ঘোচখোৰ বিষয়া-কর্মচাৰী

dainik janambhumi September 17, 2025

পুনৰ এবাৰ প্ৰশাসনিক বিষয়াৰ দুর্নীতিৰ ঘটনাই তোলপাৰ লগাইছে ৰাজ্য। চাকৰি লাভ কৰাৰ মাত্র ছটা বছৰতে অগাধ সম্পত্তিৰ গৰাকী হোৱা এইগৰাকী এ চি এছ বিষয়া শেহতীয়াভাৱে আৰক্ষীৰ জালত পৰিছে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চলোৱা অভিযানত কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্র বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

 

ৰাজহ চক্র বিষয়াগৰাকীৰ গুৱাহাটীৰ বাসগৃহৰ লগতে বৰপেটাৰ ভাৰাঘৰত লাখ লাখ টকাৰ লগতে প্রায় ২ কোটি টকা মূল্যৰ অলংকাৰ জব্দ কৰে। পৰিস্থিতি এনে পর্যায় পায়গৈ যে গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা ধন গণনা কৰিবলৈ আৰক্ষীয়ে ষ্টেট বেংকৰ সহায় বিচাৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। প্লাষ্টিকৰ টুলীত উদ্ধাৰ হোৱা ধন হিচাপ কৰিবলৈ মেচিন ব্যৱহাৰ কৰিবলগীয়া অৱস্থা হয়। আৰক্ষীয়ে ফ্লেটটোৰ পৰা মুঠ ৮২ লাখ টকা জব্দ কৰে। আনহাতে প্রশাসনিক বিষয়াগৰাকীৰ বৰপেটাৰ ভাৰাঘৰৰ পৰাও ১০ লাখ টকা জব্দ কৰা হয়। প্রণিধানযোগ্য যে দুর্নীতিগ্রস্ত ৰাজহ চক্র বিষয়াগৰাকীয়ে মিছন বসুন্ধৰাৰ জৰিয়তে বিগত কেইবাবছৰ ধৰি ব্যাপক ভূমি জালিয়াতি কৰি আহিছিল। চৰ অঞ্চলৰ ভূমিৰ নামতো ধনৰ বিনিময়ত নামজাৰি কৰাৰ অভিযোগ আছে। ইয়াৰ উপৰি তেওঁ হিন্দু লোকৰ ভূমি জালিয়াতিৰে সন্দেহজনক লোকক হস্তান্তৰ কৰা, সত্ৰৰ ভূমি জালিয়াতিৰে আনৰ নামত বিক্ৰী কৰা, ধনৰ বিনিময়ত মাদ্রাছাৰ নামতো ভূমি বিক্ৰীৰ অনুমতি দিয়াৰ অভিযোগ আছে। আনকি ধন নহ'লে একো কাম কৰি নিদিয়াৰ অভিযোগো আছে। তেওঁ প্রতিটো কামৰ বাবে 'মূল্য নির্ধাৰণ' কৰি ৰখাৰো অভিযোগ উঠিছে। উল্লেখ্য যে বিগত ২০১৯ বৰ্ষৰ ১৭ জানুৱাৰীত এ চি এছ বিষয়াগৰাকীয়ে ২০২৩ বৰ্ষৰ ১৮ জুনত ৰাজহ চক্র বিষয়া হিচাপে বৰপেটাত যোগদান কৰিছিল। ইয়াৰ পূৰ্বে ২০১৯ চনৰ ২ মাৰ্চৰ পৰা সহকাৰী আয়ুক্ত হিচাপে কার্বি আংলঙত কৰ্মৰত হৈ আছিল। মাত্র কেইদিনমান পূর্বে তেওঁ গৰৈমাৰীলৈ বদলি হৈ আহিছিল।

 

আয়ৰ সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত আজি একাংশ ৰাজনৈতিক নেতা, চৰকাৰী বিষয়া-কর্মচাৰীৰ বাবে দুর্নীতি সংঘটিত কৰাটো যেন তেনেই সহজ কথা। কোৰোণাৰে ধন চপাই কোনোবাই জনসেৱাৰ নামত একাংশই নিজৰ জেপ গধুৰ কৰে। আনহাতে দায়িত্ব পালনৰ নামত ঘোচ অবিহনে কোনো কাম নকৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে। চৰকাৰী ব্যৱস্থাত এই সকলৰ বাবে দুর্নীতি যেন তেওঁলোকৰ সহচৰ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰাৰ কথা বাৰে বাৰে সকীয়াই দি অহাৰ পাছতো এইদৰে নির্লজ্জভাৱে দুর্নীতিত লিপ্ত হোৱাটো চৰম দুর্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে আনকি ৰাজহ চক্র বিষয়াসকলক এবাৰ সম্বোধন কৰি তেওঁলোকৰ কাৰ্যালয়ত পিতৃ-মাতৃৰ ফটো ৰাখিবলৈ আহ্বান জনাইছিল। ইয়াৰ উদ্দেশ্য আছিল পিতৃ-মাতৃৰ ফটোৰ সন্মুখত যাতে এইসকল বিষয়াই দুর্নীতিত লিপ্ত নহয়। কিন্তু এই আহ্বানৰ প্রতি ভ্রূক্ষেপেই নকৰিলে বিষয়াগৰাকীয়ে। অৱশ্যে এইগৰাকী বিষয়া বুলিয়েই নহয়, বিগত সময়ছোৱাত ৰাজ্যৰ প্রান্তে প্রান্তে ভালেমান বিষয়া-কর্মচাৰীয়ে টেবুলৰ তলেৰে উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে। ঘোচ লোৱাৰ অপৰাধতে ক'ৰবাত যদি আবকাৰী অধীক্ষক, ক'ৰবাত আকৌ ৰেঞ্জাৰ আৰু লাট মণ্ডল গ্ৰেপ্তাৰ হৈছে। দুর্নীতি নিবাৰক শাখাই তেওঁলোকক হাতে-লোটে ধৰা ফটো ছ'চিয়েল মিডিয়া ঘূৰি ফুৰিছে। তথাপি নির্লজ্জ এওঁলোক। কোটি বা লাখ নহয়, মাত্র ৫০০ টকা উৎকোচ লৈও এইখন অসমত গ্রেপ্তাৰ হৈছে বহুকেইজন ৰাজ্যিক বিষয়া-কর্মচাৰী। আইনৰ ৰক্ষক আৰক্ষীও পৰিছে জালত। দুর্নীতি প্রতিৰোধৰ বাবে তদাৰকী আৰু দুর্নীতি নিবাৰক শাখা সদায় সষ্টম হৈ থাকিব লগীয়াতো কম কথা নহয়। স্বচ্ছ আৰু নিকা ভাবমূৰ্তিৰ বাবে চৰকাৰে যিমানেই নকৰক কিয় এইধৰণৰ ঘটনা ঘটিয়েই আছে। বিজেপি চৰকাৰৰ দিনত সম্পূৰ্ণ স্বচ্ছতাৰে নিযুক্তি প্রক্রিয়া সম্পন্ন হোৱা বুলি চৰকাৰখনে মেলে-মিটিঙে দম্ভালি মাৰি থকাৰ সময়তে এইধৰণৰ বিয়াগোম কেলেংকাৰিয়ে উদঙাই দিছে গণতন্ত্ৰত ৰাইজে আশা-ভৰসাৰে নিৰ্বাচিত কৰা চৰকাৰ এখনে ৰাইজক কেনেকৈ আভুৱা-ভাঁৰে। বহু সময়ত দুর্নীতি প্রতিৰোধৰ প্রতিশ্রুতি ৰাজনৈতিক দল বা চৰকাৰ এখনৰ বাবে এটা ইছ্যুহে মাত্র। স্বচ্ছ প্রশাসন, দুর্নীতি নির্মূল বা দুর্নীতিবিহীন সমাজ গঢ়া বিষয়টো ৰাজনৈতিক আৰু সামাজিক চেতনাৰ সৈতে সম্পৃক্ত। ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাতেই দেশত সর্বাধিক দুর্নীতি হয়, ৰাজহুৱা ধনৰ আত্মসাৎ হয়। ৰাইজে কৰ দিয়ে চৰকাৰক, কৰৰ ধন ব্যয় হয় জনকল্যাণত। কিন্তু দুর্নীতি-অনিয়ম কৰাসকলৰ পেটলৈ যায় জনকল্যাণৰ এটা বৃহৎ অংশ। স্বাধীনতাৰ ৭৮টা বর্ষ পূৰ্ণ কৰা ভাৰতৰ দৰে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ এখনত এতিয়াও দুর্নীতি এটা ডাঙৰ ব্যাধি। ভাৰতৰ উন্নয়ন, বিকাশ বা কল্যাণৰ প্ৰধান অন্তৰায়ো চৰকাৰী ব্যৱস্থাত অব্যাহত থকা দুর্নীতি। হয়তো দুর্নীতিকাৰীয়ে নতুন পন্থা লৈছে, কিন্তু দুর্নীতি কমা নাই। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোট, তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ অহৰহ নিৰীক্ষণৰ পাছতো একাংশ চৰকাৰী বিষয়া-কর্মচাৰীয়ে ঘোচ ল'বলৈ নেৰাটো বা তেনে কাম কৰিবলৈ কুণ্ঠাবোধ নকৰাটো সঁচাকৈয়ে আশ্চৰ্যকৰ। দুর্নীতি প্রতিৰোধ তেতিয়াহে সম্ভৱ যেতিয়া দুর্নীতিগ্রস্তৰ মানসিকতা সলনি হ'ব। অর্থাৎ তেওঁলোকে নিজেই কু-কর্ম বাদ দিব লাগিব। অৱশ্যে তুলনামূলকভাৱে দুর্নীতি-কেলেংকাৰি চৰকাৰী কাৰ্যালয়সমূহত নিয়ন্ত্ৰণ কৰাত প্রশাসন ব্যৱস্থা সফল নোহোৱা বুলিও ক'ব নোৱাৰি। ফাইলৰ মেৰপেঁচ যিমানেই নোহোৱা হ'ব, দুর্নীতি সিমানেই কমি আহিব। ৰাজ্য চৰকাৰে ইতিমধ্যে প্রশাসনীয় ব্যৱস্থাত ডিজিটেলাইজেশ্যনত অধিক গুৰুত্ব দিছে। এখন টেবুলৰ পৰা আন এখন টেবুললৈ ফাইল বিনিময়ত লৰচৰৰ পৰম্পৰা এই ব্যৱস্থাই বহুখিনি নিয়ন্ত্রণ কৰিব বুলি আশা কৰা হৈছিল যদিও দুর্নীতি এই পর্যন্ত কমা নাই। একো একোগৰাকী দায়িত্বশীল ব্যক্তিয়েই যদি দুর্নীতিৰ পৃষ্ঠপোষক হৈ পৰে, তেন্তে দুর্নীতি নির্মূল কোনোকালে সম্ভৱ নহয়।

Share This