আজিৰ সম্পাদকীয়,গান্ধীৰ ভাৰত

Dainik Janambhumi October 02, 2024

ডিজিটেল ডেস্কঃ  অলপতে জম্মু-কাশ্মীৰত বিধানসভাৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ যোৱা দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে পাকিস্তানক উদ্দেশ্যি এইবুলি ধমকি দিছিল যে সীমান্তৰ সিপাৰৰ পৰা চলোৱা প্ৰতিটো গুলীৰ প্ৰত্যুত্তৰ গুলীৰে দিয়া হ’ব, ‘বুলি’ৰে নহয় (‘বুলি’ মানে কথাৰে) অৰ্থাৎ সেই শত্ৰুপক্ষৰ লগত বাৰ্তালাপ ভাৰতে নকৰেজ্ব প্ৰতিটো হিংসাৰ প্ৰত্যুত্তৰ হিংসাৰেহে দিব৷ গৃহ মন্ত্ৰীগৰাকীয়ে যেতিয়া মুকলিকৈ এই কথা কৈছে, তেতিয়া বুজিব লাগিব যে এই মনোভাবেই বৰ্তমানৰ চৰকাৰখনৰ নীতি, অৰ্থাৎ গুলীৰ উত্তৰ গুলীৰে দিয়াটো এতিয়া ‘গান্ধীৰ ভাৰত’ৰ নীতি৷ আজি ২ অক্টোবৰ, ‘গান্ধী জয়ন্তী’ৰ পৱিত্ৰ ক্ষণত উক্ত কথাখিনিৰ উল্লেখ এইবাবেই কৰা হ’ল, কিয়নো গান্ধীজীক ‘জাতিৰ পিতা’ৰ মৰ্যাদা দি গান্ধীৰ আদৰ্শ অনুসৰণ কৰি দেশক আগবঢ়াই নিয়াৰ যি সংকল্প স্বৰাজোত্তৰ দেশৰ কৰ্ণধাৰসকলে গ্ৰহণ কৰিছিল, সেই সংকল্পক এতিয়াও পৰিহাৰ কৰা হোৱা নাই৷

 

এতিয়াৰ চৰকাৰেও গান্ধীজীক সন্মুখত ৰাখিয়েই আগবাঢ়ি যোৱাৰ পথ গ্ৰহণ কৰা দেশবাসীয়ে লক্ষ্য কৰিছে৷ ‘স্বচ্ছ ভাৰত’ নামৰ যিখন অভিলাষী আঁচনিৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ যাত্ৰা আৰম্ভ হৈছিল তাৰ প্ৰতীক চিহ্ন ৰূপে লোৱা হৈছে গান্ধীজীৰ চছ্‌মাযোৰ৷ যোৱা বৰ্ষৰ গান্ধী জয়ন্তীৰ দিনটোত সামাজিক মাধ্যম ‘এক্স’ত দিয়া এটা বাণীত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, ‘গান্ধী জয়ন্তীৰ বিশেষ উপলক্ষত মই মহাত্মা গান্ধীৰ ওচৰত শিৰ নত কৰিছোঁ– তেওঁৰ সময় নিৰপেক্ষ শিক্ষাবোৰে আমাক পথ দেখুৱাই আহিছে৷ মহাত্মা গান্ধীৰ প্ৰভাৱ বিশ্বজনীন৷ সমগ্ৰ মানৱ জাতিক ঐক্য আৰু সংবেদনশীলতাৰ প্ৰতি উদ্বুদ্ধ হ’বলৈ গান্ধীজীৰ আদৰ্শই অনুপ্ৰাণিত কৰি আহিছে৷ আহক আমি গান্ধীজীৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ একেলগে মিলি কাম কৰোঁ৷ প্ৰতিগৰাকী যুৱ প্ৰজন্মক গান্ধীজীৰ চিন্তাই পৰিৱৰ্তনৰ বাহক হ’বলৈ উদগনি যোগাওক, ঐক্য-সম্প্ৰীতিৰ পৰিৱেশ গঢ়িবলৈ আগ্ৰহী কৰি তোলক৷’ প্ৰধানমন্ত্ৰীৰ এই বাণীয়েই যদি বৰ্তমানৰ চৰকাৰখনৰ আদৰ্শ হয় তেনেহ’লে গৃহ মন্ত্ৰী শ্বাহৰ বক্তব্যখিনিয়ে সেই স্থিতিক প্ৰতিফলিত কৰিব পৰা নাই৷ যুদ্ধ হ’লে বেলেগ কথা৷ প্ৰতিপক্ষই গুলী চলালে যুদ্ধক্ষেত্ৰত তাৰ উত্তৰ গুলীৰেই দিব লাগিব, সৈন্যসকলৰ বাবে তাৰ গত্যন্তৰ নাথাকেজ্ব কিন্তু ৰাষ্ট্ৰৰ নেতা এগৰাকীয়ে জনসভাত ভাষণ দিওঁতে ‘গুলীৰ প্ৰত্যুত্তৰ গুলীৰে দিয়া’ৰ ধমকি দিলে, সেয়া হিংসাৰ বাবে প্ৰৰোচিত কৰাৰ সমতুল্য হয়৷

‘গান্ধীৰ ভাৰত’ৰ দেশ-নেতাৰ ভাষা এনেকুৱা হোৱা উচিত নহয়৷ গৃহ মন্ত্ৰী এগৰাকীৰ দেশখনৰ শান্তি-শৃংখলা ৰক্ষাৰ নীতি নিৰ্ণয়ৰ দায়িত্ব থাকে, প্ৰয়োজনত তেওঁ কঠোৰ সিদ্ধান্তও ল’ব লগা হ’ব পাৰে, কিন্তু সেইবিলাক হোৱা উচিত বিভাগীয় আৱৰ্তৰ ভিতৰত আৰু যিকোনো সিদ্ধান্ত লওঁতে বা সিদ্ধান্ত প্ৰয়োগ কৰোঁতে হিংসা-বিদ্বেষৰ মানসিকতাৰ পৰা মুক্ত থকা উচিত৷ গান্ধীজীয়ে সেই অনন্য শিক্ষাকে ভাৰতবাসীক দিছিল৷ দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে সংগ্ৰাম কৰোঁতে বা ভাৰতত চম্পাৰণ আন্দোলনৰ পৰা ভাৰত ত্যাগ আন্দোলনলৈকে স্বাধীনতা সংগ্ৰামৰ পৰ্যায়বোৰ ৰূপায়ণ কৰোঁতে ব্ৰিটিছৰ বিৰুদ্ধে গান্ধীজীৰ কঠোৰতা অনমনীয় আছিল, কিন্তু কোনো স্তৰতে তেওঁ হিংসাক প্ৰশ্ৰয় দিয়া নাছিল৷ ১৯১৯ চনত প্ৰথম অসহযোগ আন্দোলন আৰম্ভ কৰোঁতে গান্ধীজীয়ে সেই আন্দোলন আধাতে বন্ধ কৰি দিছিল উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাৰ প্ৰবল হিংসাত্মক কাৰ্যবিলাকৰ বাবে৷ নিজৰ লক্ষ্যত আপোচহীন গান্ধীজীৰ অন্তৰত নাছিল বিদ্বেষ, ধৰ্মীয় ভেদাভেদ৷ তেওঁ স্বাধীনতা লাভৰ শেষ মুহূৰ্তলৈকে বিচাৰিছিল হিন্দু-মুছলমানৰ ঐক্য, বিৰোধিতা কৰিছিল ভাৰত-পাকিস্তানৰ বিভাজনৰ৷

 সেই গান্ধীৰ ভাৰতত যদি ধৰ্মীয় বিদ্বেষক, সাম্প্ৰদায়িক বিদ্বেষক, গোষ্ঠী বিদ্বেষক কোনোবাই ৰাজনৈতিক আহিলা হিচাপে লৈ পৰস্পৰৰ মাজত বিদ্বেষৰ বিষবাষ্প বিয়পায়, তেনেহ’লে গান্ধীজীক অপমান কৰা হয়৷ গান্ধীজীয়ে নিবিচৰা ধৰ্মীয় বিভাজনৰ বাবে ভাৰত-পাকিস্তান সৃষ্টি হোৱাৰ ফলত সেই তেতিয়াৰে পৰা এচাম স্বাৰ্থান্বেষীৰ বিদ্বেষৰ ৰাজনীতিয়ে আজিলৈকে দেশক আক্ৰান্ত কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে সাম্প্ৰদায়িক সংঘাতে দেশখনক জুৰুলা কৰি আহিছে৷ গান্ধীজীক ‘জাতিৰ পিতা’ আখ্যা দিয়া দেশখন সেই বিদ্বেষৰ পৰা মুক্ত হ’ব নোৱৰাটো দুৰ্ভাগ্যজনক৷ স্বৰাজোত্তৰ সময়ৰ পৰা পৰিৱৰ্তিত ৰাজনীতিয়ে একালৰ ভাৰতৰ অংগ পাকিস্তানক চিৰবৈৰী ৰাষ্ট্ৰত পৰিণত কৰিলে৷ ভাৰতৰ সন্মান লাঘৱ নোহোৱাকৈ পৰস্পৰৰ মাজত বিদ্বেষৰ দেৱালখন ভাঙিব নোৱাৰি জানোঞ্জ এসময়ত অটল বিহাৰী বাজপেয়ীয়ে গ্ৰহণ কৰা সদ্ভাৱৰ পৰিৱেশ গঢ়াৰ প্ৰচেষ্টা পুনৰ চলাব নোৱাৰি জানোঞ্জ নে গুলীৰ বিপৰীতে গুলীয়েই একমাত্ৰ পথঞ্জ গান্ধীৰ দেশৰ কৰ্ণধাৰসকলে পুনৰ এবাৰ আত্মবিশ্লেষণ কৰা প্ৰয়োজন৷

দেশত নক্সাল বা অন্যসকলৰ বিদ্ৰোহৰ অৱসান ঘটাব লাগিব, সেইবুলি গুলীয়াই তেওঁলোকক নিঃশেষ কৰি দিয়াৰ পথটোকেই একমাত্ৰ বিকল্প পথ ৰূপে গ্ৰহণ কৰা উচিত নে তেওঁলোকক মৰমেৰে বুজাই মূলসুঁতিলৈ অনাৰ ব্যৱস্থা কৰা উচিতঞ্জ অন্যান্য অপৰাধৰ ক্ষেত্ৰতো বুলডজাৰেই একমাত্ৰ পথ নেকি সেই কথাবোৰো ভাবি চাব লাগিব৷ চম্বল উপত্যকালৈ গৈ মহাত্মা গান্ধীৰ একনিষ্ঠ অনুগামী বিনোৱাভাৱেই কুখ্যাত ডকাইতবোৰৰ লগত কথা পাতিছিল, তেওঁলোকৰ বহুতক সেই পথৰ পৰা আঁতৰাই আনিবলৈ তেওঁ সক্ষম হৈছিল৷

বিনোৱাভাৱেই তেওঁলোকক কৈছিল ‘যদি তোমালোকে মানুহক লুটিব খুজিছা, মোৰ দৰে লুটা, মৰম-চেনেহেৰে৷’ ‘গান্ধীৰ ভাৰত’ক এনেবোৰ পথ আৰু উদাহৰণেহে মহীয়ান কৰি আহিছে, হিংসা-বিদ্বেষ কিম্বা গুলীৰ বিনিময়ত গুলীৰ চিন্তাৰে নহয়৷ গান্ধীজীয়ে দি যোৱা অহিংসা, সত্যাগ্ৰহ, সত্য অন্বেষণৰ দৰে শব্দবোৰৰ মহত্ত্ব গভীৰ৷ এই শব্দবোৰক স-সন্মানে জীয়াই ৰাখিব পাৰিলেহে ভাৰতৰ বৈশিষ্ট্য ৰক্ষা পৰিব৷

Share This