আজিৰ সম্পাদকীয়,ভাৰতৰ কূটনীতি...

DainikJanambhumi September 27, 2024

 

 

ডিজিটেল ডেস্কঃ মধ্য প্ৰাচ্যৰ যুদ্ধখনে গুৰুতৰ ৰূপ ধাৰণ কৰা, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধখনো দীঘলীয়া হৈ এটা

অনিশ্চয়তাপূৰ্ণ অৱস্থাত উপনীত হোৱা, চীন-টাইৱানৰ সম্পৰ্কৰো ক্ৰমাৎ অধিক অৱনতি ঘটাকে

ধৰি বিশ্বত সাম্প্ৰতিক যি উত্তেজনাপূৰ্ণ পৰিস্থিতি বিৰাজ কৰি আছে, সেই অৱস্থাত আমাৰ দেশৰ

নেতৃবৰ্গই বিবদমান পক্ষসমূহৰ লগত সমতাপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ যি কূটনৈতিক ভূমিকা পালন

কৰিছে সেয়া যথেষ্ট বিচক্ষণতাপূৰ্ণ বুলিয়েই ক’ব লাগিব৷ তৃতীয়টো কাৰ্যকালত দায়িত্ব গ্ৰহণ কৰাৰ

পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা বিদেশ ভ্ৰমণসূচী আৰু বিভিন্ন স্থানত বিভিন্ন নেতাৰ

সৈতে কৰা দ্বিপাক্ষিক আলোচনাবিলাকলৈ লক্ষ্য কৰিলেই ভাৰতীয় কূটনীতিৰ চাতুৰ্য সম্পৰ্কে

ধাৰণা কৰিব পৰা যায়৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকত বা অন্য প্ৰচাৰ মাধ্যমবিলাকতো ভাৰতীয়

নেতৃবৰ্গৰ কূটনৈতিক বিচক্ষণতাক প্ৰশংসা কৰা হৈছে৷ কেইদিনমান পূৰ্বে চাৰিখন শক্তিশালী ৰাষ্ট্ৰ

ক্ৰমে আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতক লৈ গঠিত মঞ্চ ‘কোৱাড’ৰ শীৰ্ষ সন্মিলন আৰু

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা আমেৰিকা

ভ্ৰমণক ভাৰতীয় কূটনীতিৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায় বুলি এটা সংবাদ মাধ্যমত অভিমত ব্যক্ত

কৰিছে বৈদেশিক বিষয়ৰ এগৰাকী বিশেষজ্ঞ ৰবীন্দৰ সচদেৱে৷ তেওঁ কৈছে যে মোদীয়ে তৃতীয়টো

কাৰ্যকালৰ দায়িত্ব লোৱাৰ পিছতে ভাৰতৰ বৈদেশিক নীতিৰ ‘গীয়েৰ’ডাল সলনি হৈছে৷ এতিয়া ভাৰতে

বিশ্বৰ বৃহৎ প্ৰত্যাহবানবিলাকৰ সমাধানৰ বাবে ভূমিকা পালন কৰিবলৈ আগবাঢ়ি গৈছে৷ সচদেৱে

বিশেষকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধখনৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক লৈ উল্লিখিত মন্তব্য কৰিছে৷

যথাৰ্থতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধখনক লৈ মোদীৰ শেহতীয়া ভূমিকা এগৰাকী সাহসী নেতাৰ দৰেই

বুলি ক’ব লাগিব৷ প্ৰথমতে ৰাছিয়ালৈ গৈ তাৰ ৰাষ্ট্ৰপতি পুটিনৰ লগত মোদীয়ে কৰা আলোচনা, দুয়ো

নেতাৰ আলিংগনে বিশ্বক এটা বাৰ্তা দিলে৷ আমেৰিকা, ইউক্ৰেইনৰ লগতে ‘নাটো’ভুক্ত দেশসমূহ

ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভূমিকাত অসন্তুষ্ট হোৱাটো স্বাভাৱিক৷ কিন্তু পিছ মুহূৰ্ততে চতুৰ

মোদী গ’ল ইউক্ৰেইনলৈ৷ তাত ভলদিমিৰ জেলেনস্কিৰ লগত একেই আলিংগন৷ লগে লগে দৃশ্যপট সলনি

হৈ গ’ল৷ পুটিন আৰু জেলেনস্কি দুয়োগৰাকী নেতাই এতিয়া মোদীৰ ওপৰত ভাৰসা কৰিবলৈ লৈছে৷

পুটিনেতো কৈয়েই দিছে যে ৰাছিয়া ইউক্ৰেইনৰ সৈতে আলোচনাত বহিবলৈ সাজু, যদিহে এই আলোচনাৰ

মধ্যস্থতা ভাৰতৰ লগতে চীন আৰু ব্ৰাজিলে কৰে৷ আনহাতে মোদী আৰু জেলেনস্কিৰ মাজত যোৱা ৩

মাহত তিনিখন বৈঠক অনুষ্ঠিত হৈছে৷ ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন বৈৰী ৰাষ্ট্ৰই ভাৰতক এনেদৰে

বিশ্বাসত লৈ এটা শান্তিপূৰ্ণ মীমাংসাৰ বাবে দায়িত্ব অৰ্পণ কৰাটো কম কথা নহয়৷ দুয়োখন ৰাষ্ট্ৰৰ

ভ্ৰমণৰ পিছত মোদীৰ আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব যে অধিক বৃদ্ধি পালে তাৰ উমান পোৱা যায় পৰৱৰ্তী

ঘটনাক্ৰমত৷ মোদীৰ উক্ত ভ্ৰমণৰ পিছতে ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত ভাৰতৰ নিৰাপত্তা

উপদেষ্টা অজিত ডোভালৰ সৈতে চীনৰ বৈদেশিক মন্ত্ৰীজনৰ এক আকস্মিক আৰু গুৰুত্বপূৰ্ণ

আলোচনা অনুষ্ঠিত হয়৷ সেই আলোচনাৰ পিছতে চীনে লাডাখৰ গালৱান উপত্যকাৰ পৰা যথেষ্ট

 

সংখ্যক সেনা প্ৰত্যাহাৰৰ খবৰ ওলাইছে আৰু দুয়ো ৰাষ্ট্ৰৰ তৰফৰ পৰা ইয়াৰ সত্যতা স্বীকাৰো কৰা

হৈছে৷ ইফালে মোদীয়ে এইবাৰ আমেৰিকা ভ্ৰমণ কৰাৰ সময়ত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে মোদীক

দিয়া গুৰুত্বও আছিল বিশেষভাৱে লক্ষণীয়৷ বাইডেনে এইবাৰ মোদীক উইলমিংটনৰ ডেলাৱাৰেত থকা

তেওঁৰ বাসভৱনত আতিথ্য দিয়ে৷ প্ৰায় এঘণ্টা ধৰি তাত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক আৰু

আন্তঃৰাষ্ট্ৰীয় বিষয়বোৰ আলোচনা কৰে৷ সেই আলোচনাতে বাইডেনে মোদীক আশ্বাস দিয়ে যে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য পদ লাভৰ ক্ষেত্ৰত আমেৰিকাই ভাৰতক সমৰ্থন

কৰি যাব৷ এই আলোচনাৰ পিছতে ৰাষ্ট্ৰসংঘত দিয়া ভাষণত মোদীয়ে নিৰাপত্তা পৰিষদত ভাৰতৰ

স্থায়ী সদস্যপদৰ দাবী সজোৰে উত্থাপন কৰে৷ মোদীয়ে স্পষ্ট ভাষাতে কয় যে আন্তঃৰাষ্ট্ৰীয়

মঞ্চবিলাকৰ গাঁথনিৰ সালসলনি নঘটালে বিশ্বৰ সমস্যাবিলাকৰ সমাধান সম্ভৱ নহ’ব৷ এনেদুৱা

কূটনৈতিক চতুৰালিয়ে ভাৰতক নিৰাপত্তা পৰিষদত স্থায়ী আসন লাভৰ বাবে কৰি অহা দাবীক এক

শক্তিশালী পৰ্যায়ত উপনীত কৰোৱা বুলি ধাৰণা কৰিবৰ থল আছে৷ এইবাৰৰ মোদীৰ আমেৰিকা

ভ্ৰমণৰ আন এটা উল্লেখযোগ্য দিশ হ’ল, নিউয়ৰ্কত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰে বাৰ্তালাপ৷

ইজৰাইল এতিয়া ভাৰতৰ বিশ্বস্ত বন্ধু৷ ইজৰাইল-গাজা, ইজৰাইল-লেবাননৰ সংঘাতে এক গুৰুতৰ ৰূপ

ধাৰণ কৰাৰ সময়ত পেলেষ্টাইনী ৰাষ্ট্ৰপতিগৰাকীৰে বাৰ্তালাপত মিলিত হৈ তথা অধিক মানৱীয়

সাহায্য প্ৰদানৰ আশ্বাস দি মুছলমান ৰাষ্ট্ৰবিলাকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল মোদী৷

উল্লিখিত ঘটনাৱলী যোৱা দুটা মাহত সংঘটিত হোৱা যদিও ইয়াৰ পৰাই অনাগত দিনবোৰত ভাৰতৰ

বৈদেশিক নীতি তথা কূটনৈতিক ভূমিকা কিমান আগ্ৰাসী হ’ব পাৰে তাৰ ইংগিত পোৱা যায়৷ ইতিমধ্যে

সামৰিক আৰু অৰ্থনৈতিক সামৰ্থ্যৰ দিশৰ পৰা ভাৰত এছীয়-প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰবোৰৰ

মাজত তৃতীয় ‘ছুপাৰ পাৱাৰ’ত পৰিণত হৈছেই৷ এতিয়া ভাৰতৰ লক্ষ্য বিশ্বৰ ‘ছুপাৰ পাৱাৰ’ত পৰিণত

হোৱা৷ যথেষ্ট সাহসেৰে ভাৰতে আগবঢ়োৱা কূটনৈতিক চালবিলাক সফল হ’লে আৰু সঁচাকৈয়ে আশা কৰা

ধৰণে ভাৰতে বিশ্বই সন্মুখীন হোৱা গুৰুতৰ প্ৰত্যাহ্বানবোৰৰ সমাধানৰ পথ দেখুৱাবলৈ সক্ষম হ’লে

‘বিশ্ব গুৰু’ৰ আসনত বহাৰ মোদী চৰকাৰৰ সপোন ফলিয়াবলৈ বেছিদিন নালাগিব৷

Share This