আজিৰ সম্পাদকীয়,নেতৃত্বৰ বয়স.....
Dainik Janambhumi
December 17, 2024
ডিজিটেল ডেস্কঃ নেতা হ’বলৈ আচলতে বয়স কিমান হ’ব লাগে? বিভিন্ন সময়ত, বিভিন্ন উপলক্ষ্যত এই প্ৰশ্নটো উত্থাপিত হৈ থাকে আৰু কিছুমান বিষয়ৰ এই চৰ্চাই তিক্ততাৰ পৰ্যায়ো পায়গৈ৷ আমাৰ ৰাজ্যত নেতা বেছি, সেই অনুপাতে বহু দল-সংগঠনৰ সদস্য-অনুগামীৰ সংখ্যা পুতৌজনকভাৱে কম৷ আনহাতে কিছুমান জাতীয় সংগঠনত কিছুমান নেতা ইমানেই অপৰিহাৰ্য যে সেই একেকেইজনমান ব্যক্তিয়ে যুগ যুগ ধৰি সংগঠনৰ নেতৃত্ব দি থাকিব লগা হয়৷ আমাৰ ৰাজ্যত ৰাজনৈতিক দলেই হওক বা প্ৰভাৱশালী সংগঠন, নেতৃত্বৰ বিষয়ক লৈ প্ৰায়ে নতুন নতুন বিতৰ্ক, সমালোচনা, তাচ্ছিল্যৰ ঘটনা অব্যাহত থকাৰ মাজতে এইবাৰ অতি লক্ষণীয়ভাৱে ৰাজ্যৰ দুটা প্ৰধান ৰাজনৈতিক দলে তুলনামূলকভাৱে কম বয়সীয়া ব্যক্তিলৈ দলৰ তৃণমূল পৰ্যায়ৰ নেতৃত্ব হস্তান্তৰ কৰিব খোজাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ প্ৰকাশিত বাতৰি মতে, সম্প্ৰতি শাসকীয় বিজেপি দলত যি সাংগঠনিক নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে তাত এইবাৰ মণ্ডল কমিটীৰ সভাপতি পদবোৰ ৪৫ বছৰৰ ভিতৰৰ ব্যক্তিক দিবলৈ ৰাজ্যিক নেতৃত্বই নিৰ্দেশনা জাৰি কৰিছে৷
আনহাতে জিলা সমিতিসমূহৰ সভাপতিৰ বয়সো ৬০ বছৰৰ ঊধবৰ্ত হ’ব নালাগে বুলি কোৱা হৈছে৷ একে সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰো সোমবাৰে অনুষ্ঠিত হোৱা ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠকত মধ্যবয়সীয়া সংগঠকৰ হাতত দলৰ তৃণমূল পৰ্যায়ৰ নেতৃত্ব গতাই দিয়াৰ এক প্ৰস্তাৱ গৃহীত হোৱা বুলি জানিব পৰা গৈছে৷ কংগ্ৰেছৰ নতুনকৈ যিবোৰ ব্লক কমিটী গঠন হ’ব তাৰ সভাপতিৰ দায়িত্ব ৫০ বছৰৰ তলৰ ব্যক্তিক দিবলৈ দলে সিদ্ধান্ত লৈছে৷ আনহাতে, জিলা সভাপতি পদত জনগোষ্ঠীয় নেতাক অধিষ্ঠিত কৰিবলৈ ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ একে সময়তে ৰাজ্যৰ শাসক আৰু বিৰোধী দুয়োটা প্ৰধান দলে তৃণমূল পৰ্যায়ৰ নেতৃত্ব কম বয়সীয়া লোকৰ হাতত গতাবলৈ মনস্থ কৰাটোৰ আঁৰত নি(য় কিবা বিশেষ উদ্দেশ্য নিহিত হৈ আছে৷ আচলতে আমাৰ দেশত বয়সিয়াল মানুহৰ হাতত দল-সংগঠনৰ নেতৃত্ব দিয়াৰ পৰম্পৰাটো কুৰি শতিকাৰ প্ৰথমটো অৰ্ধ শতিকাত নাছিল৷ ৰাজনৈতিকেই হওক বা সামাজিক জাগৰণেই হওক, অথবা সাংস্কৃতিক, প্ৰত্যেকটো বৈপ্লৱিক অধ্যায়ৰ নেতৃত্ব কমবয়সীয়া মানুহে দিয়াৰহে নজিৰ আছে৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ঐতিহাসিক সংগ্ৰামৰ নেতৃত্ব দিওঁতে তেখেতৰ বয়স আছিল ত্ৰিশ বছৰৰো কম৷ জৱাহৰলাল নেহৰু যেতিয়া ১৯২৯ চনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি হৈছিল, তেতিয়া তেখেতৰ বয়স আছিল মাত্ৰ ৪০ বছৰ৷ সেই স্বাধীনতা সংগ্ৰামৰ প্ৰায়সকল শীৰ্ষ নেতাই আছিল কমবয়সীয়া৷ কিংবদন্তী স্বাধীনতা সংগ্ৰামী ভগৎ সিঙৰ ফাঁচি হৈছিল ২৩ বছৰ বয়সত৷ সেই কম বয়সতে তেওঁ কেনেকৈ এক আপোচহীন সংগ্ৰামৰ নেতৃত্ব দিছিল আজিৰ তাৰিখত ভাবিলে আচৰিত হ’ব লাগে৷
অসমলৈকে যদি চাওঁ তেতিয়াও দেখা পাম তৰুণ প্ৰজন্মই দিব পৰা শক্তিশালী নেতৃত্বৰ ছবিখন অসমৰ সামাজিক, ৰাজনৈতিক, সাহিত্যিক, সাংস্কৃতিক ক্ষেত্ৰখনলৈ বৈপ্লৱিক ৰূপান্তৰ আনি জাতীয় জীৱনৰ এক নতুন ধাৰাৰ বাট কটা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ নেতৃত্ব দিছিল কলিকতাৰ কলেজত পঢ়িবলৈ যোৱা কম বয়সীয়া ছাত্ৰৰ দল এটাই৷ ‘জোনাকী যুগ’ৰ সৃষ্টি কৰা ত্ৰিমূৰ্তি চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামীৰ বয়স তেতিয়া কিমান আছিল? আনন্দ ৰাম ঢেকিয়াল ফুকন জীয়াই আছিল মাত্ৰ ৩০ বছৰ৷ সেই যৌৱনৰ বয়সতে তেওঁ অসমীয়া ভাষা উদ্ধাৰৰ যুগান্তকাৰী বৌদ্ধিক সংগ্ৰামখনৰ নেতৃত্ব দিছিল৷ জ্যোতিপ্ৰসাদ আগৰৱালা জীয়াই আছিল মাত্ৰ ৪৭ বছৰ৷ কৈশোৰ অৱস্থাতে তেওঁ নেতৃত্ব দিছিল আধুনিক অসমীয়া সংস্কৃতিৰ এক নতুন ধাৰাৰ সূচনাৰ অধ্যায়টো৷ গোপীনাথ বৰদলৈ প্ৰথম অসমৰ প্ৰধানমন্ত্ৰী হৈছিল ৪৮ বছৰ বয়সত৷ ৪৬ বছৰ বয়সত পদ্মনাথ গোহাঞি বৰুৱা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি হৈছিল৷ মাত্ৰ ২০ বছৰ বয়সত মেচিড’নিয়াৰ সিংহাসনত বহা আলেকজেণ্ডাৰ জীয়াই আছিল মাত্ৰ ৩৩ বছৰ৷ গ্ৰীচৰ পৰা উত্তৰ-পশ্চিম ভাৰতলৈকে বহু ৰাজ্য অধিকাৰ কৰি তেওঁ ৩০ বছৰ বয়সতে বিশ্বৰ সৰ্বকালৰ বিশাল সাম্ৰাজ্যখনৰ সম্ৰাট হোৱাৰ ইতিহাস ৰচনা কৰি থৈ গৈছে৷ এনেকুৱা অলেখ উদাহৰণেৰে সমৃদ্ধ বিশ্ব, আমাৰ দেশ তথা ৰাজ্য৷ দেশ-জাতিক নেতৃত্ব দিবলৈ আচলতে ৭০য৮০ বছৰীয়া বৃদ্ধ হোৱাৰ প্ৰয়োজন নাই৷ বষ¹য়ানে নেতৃত্ব লোৱাৰ বাধ্যবাধকতাবিলাক সৃষ্টি হ’ল ক্ষমতাৰ প্ৰতি মোহান্ধ এচাম মানুহৰ কাৰণে, যি দল-সংগঠনসমূহক এচাম বিশেষ মানুহৰ নিয়ন্ত্ৰণাধীন কৰি ৰাখিছে৷ নেতৃত্বৰ বাবে বয়স বা অভিজ্ঞতা বৰ দৰকাৰী নহয়, মূল অৰ্হতা হৈছে নেতৃত্ব প্ৰদানৰ দক্ষতা, অনুগামী আৰু জনতাক মোহাবিষ্ট কৰি ৰাখিব পৰা শক্তি তথা অনুগামীৰ বিশ্বাস অৰ্জনৰ শক্তি৷ পাছত যিয়ে নহওক, অসম আন্দোলনত নেতৃত্ব দিওঁতে প্ৰফুল্ল কুমাৰ মহন্ত-ভৃগু কুমাৰ ফুকনকে ধৰি আঞ্চলিকতাৰ পৰা ৰাজ্যিক স্তৰলৈকে সকলো ছাত্ৰ নেতাই নিয়মীয়া ছাত্ৰ আছিল যদিও তেওঁলোকে জনতাৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ তেওঁলোকৰ প্ৰতি জনতা মোহাবিষ্ট হৈছিল৷
বয়স হোৱাৰ পিছত তেওঁলোকৰ সেই শক্তি অন্তহিৰ্ত হৈহে পৰিল৷ কংগ্ৰেছ বা বিজেপিয়ে এতিয়া মণ্ডল বা ব্লক পৰ্যায়ত ৪০য৫০ বছৰীয়া ব্যক্তিক নেতৃত্ব দিয়াৰ চিন্তা কৰিছে৷ কিন্তু ফ্ৰান্স, চিলি, ইকুৱেডৰ, আয়াৰলেণ্ডকে ধৰি কেইবাখনো দেশৰ জনতাই ৪০ বছৰৰ তলৰ যুৱ প্ৰজন্মৰ নেতাক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাইছে৷ এই দেশবোৰে বুজি পাইছে যে আধুনিক বিশ্বত দেশবিলাকক আগবঢ়াই নিব পৰাৰ অমোঘ শক্তি তৰুণৰহে আছে৷
Share This