আজিৰ সম্পাদকীয়,দেৱালীৰ মিঠাই
Dainik Janambhumi
November 01, 2024
ডিজিটেল ডেস্কঃ মিঠাই ভাৰতীয় বিশ্বাসত আনন্দ আৰু সুখানুভূতিৰ প্ৰতীক৷ ঘৰুৱা, সামাজিক উৎসৱেই হওক বা অন্য উপলক্ষ্য, ৰাজনীতিয়েই হওক বা কূটনীতি সৰ্বত্ৰ মিঠাই এক অপৰিহাৰ্য অংশ৷ ভাৰতীয়সকলে কাৰোবাক সন্মান জনাবলৈ, ধন্যবাদ দিবলৈ আৰু অন্য কোনো লোকৰ পৰা পোৱা প্ৰত্যক্ষ বা পৰোক্ষ সহায়ৰ স্বীকৃতি দিবলৈ প্ৰায়ক্ষেত্ৰতে মিঠাই ব্যৱহাৰ কৰা দেখা যায়৷ উৎসৱবিলাকত, বিশেষকৈ দেৱালীত মিঠাইৰ ব্যৱহাৰৰ গুৰুত্বৰ বা ব্যাপকতাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ আমাৰ জাতীয় উৎসৱ দুয়োটা বিহু ক্ৰমে বহাগৰ ৰঙালী আৰু মাঘৰ ভোগালী বিহুলৈকে নাচাওঁ কিয়৷ স্থানীয়ভাৱে প্ৰস্তুত কৰা প্ৰায়বোৰ লাড়ু-পিঠাই আচলতে একো একোবিধ মিঠাই৷ আজিকালি অসমীয়া সমাজৰ এচামৰ মাজত ব্যাপক ৰূপ ধাৰণ কৰা গণেশ পূজাৰ মূল প্ৰসাদবিধেই হৈছে লাড়ু৷ বিশেষকৈ বুন্দিয়াৰ লাড়ু৷ যিকোনো শুভক্ষণত বা শুভ উপলক্ষত হিন্দীভাষী লোকৰ মাজত দুটা খণ্ডবাক্য নুশুনা মানুহ কম ওলাব, সেই দুটা হ’ল ‘মুহ মিঠা কিজিয়ে’, কুচ মিঠা হো যায়ে’৷ ঘৰখনলৈ নৱজাতক আহিলে, গাড়ী বা অন্য কিবা মূল্যৱান সম্পদ কিনিলে, তাক উদ্যাপনৰো একমাত্ৰ মাধ্যম মিঠাই৷ এনেকৈ ভাৰতীয় জীৱনত মিঠাইৰ অপৰিহাৰ্যতা পদে পদে প্ৰতিপন্ন হৈ আহিছে৷ দেৱালীত মিঠাইৰ ব্যৱহাৰৰ ব্যাপকতাই এতিয়া কি ৰূপ পাইছেগৈ সেয়া নক’লেও হয়৷ পূৰ্বতে আমাৰ অসমীয়া সমাজত বৰকৈ পৰিলক্ষিত নহ’লেও এতিয়া দেৱালীত ইজনে সিজনক মিঠাইৰ টোপোলা উপহাৰ দিয়া এক নতুন পৰম্পৰা আৰম্ভ হৈছে আমাৰ সমাজ জীৱনৰ একাংশৰ মাজত৷ এইবোৰ শুভ পৰম্পৰা, নতুন-পুৰণিৰ কথা নাই৷ সামৰ্থ্য অনুসৰি কোনোবাই কাৰোবাৰ মুখত মিঠাই এটা গুঁজি দি আনন্দ লভিছে, আশীৰ্বাদ পাইছে তাক আদৰণি জনোৱাই উচিত৷
এনেকুৱা শুভ পৰম্পৰাই ৰাজনৈতিক ক্ষেত্ৰখনক ব্যাপকভাৱে সাঙুৰিয়েই কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰলৈও ইতিমধ্যে ই প্ৰসাৰিত হৈছে৷ বিশ্বৰ আটাইতকৈ শক্তিধৰ দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ আৱাস তথা প্ৰশাসনীয় কেন্দ্ৰ হোৱাইট হাউছত দেৱালী উদ্যাপনে ক্ৰমান্বয়ে ব্যাপকতা লাভ কৰিছে৷ এই উপলক্ষে মিঠাইৰো গুৰুত্ব বাঢ়ি আহিছে৷ এইবাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হোৱাইট হাউছত ইতিহাসৰ সৰ্ববৃহৎ দেৱালী উদ্যাপন কৰি কেনেকৈ ছশ বিশিষ্ট নেতা, অভ্যাগতক মিঠাইৰে আপ্যায়ন কৰিলে, তাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ ২০০৯ চনত তদানীন্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই দেৱালী উদ্যাপন আৰম্ভ কৰাৰ পাছৰ পৰা হোৱাইট হাউছত সেই উৎসৱ চলি আহিছে আৰু এইবাৰ ই বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ ইচ্ছাত সৰ্ববৃহৎ ৰূপ ধাৰণ কৰে৷ এয়া হৈছে কূটনৈতিক সম্পৰ্ক বিস্তাৰৰ এটা মাধ্যম৷ আমেৰিকাত ভাৰতীয়ৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে৷ আনহাতে আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ গুৰুত্বও এতিয়া বিশ্বই স্বীকাৰ কৰিছে৷ এই দুয়োটা দিশক মান্যতা দিয়াৰ বাবেই ৰাষ্ট্ৰপতি বাইডেনে দেৱালীক উপলক্ষ্য হিচাপে লৈ ইয়াৰ উদ্যাপনৰ ব্যাপকতাত গুৰুত্ব প্ৰদান কৰে৷ এইবাৰৰ দেৱালীত মিঠাইৰ কূটনীতিয়ে কেৱল যে আমেৰিকাই চমক দেখুৱাইছে এনে নহয়, ভাৰত-চীনৰ সম্পৰ্কতো এক নতুন মাত্ৰাৰ সংযোজন ঘটাইছে৷ ইয়াৰ আগলৈকে চিৰবৈৰী ৰাষ্ট্ৰ ভাৰত-পাকিস্তানৰ সৈন্যৰ মাজত আৰু ভাৰত- বাংলাদেশৰ সীমান্তৰক্ষীৰ মাজত মিঠাইৰ বিনিময় হৈছিল৷ যোৱা বৰ্ষত ভাৰত-পাক সীমান্তৰ কেতবোৰ স্থানত অজ্ঞাত কাৰণত মিঠাই বিনিময়ত বিজুতি ঘটিলেও ভাৰত-বাংলাদেশৰ সীমান্তৰক্ষীৰ ক্ষেত্ৰত এই শুভেচ্ছামূলক পৰম্পৰা অব্যাহত আছে৷ এই পৰম্পৰাত নতুন মাত্ৰা প্ৰদান কৰিছে চীন-ভাৰতৰ নতুন সম্পৰ্কৰ অধ্যায়ে৷ দেৱালী উপলক্ষে বৃহস্পতিবাৰে ভাৰত-চীনৰ এল অ’ চি অৰ্থাৎ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ কেইবাটাও ‘পইণ্ট’ত ভাৰত-চীনৰ সেন্যই মিঠাই বিনিময় কৰি পোহৰৰ উৎসৱ উপলক্ষে পৰস্পৰে পৰস্পৰক শুভেচ্ছা জনায়৷ পূৰ্বেও কিছুমান উপলক্ষ্যত ভাৰত-চীনৰ সৈন্যৰ মাজত মিঠাই বিনিময় হ’লেও এইবাৰৰ পৰিৱেশ বেলেগ৷ ১৯৬২ চনৰ যুদ্ধৰ পাছৰ পৰা দুয়োখন ৰাজ্যৰ সম্পৰ্কৰ অৱনতি ঘটিছিল৷ ২০২০ চনত পূব লাডাখত দুয়োপক্ষৰ সৈন্যৰ মাজত হতাহতি হোৱাৰ ফলত ৰাষ্ট্ৰ দুখনৰ অৱশিষ্ট সম্পৰ্কৰো উদ্বেগজনকভাৱে অৱনতি ঘটিছিল৷ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ পৰিৱৰ্তন, বিশেষকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধখনক কেন্দ্ৰ কৰি কেতবোৰ বিশেষ ঘটনাপ্ৰৱাহৰ প্ৰভাৱত ভাৰত-চীনৰ সম্পৰ্কৰ যোৱা কেইটামান দিনত অভাৱনীয়ভাৱে পৰিৱৰ্তন ঘটিছে৷ উল্লিখিত যুদ্ধখনে আমেৰিকা আৰু পশ্চিমীয়া কিছুমান দেশৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক তিক্ত কৰি তোলাৰ বিপৰীতে ভাৰতৰ লগত ৰাছিয়াৰ বন্ধুত্ব আৰু ব্যাৱসায়িক সম্পৰ্ক যথেষ্ট উন্নত হৈ পৰে৷ এই ৰাছিয়াৰ মধ্যস্থতাতে ভাৰত-চীনৰ সম্পৰ্কই নতুন মাত্ৰা লাভ কৰিছে৷
পূব লাডাখৰ দুটা স্থানত যুযুধান ৰূপত অৱস্থান কৰা দুয়োপক্ষৰ সৈন্য সেই স্থান এৰি আঁতৰি গৈছে৷ দুয়োপক্ষৰ বুজাবুজিৰ ভিত্তিত সীমান্তত দুয়োপক্ষৰ সৈন্যৰ সমান্তৰাল টহল বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে৷ এই নতুন ব্যৱস্থাৰ সূচনা হৈছে দুয়োপক্ষৰ সৈন্যৰ মাজত দেৱালী উপলক্ষে মিঠাই বিনিময়ৰ জৰিয়তে৷ মিঠায়ে দুজন ব্যক্তিৰ, দুটা পক্ষৰ সম্পৰ্কক কেনেকৈ ঘনিষ্ঠ কৰিব পাৰে তাৰ প্ৰকৃষ্ট উদাহৰণ ইয়াতকৈ কি হ’ব পাৰে! দেৱালীৰ মিঠাইৰ এই আদৰ আৰু মহত্ত্ব যুগ-যুগলৈ অব্যাহত থাকক৷ মিঠায়ে কেৱল মুখেই নহয়, সম্পৰ্ককো মধুৰ কৰি তোলে৷ এনেদৰেই মিঠায়ে মানুহৰ মুখ মিঠা কৰি ৰাখক, সম্পৰ্কবোৰো মধুৰ কৰি ৰাখক৷ দেৱালীৰ মিঠাইৰ বাৰ্তাও সেয়াই৷
Share This