আজিৰ সম্পাদকীয়,ৰক্ষাকৱচ.....

Dainik Janambhumi November 12, 2024


ডিজিটেল ডেস্কঃ  মুখ্যমন্ত্ৰী ড॰দহিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নিশা সামাজিক মাধ্যম ‘ফে’চবুক’ত এটা ‘লাইভ’ অনুষ্ঠানত কৈছে যে এতিয়া অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ সময়৷ ৬ নং দফা মানেই সহজ অৰ্থত বুজি পোৱা শব্দ দুটা হ’ল ‘অসমীয়াৰ ৰক্ষাকৱচ’৷ সাংবিধানিকভাৱে এই ৰক্ষাকৱচ দিয়াৰ প্ৰতিশ্ৰুতি ১৯৮৫ চনৰ চৈধ্য আগষ্টৰ মাজনিশা সদৌ অসম ছাত্ৰ সন্থাৰ আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদৰ সৈতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক ‘অসম চুক্তি’ত দিয়া হৈছিল৷ কেনেকৈ অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ দিয়া হ’ব দফাটোত তাৰ বিশদ ব্যাখ্যা নথকা হেতুকে আজিলৈকে তাৰ বেমেজালি দূৰ হোৱা নাই৷ আটাইতকৈ গুৰুতৰ কথাটো হৈছে ‘অসমীয়া’ শব্দটোক লৈয়ে আজিলৈকে স্পষ্ট সিদ্ধান্ত এটা ল’ব পৰা হোৱা নাই৷ বৃহত্তৰ অসমীয়াৰ অন্তৰ্ভুক্ত বহু জাতি-জনগোষ্ঠীয়ে ‘অসমীয়া’ ধাৰণাটোক নিৰ্দিষ্ট কেইটামান সম্প্ৰদায়ক বুজাবলৈ ব্যৱহৃত শব্দ বুলি ধৰি লোৱাৰ পৰিপ্ৰেক্ষিতত ‘অসমীয়া’ কোন তাৰ স্পষ্ট মীমাংসা এটাত উপনীত হ’ব নোৱৰা বাবে চাৰিটা দশকে অসম চুক্তিৰ সাংবিধানিক ৰক্ষাকৱচৰ প্ৰসংগটো ওলমি থাকিল৷ এতিয়া যেনিবা ‘ৰক্ষাকৱচ’ৰ প্ৰয়োজনীয়তাক সকলোৱে বেছিকৈয়ে উপলব্ধি কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত ‘অসমীয়া’ শব্দটোক অতি সতৰ্কতাৰে একাষৰীয়া কৰি ৰাখি খিলঞ্জীয়া শব্দটোৰ ব্যৱহাৰক প্ৰাধান্য দিবলৈ বিভিন্ন পক্ষই চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ সেয়েহে অসমীয়া ‘ৰক্ষাকৱচ’টো এতিয়া ‘খিলঞ্জীয়াৰ ৰক্ষাকৱচ’লৈ ৰূপান্তৰিত প্ৰায় হৈছেই আৰু এই শব্দ দুটাক বৃহত্তৰ অসমীয়াৰ অন্তৰ্ভুক্ত সকলোৱে গ্ৰহণ কৰা দেখা গৈছে৷ এনেদৰে ‘অসমীয়া’ক গাপ দি ‘খিলঞ্জীয়া’ৰ উত্থান ঘটাই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এই মিশ্ৰিত জাতিসত্তাৰ অস্তিত্ব ৰক্ষা সম্ভৱ হ’ব নে নহয় সেই প্ৰশ্ন ৰৈ যাব যদিও সংঘাত এৰাই চলাৰ স্বাৰ্থত এনেকুৱা সৰলীকৰণকে মানি লৈ আগবাঢ়িবলৈ চেষ্টা কৰাই বুদ্ধিমানৰ কাম বুলি হয়তো সকলোৱে গণ্য কৰিছে৷ এতিয়া প্ৰশ্নটো হ’ল ‘ৰক্ষাকৱচ’ অসমৰ খিলঞ্জীয়া জাতিসত্তাসমূহক চৰকাৰে কেনেকৈ দিব? ইতিমধ্যে সাংবিধানিক ক্ষমতা ভাগ-বাটোৱাৰা কৰা দি অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিতিয়ে দিয়া ৬৭টা পৰামৰ্শ ইতিমধ্যে তিনিটা ভাগত বিভক্ত কৰা হৈছে৷ ইয়াৰে এটা ভাগৰ ৰূপায়ণৰ সম্পূৰ্ণ ক্ষমতা ৰাজ্য চৰকাৰৰ, এটা ভাগ কেন্দ্ৰীয় চৰকাৰৰ থকা বুলি আৰু এটা ভাগ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মিলি ৰূপায়ণ কৰিব পাৰিব বুলি ইতিপূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছিল৷ এতিয়া ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীগৰাকী এই দিশত কেনেকৈ আগবাঢ়ে সেইটো লক্ষণীয় হ’ব৷ মূল কথাটো হৈছে ইয়াৰ খিলঞ্জীয়া জাতিসত্তাসমূহৰ অস্তিত্ব ৰক্ষা তেতিয়াহে সম্ভৱ হ’ব, যদি নিজস্ব ৰাজনৈতিক ক্ষমতা থাকে, নিজস্ব ভাষা-সংস্কৃতি অক্ষুণ্ণ হৈ থাকে আৰু অৰ্থনৈতিক নিয়ন্ত্ৰণ নিজৰ হাতত থাকে৷ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন সমিতিখনে এই তিনিওটা দিশ সামৰিবলৈ সক্ষম হৈছে নে নাই সেইটোও বিচাৰ্যৰ বিষয়৷ ইফালে, ৬ নং দফাৰ চৰ্চা কেন্দ্ৰীয় বিষয় হৈ পৰাৰ লগে লগে অসম চুক্তিৰ তথা অসম আন্দোলনৰ মূল বিষয়– অবৈধ বিদেশী নাগৰিকৰ বিষয়টো তল পৰি যায়৷ অসমত থকা অবৈধ বিদেশী নাগৰিকসকলক কি কৰা হ’ব? তেওঁলোকক বহিষ্কাৰ কৰাৰ কিবা বিশেষ ব্যৱস্থা লোৱা হ’বনে নে ইয়াতে থাকিবলৈ দিয়া হ’ব সেই দিশটোত চৰকাৰে সদায় মুখ বন্ধ কৰি ৰাখে৷ নাগৰিকপঞ্জীয়নৰ কি হ’ব সেইটোও ৰহস্যাবৃত হৈ আছে৷ ইফালে, উচ্ছতম ন্যায়ালয়ে অসমৰ ক্ষেত্ৰত ১৯৭১ চনৰ ২৫ মাৰ্চক ভিত্তি বৰ্ষৰ মৰ্যাদা দিয়াৰ পাছত এই বিষয়টোক লৈ নতুন এক পৰিৱেশো গঢ় লৈ উঠা দেখা গৈছে৷ কেইবাটাও খিলঞ্জীয়া সংগঠনে ৰায়টোৰ বিৰোধিতা কৰি নতুনকৈ সংগ্ৰাম আৰম্ভ কৰাৰ চেষ্টা কৰা দেখা গৈছে৷ 
তেওঁলোকে পুনৰ ন্যায়িক যুদ্ধত নমাৰো হুংকাৰ দিছে৷ এনে অৱস্থাত অবৈধ বিদেশী বিষয়টো কেতিয়াকৈ আৰু কেনেকৈ নিষ্পত্তি হ’ব, ইয়াত থকা অবৈধ বিদেশীসকলৰ সামাজিক পৰিচয় কি হ’ব সেয়া থিৰাং নোহোৱাকৈ খিলঞ্জীয়াৰ সুৰক্ষাৰ দিশটো অনি(য়তাত থাকি যাব৷ আনহাতে, জনজাতিকৰণৰ বিষয়টোও একাংশ খিলঞ্জীয়াৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত এটা গুৰুত্বপূৰ্ণ বিষয়৷ আহোম, মৰাণ, মটক, কোচ-ৰাজবংশী, চুতীয়া, চাহ জনগোষ্ঠীয় সম্প্ৰদায়সমূহৰ উপৰি শেহতীয়াকৈ কলিতাসকলেও জনজাতিৰ মৰ্যাদা বিচাৰিছে৷ মূলতঃ ৰাজনৈতিক সুৰক্ষা আৰু সংস্থাপনকে ধৰি অন্যান্য চৰকাৰী সা-সুবিধাসমূহত সংৰক্ষণ জনজাতিকৰণৰ দাবীৰ মূল উদ্দেশ্য৷ কিন্তু ইয়াতো সংঘাত সৃষ্টি হৈছে৷ বৰ্তমানৰ সাংবিধানিকভাৱে স্বীকৃত জনজাতিসমূহে ৰাজ্যত অধিক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াটো নিবিচাৰে৷ ইয়াৰ বিপৰীতে জনজাতিকৰণৰ দাবী তুলি অহাসকলেও ভাবে যে জনজাতিকৰণৰ মৰ্যাদাহে তেওঁলোকৰ বাবে যথোচিত ৰক্ষাকৱচ হ’ব৷ এনেকুৱা এক সংঘাতপূৰ্ণ আৰু জটিল অৱস্থাৰ মাজত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰখনে ৬ নং দফাৰ ৰূপায়ণৰ প্ৰত্যাহ্বান কেনেকৈ গ্ৰহণ কৰে৷ কেনেকৈ ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ সুৰক্ষা সমস্যাটো সমাধান কৰে, সেইটো চাবলগীয়া হ’ব৷

Share This