আজিৰ সম্পাদকীয়,মহাজীৱন...

Dainik Janambhumi October 17, 2024

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে দেশৰ এগৰাকী বিত্তৱান ব্যক্তিয়ে পুত্ৰৰ মাহজোৰা বিবাহ অনুষ্ঠান পাতি দেশে-
বিদেশে সমালোচনাৰ পাত্ৰ হৈছিল৷ অৱশ্যে তেওঁ সেইবাৰেই প্ৰথম নহয়, তাৰ পূৰ্বেও কেতবোৰ কৰ্মৰ
দ্বাৰা একাধিকবাৰ সমালোচিত হৈছিল৷ তেওঁৰ ধন আছে বাবেই বিশ্বৰ আটাইতকৈ দীঘলীয়া পুত্ৰৰ
বিয়াখন পাতিছিল, বিশ্বৰ নামী-দামী শিল্পী-চেলিব্ৰিটিক মাতি আনি অভ্যৰ্থনা অনুষ্ঠানত
নচুৱাইছিল, অভ্যাগতক সোণ-ৰূপ-হীৰা খচিত আঙঠি, ঘড়ী আদি উপহাৰ দিছিল৷ সেইদৰে কোনো এবাৰ
পত্নীৰ জন্মদিনত উপহাৰ দিছিল এখন হেলিকপ্টাৰ৷ এইবোৰ কাৰ্য সাধাৰণ মানুহৰ বাবে কল্পনাৰো
অগোচৰ৷ যিখন দেশ এতিয়াও দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত নহয়, যিখন দেশ গ্ল’ৱেল হাংগাৰ
ইনডেক্সত বিশ্বৰ ১২৭খন দেশৰ ভিতৰত ১০৫ নম্বৰৰ স্থানত উপৱিষ্ট, তেনে এখন দেশত
এনেধৰণৰ কাৰ্য কোটি কোটি দৰিদ্ৰক কৰা উপহাস বুলিয়েই বিভিন্নজনে সমালোচনা কৰিছিল৷ ইয়াৰ
কিন্তু সম্পূৰ্ণ বিপৰীত আছিল অন্য এগৰাকী বিশেষ ব্যক্তি৷ তেওঁ আঢ্যৱন্ত হৈও, ৩০ লাখ কোটি
টকাৰ সম্পত্তিৰ গৰাকী হৈও আজীৱন সাধাৰণ জীৱন-যাপনেৰে আদৰ্শ দেখুৱাই গ’ল৷ জনতাৰ হিতৰ
অৰ্থে, দেশ পুনৰ নিৰ্মাণৰ অৰ্থে আমৃত্যু অহোপুৰুষাৰ্থ কৰি গ’ল৷ উপাৰ্জনৰ ৭০শতাংশতকৈও অধিক
অংশ দৰিদ্ৰ জনগণৰ কল্যাণৰ বাবে উছৰ্গা কৰি নিজকে ত্ৰাণকৰ্তা, দানবীৰ দেৱতাৰ শাৰীত উপনীত
কৰাই গ’ল৷ তেওঁৰ মৃত্যুত যিদৰে দেশবাসী শোকত ম্ৰিয়মান হৈ উঠিল, দেশৰ প্ৰান্তে প্ৰান্তে দৰিদ্ৰ
জনগণৰ মাজত কান্দোনৰ ৰোল উঠিল, তাৰ দ্বাৰাই প্ৰমাণ হয় যে যিমানখিনিলৈকে কৰিব পাৰিলে
জনতাৰ বুকুৰ মণি হ’ব পাৰি, যিমানখিনিলৈ যাব পাৰিলে সাধাৰণজনৰ মনত ভালপোৱাৰ ভাব জাগ্ৰত
কৰিব পাৰি তথা মনত মচিব নোৱৰাকৈ সাঁচ বহুৱাব পাৰি সিমানখিনিলৈকে তেওঁ যাবলৈ সক্ষম হৈছিল৷
যোৱা মঙলবাৰেও দেশৰ কেইবাঠাইতো সেই বিশেষ ব্যক্তিগৰাকীৰ ছবি টেটুৰ দ্বাৰা একাংশ ব্যক্তিয়ে
নিজৰ শৰীৰত অংকণ কৰি তেওঁৰ প্ৰতি থকা আনুগত্য প্ৰকাশ কৰিলে৷ সেইদৰে ছ’চিয়েল মিডিয়াত
দুয়োগৰাকী ব্যক্তিৰ ভিতৰত ভালপোৱাৰ মত দিবলৈ কৰা আহ্বানত হাজাৰ হাজাৰ লোকে পাছৰ
গৰাকীৰ সপক্ষেহে মতদান কৰিলে৷ এয়াই হয়তো ভালপোৱা, এয়াই শ্ৰদ্ধা৷ হয়, আমি সেইগৰাকী ৰতন
টাটাৰ কথাই কৈছোঁ, যি দেশবাসীৰ মাজত নিজকে কহিনুৰ হিচাপে উদ্ভাসিত কৰি তুলিবলৈ সক্ষম
হৈছিল, যি আধুনিক ভাৰতৰ নিৰ্মাতা অভিধাৰেও বিভূষিত হৈছিল৷ প্ৰশ্ন হয়– ৰতন টাটাইনো এনে কি
কৰিলে যাৰ বাবে সমগ্ৰ দেশবাসীয়েই আজি তেওঁৰ প্ৰতি গদগদ? সাধাৰণভাৱে চাবলৈ গ’লে দেশৰ আন
আন ধনী উদ্যোগী ব্যক্তিসকলৰ দৰেই এগৰাকী উদ্যোগপতি আছিল ৰতন টাটা৷ কিন্তু দেখাত একে
লাগিলেও অন্তৰেৰে, চিন্তা-চেতনাৰে তেওঁ ব্যতিক্ৰমী আছিল৷ তেওঁ দেশৰ শিক্ষা, চিকিৎসা, গ্ৰাম্য
উন্নয়নৰ সমৰ্থক আছিল৷ সেইদৰে দেশৰ বৈজ্ঞানিক অগ্ৰগতিতো তেওঁৰ অৱদান উল্লেখনীয় আছিল৷
তেওঁ বিশ্বাস কৰিছিল যে দেশৰ যুৱ-শিক্ষিত সমাজৰ মাজত দক্ষতা বৃদ্ধি কৰিব পাৰিলেহে দেশ

আগুৱাই যাব পাৰিব৷ সেয়ে তেওঁ দক্ষতা বিকাশ কেন্দ্ৰৰ দ্বাৰা দেশৰ লাখ লাখ নিবনুৱা যুৱকক
প্ৰশিক্ষিত কৰি তোলাৰ অহোপুৰুষাৰ্থ কৰিছিল৷ গ্ৰাম্য অঞ্চলত বিদ্যালয়, চিকিৎসালয় নিৰ্মাণ,
কৃষিৰ উন্নয়ন, দুৰ্যোগপীড়িত লোকক সাহায্য আদিত তেওঁৰ অৱদান উল্লেখনীয় আছিল৷ দেশৰ
প্ৰত্যাহবানমূলক অঞ্চলত বিশুদ্ধ পানী যোগানৰ ব্যৱস্থাও তেওঁ কৰিছিল৷ আমেৰিকাৰ ছান
ডিয়েগোৰ ইউনিভাৰ্চিটি অব্‌ কেলিফৰ্নিয়াত টাটা হলৰ দৰে অত্যাধুনিক গৱেষণা কেন্দ্ৰ গঢ়িছিল য’ত
জৈৱ আৰু ভৌতিক বিজ্ঞানৰ গৱেষণাৰ সুবিধা হৈছে৷ তদুপৰি জেনেটিক্স আৰু ৰোগ নিয়ন্ত্ৰণ
সম্পৰ্কে গৱেষণাৰ বাবে টাটা ইনষ্টিটিউট ফৰ জেনেটিক্স এণ্ড ছ’চাইটিও গঠন হৈছে৷ টাটা
এডুকেশ্যন এণ্ড ডেভেলপমেণ্ট ট্ৰাষ্ট টাটা গ্ৰুপৰ এটা দাতব্য সংযুক্ত প্ৰতিষ্ঠান, যিয়ে ভাৰতৰ
পৰা যোৱা স্নাতক ছাত্ৰ-ছাত্ৰীক কৰ্নেল বিশ্ববিদ্যালয়ত পঢ়িবলৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে৷
টাটা চেৰিটীৰ হাৰ্ভাৰ্ড বিজনেছ স্কুল, ৰুজভেল্ট দ্বীপ চৌহদৰ কৰ্নেল টেকৰ টাটা ইন’ভেশ্যন
চেণ্টাৰ আদিৰ দ্বাৰাও শৈক্ষিক-ঔদ্যোগিক আৰু বহুমুখী কাৰ্য সম্ভৱ হৈছে৷ ৰতন টাটাৰ
অধ্যক্ষতাত টাটা ট্ৰাষ্টে এলঝেইমাৰ ৰোগৰ কাৰণ, অন্তৰ্নিহিত ব্যৱস্থাসমূহৰ অধ্যয়ন আৰু
ইয়াৰ আগতীয়া নিদান তথা চিকিৎসা পদ্ধতিৰ বিকাশৰ প্ৰচেষ্টা চলিছিল চেণ্টাৰ ফৰ নিউৰ’ছায়েন্স,
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বাৰা৷ তদুপৰি প্ৰসূতি, শিশু, মানিসক স্বাস্থ্য আদিৰ উপৰি
মেলেৰিয়া, যক্ষ্মাৰ দৰে ৰোগ নিৰ্ণয়কৰণ আৰু চিকিৎসাৰ ক্ষেত্ৰতো তেওঁৰ প্ৰভূত অৱদান আছিল৷
এম আই টি, চি টি ডি আদি কাৰিকৰী প্ৰতিষ্ঠানো দেশৰ বাবে টাটা কোম্পানীৰ অনবদ্য অৱদান৷ ৰতন
টাটাৰ পৰিকল্পনা আৰু নেতৃত্বতে টাটা নেন’ গাড়ীৰ বিকাশৰ ধাৰণা গঢ় লৈ উঠিছিল, যিয়ে গড়ে ভাৰতীয়
গ্ৰাহকৰ হাতৰ মুঠিত থকা ক্ৰয়-ক্ষমতাত গাড়ী ৰখাত সহায় কৰিছিল৷ এয়া মাত্ৰ এক বিন্দু মাত্ৰ
উদাহৰণহে৷ এইগৰাকী জনহিতৈষী ব্যক্তিৰ অসমৰ প্ৰতিও আছিল অলেখ টান৷ অসমক ভালপোৱাৰ
চানেকি তেওঁ হাতেৰেও দি গ’ল৷ ১৯খন কেন্‌ছাৰ হস্পিটেলৰ পৰা কাৰিকৰী আৰু বৃত্তিমুখী বিদ্যালয়লৈ,
চাহৰ পৰা পৰ্যটন, ছেমি কণ্ডাক্টৰলৈ অলেখ অৱদান নিঃস্বাৰ্থভাৱে কৰি গৈছিল৷ কিয়নো তেওঁ
এইবোৰ কেৱল ব্যাৱসায়িক স্বাৰ্থ আগত ৰাখি কৰা নাছিল৷ তেওঁৰ এনে কাৰ্যৰ আগত সদায়ে আছিল
বিকাশৰ স্বাৰ্থ৷ তদুপৰি ৰাজ্যৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তিৰ ক্ষেত্ৰতো টাটাই গ্ৰহণ কৰা
পদক্ষেপে নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল৷ এইগৰাকী ব্যক্তিক অসম চৰকাৰে সৰ্বোচ্ছ
অসামৰিক সন্মান ‘অসম বৈভৱ’-ৰে সন্মানিত কৰিছিল৷ শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰেও
মৰণোত্তৰভাৱে ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী উত্থাপন কৰিছে৷ কিন্তু প্ৰকৃতপক্ষে ৰতন টাটাৰ দৰে
ব্যক্তিৰ অৱদানক এনে কোনো সন্মানেৰে জুখিব নোৱাৰি৷ সহানুভূতি, মানৱীয়তা, সমাজ মংগলম আদি
গুণেৰে তেওঁ জীৱিত অৱস্থাতে এনে এক পৰ্যায়লৈ উন্নীত হৈছিল, আজি মৃত্যুৰ পাছতো তেওঁ জনতাৰ
হৃদয়ে হৃদয়ে প্ৰোজ্জ্বলি আছে৷ কথাতে কোৱা হয়– জনতাৰ হকে উছৰ্গা কৰি যি জীৱন ‘মহাজীৱন’ত
পৰিণত হ’ব পাৰে, তাৰ বাবে পৃথক ‘স্মৃতি সৌধ’ নিৰ্মাণৰ প্ৰয়োজনীয়তা নাথাকে৷ ৰতন টাটাৰ
ক্ষেত্ৰটো এই কথাই খাটে৷

Share This