আজিৰ সম্পাদকীয়,উৎসৱ আৰু পৰিৱেশ প্ৰদূষণ
Dainik Janambhumi
November 02, 2024
ডিজিটেল ডেস্কঃ শাৰদীয় বতৰ উৎসৱৰ বতৰ৷ বিশ্বকৰ্মা পূজাৰ পৰাই আৰম্ভ হয় শাৰদীয় উছৱৰ বতৰ৷ আজিকালি অৱশ্যে তাৰো কিছুদিন পূৰ্বে গণেশ চতুৰ্থী উৎসৱ তথা পূজা নতুনকৈ যোগ হৈছে৷ শাওণ মাহৰ ‘বলবম’ আৰু ভাদৰ শেষৰ গণেশ চতুৰ্থী উৎসৱৰ আগতে অসমত ইমান ব্যাপকতা নাছিল৷ এয়া পৰৱত¹ কালত উত্তৰ-পশ্চিম ভাৰতৰ পৰা অসমত প্ৰভাৱ পৰা উৎসৱৰ ধাৰা৷ শাৰদীয় বতৰৰ শেষ উৎসৱ হ’ল ৰাসলীলা৷ অঞ্চল বিশেষে আকৌ ৰাস পূজাও পতা হয়৷ বিশ্বকৰ্মা পূজা, গণেশ চতুৰ্থী পূজা, শাৰদীয় দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা আদিত মৃন্ময় মূৰ্তি বা প্ৰতিমা পূজা কৰা হয়৷ বিশ্বকৰ্মা পূজা ব্যাপকভাৱে উদ্যাপন কৰা হয়৷ ইয়াৰ মূৰ্তিৰ সংখ্যাও সেইবাবে তুলনামূলকভাৱে বেছি৷ দুৰ্গা পূজাৰ প্ৰতিমাত আকৌ একেলগে পাঁচগৰাকী দেৱ-দেৱীৰ মূৰ্তি থাকে৷ লক্ষ্মী পূজাৰ সংখ্যা তুলনামূলকভাৱে কম৷ কাৰণ উত্তৰ ভাৰতীয় আৰু পশ্চিম ভাৰতীয়সকলে দ্বীপান্বিতাৰ দিনাহে লক্ষীপূজা কৰে৷ সেই পূজাৰ মৃন্ময় প্ৰতিমা নাথাকে৷ আনহাতে, সেইদিনা পূব ভাৰতৰ বঙালী আদিসকলে কালীপূজা উদ্যাপন কৰে৷ আমি আলোচনা কৰা ৰাসলীলাৰ বাহিৰে আন সকলো পূজা-পাৰ্বণত মূৰ্তি পূজা কৰা হয়৷ সৰস্বতী পূজাৰ পাছতেই সাধাৰণতে মূল পূজাৰ পৰ্ব অন্ত পৰে৷ মূৰ্তি পূজকসকলৰ নিজস্ব বিশ্বাস সম্পৰ্কে আপত্তি কৰাৰ প্ৰশ্ন নুঠে৷ পূজা আনুষ্ঠানিকতাৰ অন্তত এই মূৰ্তি তথা প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়৷
বিসৰ্জনৰ স্থান মূলতঃ নদীবক্ষ৷ বোৱঁতী সুঁতিত উটুৱাই দিয়া হয়৷ ব্যাপকভাৱে পূজা উদ্যাপনৰ ইতিহাস বৰ পুৰণা নহয়৷ এটা সময়ত জনসংখ্যাও কম আছিল, প্ৰকৃতি অক্ষত আৰু সমৃদ্ধ আছিল৷ নদ-নদীৰ গভীৰতা আছিল, পানীৰ উত্তাল সোঁত আছিল৷ এতিয়া সেই দিন নাই৷ নদীৰ বুকু বাম হৈ যোৱাটো অসমৰ বান সমস্যাৰ অন্যতম প্ৰধান কাৰণ৷ ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ যোৱা, ফেৰী যাব নোৱৰা হোৱাৰ বাবে ড্ৰেজাৰেৰে নদীৰ বক্ষ খান্দি মাজুলীলৈ ফেৰী চলাব লগা অৱস্থা হৈছে৷ নদী বান্ধৰ বাবেই খৰালি আহি পোৱাৰ লগে লগে সোৱণশিৰিৰ দৰে নৈৰ বুকু শুকাই যায়৷ তেনে সময়তে যদি নৈৰ বুকুত ব্যাপকসংখ্যক মৃন্ময় মূৰ্তি পৰম্পৰাৰ নামত বিসৰ্জন দি থকা যায়, তেন্তে নদীসমূহৰ স্বাভাৱিক গতি-প্ৰকৃতি প্ৰভাৱিত বা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা৷ তৰপে তৰপে এনেদৰে জমা হৈ থাকি নৈৰ পানীৰ লগত উটি অহা আন জেং-জাবৰ ধৰি ৰাখি নৈৰ বুকু বাম কৰাৰ লগতে জলপ্ৰৱাহৰ মূল পথ ৰোধ কৰে৷ তেনেক্ষেত্ৰত বোৱঁতী পানীয়ে বিকল্প পথ বিচাৰি খহনীয়াৰ সৃষ্টি কৰিব৷ অসমৰ প্ৰায় প্ৰতিখন চহৰৰ কাষতে একোখন বা একাধিক নৈ থাকে৷ আজিকালি নগৰ-চহৰত প্ৰতিবছৰে পূজাস্থলীৰ সংখ্যা বৃদ্ধি পাইছে, সেই অনুসৰি মূৰ্তিৰ সংখ্যাও৷ বছৰত বহুকেইবাৰ এনে প্ৰতিমা নৈত বিসৰ্জন দিয়া হয়৷ পাছৰ বছৰত পুনৰ৷ এনে ধাৰাবাহিকতাই নৈসমূহৰ ক্ষতিসাধন কৰে৷ লগতে প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ হোৱা ৰং আৰু আন দ্ৰব্য পানীৰো দূষিতকৰণৰ কাৰণ হৈ উঠিব পাৰে৷ নদীক আমি মাতৃ বোলোঁ৷ আমাৰ দেশক নদী মাতৃক দেশ বোলা হয়৷ গতিকে নদী মাতৃৰ স্বাস্থ্যৰ খবৰ ৰখাটো আমাৰ দায়িত্ব৷ নদীৰ বুকুত ব্যাপক হাৰত প্ৰতিমা পেলাই দি একোটা স্তূপ তৈৰাৰ কৰা কাৰ্য প্ৰকৃতি-বিৰোধী৷ ইয়াৰ বিকল্প ব্যৱস্থা কি হ’ব পাৰে তাৰ চিন্তা পূজাবোৰৰ সৈতে জড়িতসকলেই কৰিব লাগিব৷
পোহৰৰ উৎসৱ বুলি কোৱা দীপান্বিতাৰ কথাই ধৰা যাওক৷ এই উৎসৱত ব্যাপকভাৱে খাৰ আৰু অন্যান্য বিস্ফোৰকযুক্ত বিভিন্ন প্ৰকাৰৰ বোমা-ফটকা ফুটুৱা হয়৷ ক্ষাৰকৰ গোন্ধ আৰু ধোঁৱাই বায়ু প্ৰদূষণ কৰে আৰু প্ৰচণ্ড শব্দই শব্দ প্ৰদূষণ কৰে৷ এই দুয়োটাই মানুহৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকৰ৷ আনহাতে, হাজাৰ হাজাৰ মিঠাতেলৰ মাটিৰ চাকি জলোৱা হয়৷ যিকোনো দহনেই কাৰ্বন সৃষ্টি কৰে৷ ব্যাপক হাৰত চাকি জলোৱা কাৰ্যই কম মাত্ৰাত হ’লেও বায়ুমণ্ডললৈ কাৰ্বন নিৰ্গমন কৰে৷ হিন্দুৰ আধ্যাত্মবাদত নাইবা কোনো শাস্ত্ৰীয় নিৰ্দেশ বা পৰামৰ্শত কেতিয়াও পৰিৱেশৰ ক্ষতি কৰি উৎসৱ পালন কৰাৰ কোনো ব্যৱস্থা নাই৷ এই সকলোবোৰ আধুনিক কালৰ সৃষ্টিহে৷ শাৰদীয় দুৰ্গা পূজাৰ ব্যাপকতাও ব্ৰিটিছ পৰৱৰ্তী কালৰহে৷ আজিৰ পৰা এশ বছৰৰ আগতে দেশত প্ৰদূষণৰ মাত্ৰাও আজিৰ দৰে ব্যাপক আৰু তীব্ৰ নাছিল৷ সেইবাবেই পৰিৱৰ্তিত পৰিস্থিতিত উৎসৱ উদ্যাপনৰ ক্ষেত্ৰত কিছুমান কথা নতুনকৈ ভাবিব লগা হৈছে৷ আজিৰ পৃথিৱীত জীৱকুল বৰ্তি থকাৰ প্ৰতি পৰিৱেশ প্ৰদূষণৰ দিশৰ পৰা নানা ভাবুকি আহি পৰিছে৷ মনত সংশয় আৰু শংকা লৈ আনন্দ কৰা নাযায়৷ উৎসৱৰ আনন্দ লাভৰ নামত মত্ত হৈ থাকোঁতে আমি যেন পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহ অৱজ্ঞা নকৰোঁ, ভবিষ্যতৰ প্ৰজন্মৰ কথাও চিন্তা কৰোঁ৷ আমি আঁতৰি যোৱাৰ পাছত যিসকল এই পৃথিৱীলৈ আহিব সেইসকলৰ বাবেও পৃথিৱীখন নিৰাপদ কৰি থৈ যোৱাটো আমাৰ কৰ্তব্য৷ উন্নয়নৰ নামত পাহাৰ ভঙা, গছ কটা, নদী হত্যা কৰা পুঁজিবাদী শক্তিৰহে কাম৷ সেইসকলক লাগে মুনাফা৷ কিন্তু এই পুৰণি সেউজীয়া পৃথিৱীখন অক্ষত হৈ নাথাকিলে মুনাফা ক’ৰ পৰা আহিব?
Share This