আজিৰ সম্পাদকীয়, জন্মৰ হাৰ....
Dainik Janambhumi
December 03, 2024
ডিজিটেল ডেস্কঃ আমাৰ সমাজত প্ৰচলিত এটা বিশ্বাস– জন্ম, মৃত্যু, বিবাহৰ কথা কোনেও ক’ব নোৱাৰে৷ পুৰুষানুক্ৰমে দেখি অহা উদাহৰণ, ঘটি অহা ঘটনাক্ৰম আৰু অভিজ্ঞতাৰ ভিত্তিত এই বিশ্বাস সমাজত ইমানেই দৃঢ় হৈ গৈছে যে ইয়াৰ সত্যাসত্যৰ আধাৰ কিম্বা বৈজ্ঞানিক ব্যাখ্যাৰ কোনেও প্ৰয়োজন বোধ কৰা দেখা নাযায়৷ কিছুমান দম্পতীৰ সন্তান জন্মৰ হাৰ মাত্ৰাধিক বেছি আৰু কিছুমানে এটা সন্তান বিচাৰি হাবাথুৰি খাব লগা হয়৷ আজিকালি বহু দম্পতীয়ে প্ৰাকৃতিকভাৱে সন্তান জন্ম দিয়াত দীৰ্ঘ সময় ব্যৰ্থ হোৱাৰ বাবে ব্যয়বহুল কৃত্ৰিম প্ৰজনন আই ভি এফ পদ্ধতিৰ আশ্ৰয় লোৱা দেখা গৈছে৷ আধুনিক সমাজ ব্যৱস্থাত বেছিভাগ যুৱক-যুৱতীৰ বাবে বিবাহতকৈ জীৱনৰ মূল লক্ষ্যটো হৈছে নিজৰ কেৰিয়াৰ গঢ়া৷ ভাল সংস্থাপন এটাৰ প্ৰত্যাশাৰে যুৱক-যুৱতীসকলে যৌৱনৰ বেছ কিছু সময় শিক্ষা গ্ৰহণ বা প্ৰশিক্ষণত ব্যয় কৰে৷ সংস্থাপনৰ এটা স্থিৰতা প্ৰাপ্তিৰ পাছত যেতিয়া বিবাহত বহে তেতিয়ালৈ সেই দম্পতীৰ এপাল ল’ৰা-ছোৱালী জন্ম দিয়াৰ মানসিকতাও নাথাকে, শাৰীৰিক ক্ষমতাও নাথাকে৷ তদুপৰি, চাকৰিয়াল বা অন্যভাৱে সংস্থাপিত মহিলা এগৰাকীয়ে কিমান বেছি সন্তান জন্ম কিম্বা লালন-পালনৰ কথা ভাবিব পাৰে!
এনে এটা পৰিৱেশ আৰু মানসিকতা বৰ্তি থকা অৱস্থাতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মহাৰাষ্ট্ৰৰ নাগপুৰত যোৱা দেওবাৰে এটা অনুষ্ঠানত কয় যে জাতি হিচাপে বাছি থাকিবলৈ হ’লে ভাৰতীয় দম্পতীসকলে কমেও তিনিটাকৈ সন্তান জন্ম দিব লাগিব৷ সংঘৰ মুৰব্বীগৰাকীয়ে ইয়াৰ সমৰ্থনত দিয়া ব্যাখ্যাটো হ’ল গড়ে ২.ৰ জন্মৰ হাৰৰ জাতিবিলাক পৃথিৱীৰ বুকুৰ পৰা নোহোৱা হৈ যাব বুলি জনসংখ্যা বিজ্ঞানে কৈছে৷ বিশ্বৰ বহু ভাষা, বহু সামাজিক গোট এনেকৈয়ে নোহোৱা হৈ যোৱাৰ বহু উদাহৰণ আছে৷ মোহন ভাগৱতৰ বক্তব্য হয়তো যুক্তিযুক্ত হ’ব পাৰে, কিন্তু যি সময়ত তেখেতে এই কথাখিনি কৈছে সেই সময়ত আমাৰ দেশৰ জনসংখ্যা প্ৰায় এক কোটি তিয়াল্লিশ লাখ৷ এয়া হৈছে দেশৰ জনসংখ্যাৰ বিস্ফোৰণৰ সময়৷ চীনকো চেৰ পেলাই ভাৰত এতিয়া বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ৷ তেতিয়াহ’লে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে ইয়াতকৈও বৃহৎ জনসংখ্যা বিচাৰিছে নেকি? চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ কথা কথা কৈ আছে; এনে অৱস্থাত আৰ এছ এছে ভাৰতীয় জাতি নিঃশেষ হোৱাৰ আশংকাত প্ৰত্যেক দম্পতীয়ে ৩টাকৈ সন্তান জন্ম দিয়াৰ পোষকতা কৰিছে৷ ভাৰতীয় বুলি ক’লেও আৰ এছ এছৰ মুৰব্বীগৰাকীৰ ভাষ্যৰ অন্তৰ্নিহিত বাৰ্তাটো বুজা কঠিন নহয়৷ ভাৰতৰ জনসংখ্যা বৃদ্ধি পাই গৈ থাকিলেও হিন্দুসকলৰ সংখ্যা কমি গৈ আছে৷ প্ৰাপ্ত পৰিসংখ্যা মতে ১৯৫০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত দেশত হিন্দুৰ জনসংখ্যা জ্জ.৮২ণ কমাৰ বিপৰীতে মুছলমান জনসংখ্যা ৪৩.১৫ণ বৃদ্ধি পাইছে৷
এই সময়খিনিত দেশত খ্ৰীষ্টান, শিখৰ জনসংখ্যাও বাঢ়িছে, আনকি বৌদ্ধ ধৰ্মীয় লোকৰ সংখ্যাও সামান্য পৰিমাণে হ’লেও বৃদ্ধি পাইছে৷ কিন্তু হিন্দুৰ লগে লগে কমিছে জৈন ধৰ্মাৱলম্বীৰ জনসংখ্যা৷ হিন্দু-জৈনৰ জনসংখ্যা কমা বা বৌদ্ধ ধৰ্মীয় লোকৰো জনসংখ্যা বৃদ্ধি প্ৰায় স্থবিৰ হৈ পৰাৰ কথাই সংঘ পৰিয়ালক উদ্বিগ্ন কৰা স্বাভাৱিক৷ সেই অৰ্থতে হয়তো তেওঁলোকে জাতি বিনাশ ঘটাৰ আশংকা কৰিছে৷ কিন্তু আমাৰ সমাজ ব্যৱস্থাটোত কিছুমান পৰিয়ালৰ বাবে সন্তান জন্ম এনেকুৱা নহয় যে অন্য প্ৰাণীৰ দৰে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে জন্ম দিয়ে থাকিব! শাৰীৰিক সক্ষমতাৰ প্ৰশ্নটো আছেই, তাৰ লগে লগে সন্তানৰ ভৱিষ্যতৰ চিন্তাত প্ৰায়বোৰ পৰিয়াল সংকুচিত হৈ থাকে৷ আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে আহ৩ান জনালেও বৰ্তমান ভাৰতীয় মহিলাৰ প্ৰজনন হাৰ ২.১২২৷ যোৱা ২০২০ বৰ্ষৰ পৰা পৰিসংখ্যা চালে দেখা যায় যে এই হাৰ কমি গৈ আছে৷ তদুপৰি, এই দিশত অন্য এক উদ্বেগজনক পৰিসংখ্যা হ’ল জননক্ষমতাহীনতা৷ ২০২২ বৰ্ষৰ তথ্য মতে, আমাৰ দেশত ২৭.প্ত নিযুত জননক্ষমতাহীন মানুহ আছে৷ এই সকলো দিশলৈ চাই এটা কথাই ক’ব পাৰি যে জাতি ৰক্ষাৰ স্বাৰ্থত সন্তান বৃদ্ধিৰ হাৰ যদি বৃদ্ধি কৰিবলগীয়া হয়, তেনেহ’লে সেই বিষয়টো কেৱল আহ৩ানতে সীমাবদ্ধ থাকিলে নহ’ব৷ ভাৰতীয় মূলসুঁতিৰ জনসাধাৰণৰ জনসংখ্যা কমি যোৱাৰ কাৰণবোৰৰ বিশ্লেষণ হ’ব লাগিব আৰু সক্ষম দম্পতীবিলাকৰ সন্তান বৃদ্ধিৰ ক্ষেত্ৰত থকা সমস্যাবিলাকৰ সমাধান কেনেকৈ হ’ব তাৰ মীমাংসা কৰাৰ দায়িত্ব অকলে পৰিয়ালটোক ল’বলৈ এৰি নিদি এটা সামাজিক সমৰ্থন ব্যৱস্থা গঢ়ি তুলিব পাৰিব লাগিব৷
আজিৰ প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ বেছি বয়সত বিবাহত বহিবলগীয়া হোৱাৰ বাধ্যবাধকতাবোৰ কি তাকো বিবেচনা কৰিব লাগিব৷ বৰ্তমানৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰিয়ালবিলাকত সন্তান জন্মৰ পৰা সেই সন্তানক ‘মানুহ’ কৰালৈকে যন্ত্ৰণা কিমান সেয়া ভুক্তভোগীসকলেহে বুজি পায়৷ সেয়েহে, নৱ প্ৰজন্মৰ বহু দম্পতীয়ে সন্তান জন্ম পৰ্বটো এৰাই চলা পৰিলক্ষিত হয়৷ এই সকলো এতিয়া সামাজিক সমস্যা, কেৱল ব্যক্তিৰ সমস্যা নহয়৷ গতিকে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘয়ো সেই দিশেৰে বিষয়টোৰ সমাধানৰ চিন্তা-চৰ্চা কৰা উচিত৷
Share This