠাইছে ইত্যাদি৷ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে এনে কঠোৰ স্থিতিক ৰাইজে আদৰণি জনাইছে৷
কিন্তু একে সময়তে ৰাইজে এই কথাও লক্ষ্য কৰিছে যে চৰকাৰ চলোৱা দলৰ একাংশ নেতা-পালিনেতা, মন্ত্ৰী, নেতা-মন্ত্ৰীৰ পৃষ্ঠপোষকতা লাভ কৰা ব্যৱসায়ীৰ সম্পদ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷
এয়া স্বাভাৱিক বৃদ্ধি নহয়৷ সৎ আৰু উচিত উপায়েৰে এনে বৃহৎ পৰিমাণৰ অৰ্থ সম্পদৰ অধিকাৰী হোৱাৰ দৃষ্টান্ত একেবাৰে কম৷ অৰ্থাৎ ৰাইজৰ বাঃ বাঃ ল’বলৈ যদিও দেশত দুৰ্নীতি বিৰোধী চৰকাৰী তৎপৰতা চলি আছে, তাৰ সমান্তৰালকৈ একাংশ ৰাজনৈতিক নেতা-দালালৰ ছিণ্ডিকেটকে ধৰি নানা দালালি-দুৰ্নীতি চলি থকাৰ অভিযোগো আছে৷ ৰাজনৈতিকভাৱে শক্তিশালী একাংশ দলীয় নেতা-কৰ্মীয়েও নানা দুৰ্নীতিমূলক, অপৰাধমূলক কামত জড়িত থকাৰ অভিযোগ দলিয়াই পেলাব পৰা নহয়৷ তাৰে এটি শেহতীয়া উদাহৰণ হ’ল– দিছপুৰৰ ৰাজধানী চৌহদত এজন জ্যেষ্ঠ মন্ত্ৰীৰ চেম্বাৰত একাংশ ভুৱা বিষয়াক লৈ, কাৰ্যালয় চলাই থাকি ধন সংগ্ৰহ কৰি ধৰা পৰা শাসক দলৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণজনৰ কাৰ্যকলাপ৷
ইতিমধ্যে অসম আৰক্ষীৰ অপৰাধ শাখাই এইজন নেতাক গ্ৰেপ্তাৰ কৰিছে৷ ৰাজনৈতিক ক্ষমতাক ব্যৱহাৰ কৰি ঠগ-প্ৰবঞ্চনাৰে সামগ্ৰী যোগানৰ ঠিকা আবণ্টনৰ নামত ইতিমধ্যে এইজন লোকে অসমৰ বাহিৰৰ ব্যৱসায়ীৰ পৰা বহু কোটি আত্মসাৎ কৰিছে৷ সেই সন্দৰ্ভত এজন ব্যৱসায়ীয়ে দিছপুৰ থানাত দিয়া এফ আই আৰৰ পাছতহে এই প্ৰবঞ্চকজনক গ্ৰেপ্তাৰ কৰা হয়৷ ৰাজধানী হ’ল ক্ষমতাৰ কেন্দ্ৰ৷ মন্ত্ৰী একোজনৰ হাতত বহু ক্ষমতা ন্যস্ত থাকে৷ সেই স্থান সুৰক্ষিত আৰু সকলো সন্দেহ-সংশয়ৰ ঊধবৰ্ত বুলি ধৰা হয়৷
তাত ঠগ-প্ৰবঞ্চনাৰ অভিযুক্ত অৰ্থাৎ ভূতে বাহ বান্ধিব– সেই কথা আশা কৰা নাযায়৷ অৰ্থাৎ সুৰক্ষিত সেই স্থান অৰ্থাৎ সৰিয়হৰ ডুলিতে এতিয়া ভূত ওলাল৷ এই ঘটনাই চৰকাৰৰ শিথিলতা আৰু দুৰ্বলতা উদঙাই দিছে৷
ইয়াৰ আগতেও বাজপেয়ী ভৱনত চাকৰি, নিযুক্তি আদিৰ বিষয়ত একাংশ দলীয় কম¹য়ে কিছু দুষ্কাৰ্য কৰাৰ অভিযোগ উঠিছিল৷ এগৰাকী বিজেপি নেত্ৰীয়ে আত্মহত্যা কৰিব লগা হোৱাৰ দৰে গৰ্হিত কাৰ্য সংঘটিত হৈছিল৷ কিন্তু যদিহে অভিযুক্তসকল শাসক দলৰ নেতা-কৰ্মী বা আন ধৰণৰ আশীৰ্বাদপুষ্ট লোক হয়, তেন্তে আমাৰ আৰক্ষী সেইসকলৰ প্ৰতি অলপ নৰম হয়৷ কেনেবাকৈ যদি অভিযুক্ত ব্যক্তি বিৰোধী দল বা চৰকাৰ আৰু শাসক দলৰ অপ্ৰিয় লোক হয়, তেন্তে আৰক্ষীৰ তৎপৰতা অধিক তীব্ৰ হয়৷ আৰক্ষীৰ কাৰোবাক দেখি ৰন্ধা-বঢ়া আৰু কাৰোবাক দেখি দুৱাৰ মৰা ধৰণৰ নীতিয়ে অপৰাধ নিয়ন্ত্ৰণৰ সহায়ক হ’ব নোৱাৰে৷
ৰাজনীতি হ’ল দেশ পৰিচালনা আৰু প্ৰশাসনৰ ব্যৱস্থাক নিয়ন্ত্ৰণ কৰাৰ এটা প্ৰক্ৰিয়া৷ নিৰ্বাচনৰ জৰিয়তে ৰাইজৰ সমৰ্থন লাভ কৰি কোনো এটা ৰাজনৈতিক দলে বা মৰ্চাই শাসন ক্ষমতা দখল কৰে৷ এই ক্ষমতাৰ যোগেদি সকলো কথাই নিয়ন্ত্ৰণ কৰে৷ কিন্তু এটা ৰাজনৈতিক দলে প্ৰাপ্ত ক্ষমতা কেনেকৈ প্ৰয়োগ কৰিব লাগিব আমাৰ সংবিধানত তাৰ স্পষ্ট ৰূপৰেখা আছে৷ ক্ষমতা ৰাইজৰ কল্যাণৰ বাবে প্ৰয়োগ নকৰি যদি নেতা-মন্ত্ৰীসকলে নিজৰ ব্যক্তিগত আৰু বংশ পৰিয়াল, কোনো অনুগত লোক আদিক নানা সা-সুবিধাৰ ব্যৱস্থা কৰিবলৈহে প্ৰয়োগ কৰে, তেন্তে সেই চৰকাৰ, সেই নেতা-মন্ত্ৰী ৰাইজৰ সেৱকৰূপী চোৰ বা ডকাইতহে হৈ পৰিব৷ আমাৰ বৰ্তমানৰ ধনতান্ত্ৰিক ব্যৱস্থাত ৰাজনীতি হৈ পৰিছে একোখন বজাৰ৷
ইয়াত ধনৰ ব্যয় বা বিনিয়োগ হৈছে ৰাইজৰ সমৰ্থন ক্ৰয় কৰিবৰ বাবেহে৷ নানা আঁচনি-উপঢৌকনৰ চমক সৃষ্টি কৰি সমস্যা জৰ্জৰ ভোটাৰক আকৰ্ষিত কৰা আৰু তেওঁলোকৰ সমৰ্থনেৰে পুনৰ পাঁচ বছৰৰ বাবে ক্ষমতা দখল কৰা৷ এক ধৰণৰ পাঁচবছৰীয়া স্বেচ্ছাচাৰিতা৷ যদিহে প্ৰশাসনৰ প্ৰণালী আৰু নীতি সংবিধান সন্মত আৰু ন্যায়সংগত নহয়, তেন্তে তাত দুৰ্নীতিৰূপী ভূতে বাহ ল’বই৷ সেই ভূত শাসক দলৰ কোনো শাখাৰ বিষয়ববীয়াও হ’ব পাৰে নাইবা নেতা-মন্ত্ৰীও হ’ব পাৰে৷ সৰিয়হৰ ডুলিত থকা বা ক্ষমতা কেন্দ্ৰত থকা এনে দুৰ্নীতিকাৰী ভূতে দেশ বা সমাজৰ কল্যাণ কৰিব নোৱাৰে৷ কাৰণ তেওঁলোকৰ নিহিত স্বাৰ্থ থাকে৷ নেতা-মন্ত্ৰীসকলৰ কাম-কাজৰ প্ৰতি সজাগ নাগৰিকে সতৰ্ক দৃষ্টি ৰাখিব লাগে৷
Share This