ডিজিটেল ডেস্ক : ভাৰতীয় সমাজ প্রাচীন কালৰে পৰা বিভাজিত সমাজেই আছিল। ভাষা, নৃগোষ্ঠী, সংস্কৃতি-লোকাচাৰ, ধৰ্ম আদিৰ বহুত্বৰে পৰিপূৰ্ণ ভাৰতীয় সমাজত ধর্মভিত্তিক বিভাজনহে অধিক ক্রিয়াশীল আৰু নেতিবাচক বুলি প্রতিপন্ন হৈ আহিছে। ভাৰতীয় ধর্ম বিশেষকৈ হিন্দু নাইবা সনাতন বুলি আখ্যায়িত ৰূপটোৰ মূল আধাৰেই হৈছে বিভাজন। এই বিভাজনক বর্ণ বা চতুবর্ণ বিভাজন বোলা হয়। এই চতুবর্ণ বিভাজনৰ উপৰি আদিবাসী, অনুসূচিত জাতি-গোষ্ঠী, যাক অস্পৃশ্য আখ্যা দিয়া হয় সেইসকল পঞ্চম, বৰ্ণৰূপে পৰিগণিত। গীতা-ভাগৱত আদি শাস্ত্রই বৈধতা তথা ন্যায্যতা দিয়া এই বৰ্ণ ব্যৱস্থাৰ বৈশিষ্ট্য হ'ল হিন্দু সমাজক প্রথমে উচ্চ আৰু নিম্ন দুটা বর্ণত বিভাজিত কৰিছে। সামাজিক-ধৰ্মীয় দিশৰ উপৰি বৰ্ণবাদৰ এটা অর্থনৈতিক দিশো আছে। কাৰণ বর্ণবাদে হিন্দু সমাজক বিশেষ অধিকাৰসম্পন্ন বা Privileged আৰু বঞ্চিত বা Deprived দুটা অংশত বিভাজিত কৰিছে। মনুস্মৃতিয়ে নিম্ন বৰ্ণক দাসৰ দৰে কেবল শ্ৰম কৰাৰ কথাহে কৈছে- তেওঁলোকক সম্পদ আৰু অস্ত্ৰ ধাৰণৰ অধিকাৰ দিয়া হোৱা নাই। হিন্দুৰ বৰ্ণ সমাজত ঘৃণা-বিদ্বেষ হ'ল এটা অতি সুলভ প্রবণতা।
উচ্চ বর্ণ আৰু নিম্ন বৰ্ণ পৰস্পৰৰ সান্নিধ্যৰ পৰা নিলগত থাকে। নিম্ন বৰ্ণৰ লোকৰ শ্ৰমৰে উৎপন্ন শস্য গ্রহণ কৰাত বাধা নাই। আনকি গৰুৰ মূত্ৰ পানতো বাধা নাই। কেৱল শূদ্ৰৰ হাতেৰে যদি এগিলাচ বিশুদ্ধ খোৱাপানীও গ্রহণ কৰা হয় তেন্তে প্রায়শ্চিত্ত হ'ব লাগিব। স্বাভাৱিকতে তেনেধৰণৰ প্ৰৱণতাৰে একে ধৰ্মৰ মানুহৰ মাজত ঐক্য আৰু সংহতি ত্বৰান্বিত কৰিব পৰা নাযায়। এনে ধৰণৰ বিশ্বাস আৰু কু-সংস্কাৰসমূহে যেতিয়া গা কৰি উঠিছিল, তাৰ কু-প্ৰভাৱ চৌদিশে বিয়পি পৰিছিল, সেই সময়ত ভাৰতবৰ্ষলৈ মুছলমান অহাই নাছিল। তাৰো আগতে হিন্দু সন্ত ধৰ্মগুৰু, ৰজাসকলে ভাৰতৰ মাটিত উদ্ভৱ হোৱা বৌদ্ধ ধৰ্মৰ বিৰুদ্ধে যুঁজিছিল। বৌদ্ধ ধৰ্মৰ বৰ্ণবাদ আৰু পুৰোহিতন্ত্ৰৰ বিৰোধিতাৰ বাবে সেই ধৰ্মৰ অনুগামীসকলক আক্ৰমণ কৰি খেদিছিল। বর্ণবাদ এখন ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰতবৰ্ষ গঢ়ি উঠাৰ পথত প্রতিবন্ধক হৈ পৰিছিল। আনহাতে, উচ্চ বৰ্ণসকলৰ মাজত থকা অভ্যন্তৰীণ আৰু স্বাৰ্থজড়িত দ্বন্দ্বৰ বাবেই বহু ক্ষুদ্র ক্ষুদ্র ৰাজ্যৰ সৃষ্টি হৈছিল। তুর্কী-আফগানী-ইৰানী-গজনি আদিৰ পৰা পৰৱৰ্তী কালত ভাৰতৰ বিৰুদ্ধে যি অভিযান চলিছিল- সেই অভিযানসমূহক সংঘবদ্ধভাৱে প্রতিহত কৰিব নোৱৰাৰ বাবেই ভাৰতবৰ্ষত মধ্য প্রাচ্যৰ শক্তিসমূহে দখল কৰিব পাৰিছিল। ব্রিটিছ অহাৰ আগলৈকে এই দেশ চলাব পাৰিছিল। ভাৰতবৰ্ষৰ জনসংখ্যাৰ গৰিষ্ঠ অংশই হ'ল বৰ্ণ ব্যৱস্থাৰ তলফালে অৱস্থান কৰা বিভিন্ন জাতি-গোষ্ঠী-সম্প্রদায়সমূহ। ড° আম্বেদকাৰে হিন্দুৰ বৰ্ণ ব্যৱস্থাক সংৰক্ষণ ব্যৱস্থাৰ লগত তুলনা কৰিছে, য'ত উচ্চ বৰ্ণৰ বাবে সংৰক্ষিত বিশেষাধিকাৰ আৰু অন্যান্যসকলৰ বাবে সংৰক্ষিত থাকে বঞ্চনা। এচাম লোকে যুগ যুগ ধৰি শিক্ষা আৰু অন্যান্য সামাজিক সা-সুবিধা, মিলামিছাৰ পৰা বঞ্চিত হৈ থাকি তাকেই তেওঁলোকৰ ভাগ্য বুলি ভাবিবলৈ বাধ্য হৈছে। প্রাচীন তথা মধ্যযুগীয় চিন্তাধাৰা, জীৱন ধাৰাৰ পৰিৱৰ্তন অবিহনে ওপৰৰ পৰা জাপি দিয়া সামাজিক পৰিৱৰ্তন স্থায়ী হ'ব নোৱাৰে। হিন্দু ৰজাৰ পাছত মুছলমান শাসকৰ দিনত বৰ্ণ ব্যৱস্থাৰ কিছু শিথিলতা আহিল যদিও বৰ বেছি দুৰ্বল হৈ পৰা নাছিল। কিন্তু ব্ৰিটিছ অহাৰ লগে লগে ইউৰোপীয় উদাৰনৈতিক ৰাজনৈতিক চেতনাৰ পোহৰ পৰিল। ব্ৰিটিছ শাসকে দেশৰ পিছপৰা বা পাছ পেলাই যোৱা জনগোষ্ঠীসমূহৰ লোককো যোগ্যতা অনুসৰি নিয়োগৰ ব্যৱস্থা কৰিলে। শিক্ষাৰ প্ৰসাৰৰ লগে লগে পিছপৰা সম্প্ৰদায়সমূহৰ মাজতো অধিকাৰ চেতনাৰ উন্মেষ ঘটিল। ইয়াৰ বিপৰীতে দীর্ঘকাল ধৰি দেশ-প্রশাসন-আমোলাতন্ত্র আদিত প্ৰভাৱ আৰু নিয়ন্ত্ৰণ ৰক্ষা কৰা উচ্চ বৰ্ণৰ একাংশ লোকৰ মাজত পূৰ্বৰ স্থিতাৱস্থা বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহি পৰিল। স্বাধীনতা সংগ্ৰামৰ পটভূমিতে ড° বি আৰ আম্বেদকাৰে দাবী তুলিলে জাতি-গোষ্ঠীসমূহৰ মুঠ জনসংখ্যাত যাৰ যি শতকৰা হাৰ সেই অনুসৰি পদ আৰু অন্যান্য সা-সুবিধা সংৰক্ষিত থাকিব লাগে। ব্ৰিটিছ ভাৰতত পৃথক নির্বাচক মণ্ডলীৰ দাবীৰ পৰিণতি। হিন্দু-মুছলমান আৰু অস্পৃশ্য সম্প্রদায়: এই তিনি বৰ্গত ভাৰতীয়ক বিভাজিত কৰিছিল। ইয়াৰ ফলত হিন্দুৰ গৰিষ্ঠ অংশই 'অস্পৃশ্য' বৰ্গৰ অন্তর্ভুক্ত হোৱাত বর্ণ হিন্দু শ্রেণী সংখ্যালঘুত পৰিণত হৈছিল। এই ব্যৱস্থা প্রত্যাহাৰ কৰাৰ দাবীতে গান্ধীয়ে পুনা চেন্ট্রেল জে'লত কৰা আমৰণ অনশনৰ বাবেহে সেই যাত্ৰাত হিন্দুসকল পুনৰ বিভাজিত হোৱাটো বন্ধ হ'ল। এই কৃতিত্ব গান্ধীৰহে, আৰ এছ এছ বা হিন্দু মহাসভাৰ নহয়।
যোৱা কিছুবছৰ ধৰি ৰাহুল গান্ধী, অখিলেশ যাদব, তেজস্বী যাদৱ আদিয়ে জাতিগত জনগণনাৰ প্ৰশ্নটো সজোৰে উত্থাপন কৰি আহিছে। ইয়াৰ বিপৰীতে বিজেপি দলে এই প্রশ্ন এৰাই চলিছে। বিহাৰত নীতিশ কুমাৰৰ তৎপৰতাত এই গণনা হৈ গ'ল। এতিয়া নিৰ্বাচনৰ বতৰ আহিছে- বিহাৰত-উত্তৰ প্ৰদেশত। তেনে এক পৰিস্থিতিত ইয়াক বিৰোধীয়ে নিৰ্বাচনী ইছ্যু কৰি তোলাৰ আশাতেই বিজেপিয়ে জাতিগত জনগণনাত অনুমোদন দিলে। ইয়াৰ জৰিয়তে পহলগামৰ ব্যৰ্থতাৰ কথাও সাময়িকভাবে লুকাই পৰিব। জনগোষ্ঠীসমূহৰ সংখ্যা আৰু তাৰ বিপৰীতে লাভ কৰা জনপ্রতিনিধিত্ব তথা উন্নয়নৰ এখন চিত্ৰ স্পষ্ট হৈ ওলাই পৰিব। সেই ফালৰ পৰা ই এক আদৰণীয় পদক্ষেপ। লোকপিয়লৰ পাছত ভাৰতৰ সমষ্টিৰ সংখ্যা পুনৰ নিৰ্ধাৰণ আৰু সংখ্যা বৃদ্ধিৰ কথাও আহি পৰিব। কিন্তু পৰিতাপৰ কথা এয়ে যে আমাৰ অসমত দুটাকৈ পিয়ল সম্পন্ন নোহোৱাকৈয়ে আৰু পুৰণা তথ্যৰ ভিত্তিতে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ল। দেশৰ উন্নয়ন ত্বৰান্বিত কৰা, তৃণমূল পর্যায়ত লুকাই থকা দুর্বলতাসমূহ বিচাৰি উলিয়াবলৈকে জনগণনাৰ জৰুৰী প্ৰয়োজন।