আজিৰ সম্পাদকীয়,কেজৰিৱালৰ সিদ্ধান্ত.......
DainikJanambhumi
September 17, 2024
ডিজিটেল ডেস্কঃ ‘মূল্যবোধৰ ৰাজনীতি’– এতিয়া একপ্ৰকাৰ অচল শব্দৰ লেখীয়া৷ ১৯৭০১ দশকমানলৈ আমাৰ দেশৰ ৰাজনীতিক দুৰ্নীতিমুক্ত, নিকা, সমাজমুখী, দায়বদ্ধ চিন্তা-চেতনাই প্ৰভাৱিত কৰি ৰখা বাবে ৰাজনীতিৰ পথাৰখন স্বচ্চ হৈ আছিল, জনসাধাৰণে ৰাজনীতিকসকলক বুজি পাইছিল, বিশ্বাস কৰিছিল৷ পৰৱৰ্তী সময়ত লাহে লাহে ইয়াৰ অৱক্ষয় ঘটি ঘটি এতিয়াৰ ৰাজনীতি কেনে অৱস্থাত উপনীত হৈছে আৰু ৰাজনীতিক আৰু জনসাধাৰণৰ সম্পৰ্কই কি পৰ্যায় পাইছে সেয়া কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই৷ ভোটকেন্দ্ৰিক, হিতাধিকাৰীসৰ্বস্ব ব্যৱস্থাবিলাকেই বুজাই দিছে আজিৰ অৱস্থাত দেশৰ নাগৰিকসকলৰ অৱস্থান ক’ত আৰু ৰাজনীতিকৰ বাবে নাগৰিকসকলৰ পৰিচয় কি৷
এনে এক সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা স্পৰ্শকাতৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ যি সিদ্ধান্ত ঘোষণা কৰিছে, তাক কেনেদৰে মূল্যায়ন কৰা যাব সেইটো এটা জটিল প্ৰশ্ন৷ কেজৰিৱালৰ সিদ্ধান্তটো মূল্যবোধ আধাৰিত নে ৰাজনৈতিক চমক, সেইটো সতকাই ঠাৱৰ কৰাটোও সম্ভৱ নহয় এইকাৰণেই যে তেওঁৰ এই অধ্যায়টোৰ আঁৰত দুৰ্নীতিৰ এক অভিযোগ জড়িত হৈ আছে৷ কিন্তু সমান্তৰালকৈ এইটোও লক্ষ্য কৰিবলগীয়া কথা যে কেজৰিৱালৰ বিৰুদ্ধে যি অভিযোগ অনা হৈছে বা ই ডি আৰু চি বি আয়ে গোচৰ তৰি তেওঁক গ্ৰেপ্তাৰ কৰি দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ কৰিও ৰাখিছিল, সেই অভিযোগ এতিয়ালৈকে তদন্তকাৰী সংস্থাকেইটাই প্ৰত্যয়জনকভাৱে প্ৰমাণ কৰিব পৰা নাই৷ যাৰ বাবে ন্যায়ালয়ৰ মজিয়াত ই ডি-চি বি আই ভৎৰ্সনাৰো সন্মুখীন হ’বলগীয়া হৈছে৷
গতিকে কেজৰিৱালৰ পদত্যাগৰ অধ্যায়টো আজিৰ ৰাজনৈতিক পটভূমিত সংজ্ঞায়িত কৰাটো সহজ নহয়৷ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত আৰু প্ৰচাৰিত খবৰবোৰৰ ভু-ৰখাসকলে গম পাইছেই যে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে উত্থাপিত অভিযোগটো হৈছে সুৰানীতি সম্পৰ্কীয়৷ দক্ষিণ ভাৰতৰ সুৰা লবীৰ পৰা এশ কোটি টকা উৎকোচ লৈ কেজৰিৱাল চৰকাৰে দিল্লীত সেই লবীক ইচ্ছামতে সুৰা বিপণনৰ সুবিধা কৰি দিয়া বুলি কেজৰিৱাল চৰকাৰক অভিযুক্ত কৰিব বিচৰা হৈছে৷ কিন্তু লক্ষণীয় কথাটো হ’ল ই ডি-চি বি আয়ে বিভিন্নজনক জেৰা কৰি, ব্যাপক তালাচী চলায়ো সেই এশ কোটি টকাৰ এটা টকাও আজিলৈকে উদ্ধাৰ কৰি দেখুৱাব নোৱাৰিলে৷
সেই কাৰণে কেজৰিৱাল তথা ‘আপ’ৰ নেতাসকলে এই সমস্ত অধ্যায়টোক বিজেপিৰ কাৰচাজি বুলি অভিহিত কৰি কেজৰিৱাল আৰু আপৰ নিকা-ভাবমূৰ্তিক কলুষিত কৰিবলৈ কৰা এক ষড়যন্ত্ৰ বুলি বাৰম্বাৰ দাবী কৰিছে৷ ই ডি-চি বি আই আৰু আয়কৰ বিভাগ বিৰোধী নেতাক দমন কৰাৰ বাবে বিজেপিৰ হাতিয়াৰ হৈ পৰা বুলি বিৰোধী পক্ষই যি অভিযোগ তুলি আহিছে কেজৰিৱালৰ অধ্যায়টোৱে তাক সত্য বুলি ভাবিবৰ অৱকাশো জনসাধাৰণক দিছে৷ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰি অলপতে উচ্ছতম ন্যায়ালয়ৰ এখন দুজনীয়া বিচাৰপীঠে যি ৰায় প্ৰদান কৰিলে, সেই বিচাৰপীঠৰ এগৰাকী ন্যায়াধীশ উজ্জ্বল ভূঞাই চি বি আইক ‘সজাত বন্দী ভাটৌৰ ধাৰণাৰ পৰা মুক্ত হ’বলৈ’ সকীয়নি দিয়াটো এই প্ৰসংগত প্ৰণিধানযোগ্য৷
এতিয়া কাৰাগাৰৰ পৰা মুক্ত হৈ আহি কেজৰিৱালে পদত্যাগৰ সিদ্ধান্ত ঘোষণা কৰি সমস্ত অধ্যায়ৰ বিচাৰৰ ভাৰ জনসাধাৰণৰ হাতত এৰি দিছে৷ তেওঁ কৈছে যে বিজেপিয়ে তেওঁক দোষী সজাব খুজিছে, কিন্তু তেওঁ জনসাধাৰণৰ বিচাৰহে মানিব৷ জনসাধাৰণে পৰৱৰ্তী নিৰ্বাচনত তেওঁৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰিলেহে তেওঁ ক্ষমতা গ্ৰহণ কৰিব৷ প্ৰতিপক্ষই ইয়াক কেজৰিৱালৰ ৰাজনৈতিক চমক বুলি অভিহিত কৰিব খুজিছে যদিও এটা কথা মানিবই লাগিব যে নিজৰ ওপৰত অগাধ বিশ্বাস নাথাকিলে এতিয়াৰ কোনো ৰাজনীতিকে এনেকৈ মুখ্যমন্ত্ৰীৰ চকীখন এৰি নিদিয়ে৷ এইটোও স্বীকাৰ কৰিব লাগিব যে কেজৰিৱাল অলপ বেলেগ ধাতুৰে গঢ়া ৰাজনীতিক৷ খড়গপুৰ আই আই টিৰ পৰা উত্তীৰ্ণ হোৱা এজন মেধাৱী ব্যক্তি, ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া হোৱাৰ সাফল্যৰে অতীত সমৃদ্ধ, স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে জনসেৱা কৰাৰ অভিজ্ঞতাৰে পুষ্ট, সৰ্বোপৰি ভ্ৰষ্টাচাৰবিৰোধী এক আন্দোলনৰ নেতৃত্ব দি তদানীন্তন কংগ্ৰেছ চৰকাৰৰ ভেটি কঁপাই তুলিবলৈ সক্ষম হোৱা কেজৰিৱাল দুৰ্নীতিত লিপ্ত হ’ব পাৰে বুলি বিশ্বাস নকৰা মানুহৰ সংখ্যা কম নহ’ব৷
‘আম আদমি পাৰ্টি’ক জন্ম দি, উচ্ছ শিক্ষিত চাম এটাক দলটোৰ প্ৰতি আকৃষ্ট কৰি, প্ৰথম নিৰ্বাচনতে দিল্লীৰ ক্ষমতা দখল কৰি, ক্ৰমান্বয়ে ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰি দলটোক ৰাষ্ট্ৰীয় দললৈ উন্নীত কৰি কেজৰিৱালে যি ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিছে সেয়া কম কথা নহয়৷ সেই কাৰণেই তেওঁ মুখ্যমন্ত্ৰীৰ চকীখন এই মুহূৰ্তত এৰি দিবলৈ কুণ্ঠাবোধ কৰা নাই৷ তেওঁ জানে যে এনেকুৱা চকী বা তাতোকৈ ওপৰৰ চকীত বহিব পৰা দক্ষতা তেওঁৰ আছে৷ পদত্যাগৰ সিদ্ধান্ত ঘোষণা কৰি তেওঁ ‘মূল্যবোধৰ ৰাজনীতি’ৰ প্ৰতি তেওঁৰ বিশ্বাসৰ উদাহৰণ এটাও প্ৰতিষ্ঠা কৰিলে৷ ফলত এতিয়া ওলোটাই বিজেপিৰ ওপৰত চাপ বৃদ্ধি হ’ল৷
ই ডি-চি বি আয়ে গ্ৰেপ্তাৰ কৰি তিহাৰ কাৰাগাৰত বন্দী কৰি ৰখা কেজৰিৱালক দুৰ্নীতিগ্ৰস্ত বুলি ন্যায়ালয়ৰ মজিয়াত প্ৰমাণ কৰাৰ দায়িত্ব বিজেপি চৰকাৰে ল’ব লাগিব৷ বিৰোধী পক্ষই প্ৰায়ে অভিযোগ কৰি থাকে যে বিজেপিৰ ‘ৱাশ্বিং মেচিন’ত সোমাই বহু ভ্ৰষ্টাচাৰী নেতা ‘নিকা’ হৈ পৰিছে৷ তেওঁলোকক ই ডি-চি বি আয়ে ঢুকি নাপায়, কিন্তু দুৰ্নীতৰ এটা টকাও বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱাকৈ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি জে’লত ভৰাইছিল৷ এতিয়া মুখ্যমন্ত্ৰীৰ চকী এৰি দি কেজৰিৱালে যেতিয়া জনতাৰ সন্মুখত সেই প্ৰশ্নবোৰ পুনৰ তুলিব আৰু মূল্যবোধৰ ৰাজনীতিৰ কথা ক’ব, সেই প্ৰত্যাহ্বানৰ বিজেপিয়ে কেনেকৈ মোকাবিলা কৰিব, সেয়া লক্ষণীয় হ’ব৷ মুখ্যমন্ত্ৰী কেজৰিৱালতকৈ পদত্যাগী কেজৰিৱাল বিজেপিৰ বাবে বেছি ভয়ংকৰ হৈ উঠিব পাৰে৷
Share This