ডিজিটেল ডেস্কঃ উইলিয়াম শ্বেইক্সপীয়েৰৰ এষাৰ উক্তি আছে– ‘How far that little Candle throws his beams ! So shine a good deed in a weary world.’ হয়ো, এডাল মমবাতিয়েনো কিমান দূৰলৈকে ইয়াৰ ৰশ্মি বিলাব পাৰিব? কিন্তু ক্লান্ত পৰিমণ্ডল এটাত এই পোহৰখিনিয়েই জানো আশাৰ এক পৰিৱেশ জগাই নোতোলে? আমাৰ চৌপাশে হৈ থকা ভাল কামবিলাকো তেনেকুৱাই৷ ভাল কাম কৰাসকলৰ কামৰ চৰিত্ৰ নীৰৱে জ্বলি থকা মমবাতিডালৰ দৰেই৷
সঁচা অৰ্থত আৰু হৃদয়ৰ তাগিদাত ভাল কাম কৰাসকলে প্ৰচাৰ পিয়াসী নেতা-অভিনেতাৰ দৰে ক্ষুদ্ৰ কাম একোটা কৰিয়েই তাল-আফাল লগাই নুফুৰে৷ কিন্তু এওঁলোকৰ কামবোৰৰ পোহৰে ক্লান্ত সমাজত নীৰৱে বোৱাই থাকে প্ৰেৰণাৰ ফল্গুধাৰা৷ সেই প্ৰেৰণাইহে সুধী সমাজক জীয়াই থকাৰ অক্সিজেন প্ৰদান কৰে৷ পুৱা সাৰ পাই নিশা শয়নপাটীত পৰালৈকে আমি যিমানবোৰ দৃশ্য দেখোঁ, যিমানবোৰ ঘটনাৰ কথা শুনো সেই বেছিভাগেই নেতিবাচক বাৰ্তাবাহক৷ ৰাজনৈতিক নেতাই অভিযোগ-প্ৰতিঅভিযোগৰ ফুলজাৰি ফুটাই ৰাজনীতিৰ পথাৰত কাগজৰ গদা ঘূৰাইছে, ধৰ্ম-সম্প্ৰদায়, জাতি-ভাষাৰ নামত সংঘাত-বিদ্বেষৰ বিষবাষ্পৰে সমাজবিলাক উশাহ-নিশাহ ল’ব নোৱৰা কৰি তোলা হৈছে, হত্যা-ধৰ্ষণ-নিৰ্যাতনৰ প্ৰাত্যহিক খবৰবোৰে মানুহৰ হৃদয় বেদনা আৰু উদ্বেগেৰে গধুৰ কৰি তুলিছে, শিক্ষা-পৰীক্ষাৰ নামত গঢ়ি উঠা বজাৰখনলৈ চাই অনুভৱী মানুহৰ হৃদয়ে হাহাকাৰ কৰিছে, দুৰ্নীতি-ভ্ৰষ্টাচাৰ-অনিয়ম, ক’লা ধন-সম্পদৰ পাহাৰবিলাকে সৎ-নীতিনিষ্ঠ মানুহক ইতিকিং কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে, সেই সময়ত জীয়াই থকাৰ আগ্ৰহ জন্মাব পাৰে কেৱল সেই আশাৰ মমবাতিডালে, যিডালে নীৰৱে জ্বলি জ্বলি ক্ষুদ্ৰ পৰিসৰ এটা পোহৰাই থাকে৷ এক কথাত ক’বলৈ গ’লে নীৰৱে কৰি থকা ভাল কাম কিছুমানেই সমাজৰ ঘাইখুঁটা-পালিখুঁটা৷
বুধবাৰে নিশা দেশৰ এগৰাকী বিজ্ঞানী গোবিন্দৰাজন পদ্মনাভনক প্ৰথমবাৰৰ বাবে দেশৰ ‘বিজ্ঞানৰত্ন’ বঁটাৰ বাবে নিৰ্বাচিত কৰা বুলি ঘোষণা কৰা হ’ল৷ মুঠ ৩৩গৰাকী বিজ্ঞানৰ সাধনাত ব্ৰতী ব্যক্তিক ‘বিজ্ঞানশ্ৰী’ আৰু ‘বিজ্ঞান যুৱ পুৰস্কাৰ’ৰ বাবেও নিৰ্বাচিত কৰা হৈছে, য’ত অন্তৰ্ভুক্ত হৈছে অসমৰ ড॰ পূৰৱী শইকীয়াৰ নামো৷ নেতিবাচক খবৰৰ কোলাহলৰ মাজত এই খবৰটোক মমবাতিডালৰ পোহৰৰ নিচিনাই বুলি ক’ব পাৰি এইবাবেই যে সস্তীয়া কাম আৰু চিন্তাৰে তথা ভোগবাদৰ উচ্চৃংখল টনা-আঁজোৰাৰ মাজত উল্লিখিত বিজ্ঞানীসকল নীৰৱে প্ৰবৃত্ত হৈ আছে মানৱ কল্যাণৰ লক্ষ্যৰে বিজ্ঞানৰ সৰ্বাধুনিক ক্ষেত্ৰবোৰক দেশৰ প্ৰগতিৰ বাবে ব্যৱহাৰৰ সাধনাত৷ এইবাৰ ‘বিজ্ঞান ৰত্ন’ বঁটাৰ বাবে নিৰ্বাচন কৰা বিজ্ঞানী গোবিন্দৰাজন পদ্মনাভন হৈছে বায়’কেমেষ্ট্ৰি অৰ্থাৎ জৈৱ ৰসায়ন বিষয়ৰ এগৰাকী নীৰৱ সাধক৷
আমাৰ দেশখনৰ দৰিদ্ৰ সাধাৰণ শ্ৰমিক-কৃষক জনতাক পীড়া দি থকা এটা গুৰুতৰ সমস্যা হৈছে মেলেৰিয়া৷ সেই মেলেৰিয়া পৰজীৱীবোৰে আক্ৰান্ত শৰীৰৰ তেজত, মূলতঃ হিম’গ্লবিনত কেনেদৰে ক্ৰিয়া কৰে, তাত কেনেধৰণৰ জৈৱ সংশ্লেষণ (Biosynthesis) ঘটে সেই বিষয়ত গৱেষণা কৰিছিল পদ্মনাভনে৷ ইয়াৰ প্ৰতিষেধক প্ৰস্তুতৰ গৱেষণাতো জড়িত বিজ্ঞানীগৰাকী৷ এনেধৰণৰ গৱেষণাবোৰৰ বাবেই শান্তিস্বৰূপ পদ্মনাভনক ভাটনাগৰ বঁটা, পদ্মশ্ৰী, পদ্মভূষণ ইতিমধ্যে আগবঢ়োৱা হৈছিল৷ এনে এগৰাকী ব্যক্তিক ‘বিজ্ঞান ৰত্ন’ বঁটা আগবঢ়োৱাৰ বাৰ্তাটোৱে সাধাৰণ মানুহক প্ৰেৰণা যোগায় এইবাবেই যে সাধাৰণ মানুহে গম পায় ভোগ-বিলাসৰ টনা-আঁজোৰাত মত্ত সমাজখনৰ এচাম মানুহ নীৰৱে ব্যস্ত হৈ আছে মানুহক পীড়াৰ পৰা মুক্তি দিয়াৰ বাবে, মানুহৰ প্ৰগতিৰ বাবে৷ তেনেকৈ কৃষি বিজ্ঞান, পাৰমাণৱিক শক্তি, জৈৱ বিজ্ঞান, ভূ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মহাকাশ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন, মানৱ কম্পিউটাৰ আদিৰ ক্ষেত্ৰত গৱেষণা কাৰ্যৰে বিশিষ্ট বৰঙনি আগবঢ়োৱা ১৩গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে ‘বিজ্ঞানশ্ৰী’ পুৰস্কাৰ৷
আনহাতে, যুৱ বিজ্ঞানীৰ পুৰস্কাৰ পোৱা ১৮গৰাকীৰ ভিতৰত আছে আমাৰ ৰাজ্যৰ জীয়ৰী ড॰ পূৰৱী শইকীয়া৷ ড॰ শইকীয়াক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিদ্যা বিভাগৰ সহযোগী অধ্যাপিকা পূৰৱী শইকীয়া বিজ্ঞান যুৱ শান্তিস্বৰূপ ভাটনাগৰ বঁটা আগবঢ়োৱাৰ ভিত্তি হ’ল উদ্ভিদ পাৰিপাশ্বিৰ্কতা (প্লাণ্ট টেকন’লজি), জৈৱ বৈচিত্ৰ্য (বায়’ডাইভাৰ্ছিটি), ভূ-পাৰিপাশ্বিৰ্কতা (ছইল ইক’লজি)ৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট বৰঙনি৷ এনেদৰে কেৱল বিজ্ঞানৰ ক্ষেত্ৰখনতে নহয়, সামাজিক, সাংস্কৃতিক, কৃষি, ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰত বহুতে গম নোপোৱাকৈয়ে নীৰৱে কিছুমান মানুহৰ সাধনাৰ মমবাতিডাল জ্বলি আছে৷ ইয়াৰ পোহৰবোৰ ক্লান্ত সমাজৰ বাবে প্ৰেৰণাৰ জ্যোতি৷