আজিৰ সম্পাদকীয়, প্ৰব্ৰজন
Dainik Janambhumi
August 28, 2024
ডিজিটেল ডেস্কঃ প্ৰব্ৰজন হৈছে এক প্ৰাকৃতিক অচৰণ৷ কেৱল মানুহেই নহয় বহু সংখ্যক চলমান জীৱৰ জীৱনচক্ৰৰ ই এটা গুৰুত্বপূৰ্ণ অংশ৷ তুলনামূলকভাৱে সুচল ঠাইলৈ স্থায়ী বা অস্থায়ীভাৱে যোৱাৰ পৰিক্ৰমাটোকে কোৱা হয় প্ৰব্ৰজন৷ কিছুমান প্ৰব্ৰজন স্বাভাৱিক, কিছুমান অস্বাভাৱিক৷ কিছুমান বৈধ, কিছুমান অবৈধ৷ মানুহৰ প্ৰব্ৰজনৰ বিষয়টোলৈ যদি চোৱা হয় তেনেহ’লে দেখা যায় যে আজিৰ বিশ্বৰ প্ৰায়বোৰ দেশতেই যি জনগাঁথনি, সেয়া হৈছে প্ৰব্ৰজিত লোকৰ জনগাঁথনি৷
কিছু বছৰৰ আগলৈকে যিহেতুকে জনসংখ্যাৰ অনুপাতবোৰে কাৰো একো অনিষ্ট কৰা নাছিল, সেয়েহে প্ৰব্ৰজনৰ বিষয়টোক সমস্যাৰূপে গ্ৰাহ্য কৰা হোৱা নাছিল৷ কিন্তু আজি যিহেতুকে জনসংখ্যাৰ বৃদ্ধিয়ে চৰম বিস্ফোৰকৰূপ ধাৰণ কৰিছে আৰু যুদ্ধ, অভ্যন্তৰীণ সংঘাত, প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতি আদি অৱস্থাই কিছুমান মানুহৰ বাবে নিজৰ জন্মভূমিখনত জীয়াই থকাৰ পৰিৱেশ নোহোৱা কৰি পেলাইছে, তেনে পৰিপ্ৰেক্ষিতত বিভিন্ন দেশৰ ক্ষতিগ্ৰস্ত মানুহৰ সমীপৱৰ্তী সুচল বুলি ভবা দেশবিলাকলৈ বৈধ কিম্বা অবৈধভাৱে প্ৰব্ৰজন ঘটাটো এক স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰাৰ ফলত আৰু ই ক্ৰমান্বয়ে সংশ্লিষ্ট দেশবিলাকৰ জনগাঁথনি আৰু অৰ্থনীতিত প্ৰভাৱ পেলাবলৈ ধৰাত তথা এনে প্ৰব্ৰজনে সংশ্লিষ্ট দেশবোৰৰ পুৰণি বাসিন্দাসকলৰ জীৱনযাত্ৰাক ক্ষতিগ্ৰস্ত কৰাৰ পৰিপ্ৰেক্ষিতত এনেকুৱা অবাৰিত আৰু অবিৰত প্ৰব্ৰজনবোৰ সাম্প্ৰতিক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সমস্যা ৰূপে চিহ্নিত হৈছে৷ ইয়াৰ একেবাৰে সৰ্বশেষ উদাহৰণ হৈছে ম্যানমাৰ৷ দেশখনৰ সংখ্যাগৰিষ্ঠ বৌদ্ধধৰ্মীয় লোকসকলে ৰহিংগাসকলৰ ওপৰত চলোৱা নিৰ্মম আক্ৰমণৰ ফলত লাখ লাখ ৰহিংগা সম্প্ৰদায়ৰ লোকে বহু কষ্টৰে দুৰ্গম সীমান্ত অতিক্ৰম কৰি বাংলাদেশত প্ৰৱেশ কৰে৷ সেই ৰহিংগাসকলৰ একাংশই অসম তথা উঃ পূবতো প্ৰৱেশৰ চেষ্টা কৰিলেও ইয়াৰ প্ৰশাসনে তেওঁলোকক সেই সুবিধা দিয়া নাই৷ কিন্তু বাংলাদেশে তেওঁলোকক খেদাই পঠিয়াব পৰা নাই একমাত্ৰ মানৱীয় কাৰণত৷ সেই ৰহিংগাসকলৰ ম্যানমাৰলৈ ঘূৰি যোৱাৰ পৰিৱেশ নাই, সেইবাবে তেওঁলোকে ক’ৰবাত সুচল ঠাই অকণমান বিচাৰিবই৷ গাজাষ্ট্ৰীপত ইজৰাইলৰ অবিৰত আক্ৰমণৰ বাবে পেলেষ্টাইনীসকলে স্বভূমি এৰি আশ্ৰয় ল’বলগীয়া হৈছে তুলনামূলকভাৱে নিৰাপদ কাষৰীয়া ঠাইবোৰত৷ এদিন প্ৰাণৰ ভয়ত ইহুদিসকলে ইউৰোপৰ বিভিন্ন ঠাইৰ পৰা যেনেকৈ আহি মধ্য প্ৰাচ্যত আশ্ৰয় ল’ব লগা হৈছিল সেয়া
ইতিহাস অধ্যয়ন কৰাসকলে জানে৷ যোৱা দশকটোত আটাইতকৈ ভয়াৱহ হিচাপে চিহ্নিত হোৱা প্ৰব্ৰজনৰ ধাৰাটো হৈছে ভূমধ্য সাগৰৰ মাজেদি ইউৰোপৰ বিভিন্ন দেশলৈ হোৱা প্ৰব্ৰজন৷ ছিৰিয়া, ছোমালিয়া, আফগানিস্তান, নাইজেৰিয়া, গাম্বিয়া, ছেনেগাল আদি দেশৰ পৰা নাৱেৰে ভূমধ্য সাগৰৰ মাজেদি ইউৰোপৰ দেশবোৰলৈ লাখ লাখ মানুহৰ প্ৰব্ৰজন ঘটি আছে যুদ্ধ, সন্ত্ৰাসবাদ, মানৱাধিকাৰ উলংঘন, দাৰিদ্ৰ্য, ক্ষুধা, প্ৰাকৃতিক দুৰ্যোগ আদি কাৰণৰ বাবে৷ এইবিলাক অবৈধ প্ৰব্ৰজন, কিন্তু ইয়াক ৰোধ কৰাৰ উপায় নাই৷ সেই বিপদসংকুল পথেৰে হোৱা প্ৰব্ৰজনৰ বাবে ২০১৪ চনৰ পৰা এতিয়ালৈকে ২২,৬০০ মানুহৰ হয় সাগৰৰ বুকুত সলিল সমাধি ঘটিছে, অথবা সন্ধানহীন হৈ আছে৷ কিন্তু অতি বিপদসংকুল এই প্ৰব্ৰজন স্তব্ধ হোৱা নাই এই কাৰণেই যে এই মানুহবোৰৰ জীয়াই থকাৰ অন্য বিকল্প নাই৷ অসমলৈ বাংলাদেশীৰ [পূৰ্বৰ পূৰ্ব বংগ আৰু পূব পাকিস্তান] অনুপ্ৰৱেশৰ কাৰণো তেনেকুৱা কিছুমান পৰিস্থিতিগত অৱস্থাই৷ মুছলিম লীগ অথবা মৌলবাদী শক্তিবোৰৰ ব্লুপ্ৰিণ্ট থকাৰ সত্যতাক অস্বীকাৰ কৰিব নোৱাৰি, কিন্তু প্ৰথম সেই প্ৰব্ৰজনৰ ধাৰাটো আৰম্ভ হৈছিল অসম চৰকাৰৰ পৃষ্ঠপোষকতাত৷ ‘গ্ৰ’ ম’ৰ ফুড’ অসম চৰকাৰৰ আঁচনি আছিল৷ দেশ বিভাজনৰ সময়ত বা পৰৱৰ্তী বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত শৰণাৰ্থী হিচাপে বহুতক আদৰি লৈছিল অসম চৰকাৰে৷ অসমত ব্ৰিটিছৰ দিনৰ আইন প্ৰথা নোহোৱা কৰি পেলালে অসম চৰকাৰে৷ সুদীৰ্ঘ দিনৰ প্ৰব্ৰজন ৰোধৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা নল’লে অসম চৰকাৰে৷ তেওঁলোকৰ নাম ভোটাৰ তালিকাত সোমোৱাৰ পৰা ৰেছন কাৰ্ড, আধাৰ কাৰ্ড দিয়ালৈকে সকলো কাম কৰি দিলে চৰকাৰে৷ এতিয়া জনসাধাৰণক চৰকাৰৰ মুৰব্বীয়ে কৈছে– এওঁলোকৰ আগ্ৰাসনে আমাৰ ধৰ্ম-ভাষা, সংস্কৃতি, অস্তিত্ব সকলো শেষ কৰিব৷ তেওঁলোকৰ বিৰুদ্ধে যুঁজিব লাগে! বাস্তৱত সেইটো সম্ভৱনে?
এইখিনিতে এটা কথা উনুকিয়াই থোৱা উচিত হ’ব যে আমি প্ৰব্ৰজনৰ সমস্যাক লৈ উদ্বিগ্ন হৈ থকাৰ সময়ত অসমৰ পৰা বিশাল হাৰত খিলঞ্জীয়া ল’ৰা-ছোৱালীৰ প্ৰব্ৰজন ঘটিছে দেশৰ অন্য ৰাজ্যবোৰলৈ, অথবা বিদেশলৈ৷ সমস্যা একেই৷ গোগামুখ বা জাগুনৰ খিলঞ্জীয়া ডেকাজনৰ সন্মুখৰ পৰিৱেশ শূন্য৷ চাকৰি নাই, বেপাৰ কৰাৰো সামৰ্থ্য নাই, খেতি কৰাটোও দুঃসাধ্য৷ এনে পৰিস্থিতিত তেওঁ দক্ষিণ ভাৰত কিম্বা গুজৰাটত নূ্যনতম আয়ৰ সংস্থাপনৰ সুযোগ এটা গ্ৰহণ কৰিবলৈ ওলাই যোৱাৰ বাদে গত্যন্তৰ নাই৷ পথাৰ ভালপোৱা অসমীয়াই এনেদৰে পথাৰ এৰি কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ প্ৰব্ৰজনৰ ধাৰা এটাৰ সৃষ্টি কৰিবলগীয়া হোৱাটো কম উদ্বেগজনক কথা নহয়৷ এসময়ত অসমীয়া মানুহে বাহিৰলৈ ওলাবলৈ টান পায় বুলি বদনামেই আছিল৷ যি নহওক, পুৰণি বাসিন্দা আৰু নতুন প্ৰব্ৰজনৰ এটা সংঘাত সকলোতে আছে৷ আমেৰিকাত ৯০.জ্জ্ব নিযুত প্ৰব্ৰজিত মূলৰ মানুহে বাস কৰে৷ তাতো সংঘাত আৰম্ভ হৈছে৷ এসময়ত অষ্ট্ৰেলিয়াই বিভিন্ন দেশৰ মানুহক সেই দেশলৈ আদৰণি জনাইছিল৷ তাৰ সুযোগ লৈ হোৱা বিশাল প্ৰব্ৰজনৰ বাবে তাতো শেহতীয়াকৈ সংঘাত আৰম্ভ হৈছে৷ একেদৰে অসমতো সংঘাত বৃদ্ধি পাবলৈ ধৰিছে৷ কিন্তু সমান্তৰালকৈ কোনো দেশতে কোনো প্ৰব্ৰজনকাৰীক খেদিব নোৱৰা পৰিস্থিতি এটাৰো সৃষ্টি হৈছে৷ গতিকে এটা স্পষ্ট নীতি লাগিব৷ উজনি অসমৰ কৃষি অৰ্থনীতি কোনে ৰক্ষা কৰিব তাৰো এটা স্পষ্ট নীতি তথা আঁচনি লাগিব৷ ইয়াত থকা প্ৰব্ৰজিত মূলৰ মানুহখিনিৰ কি হ’ব তাৰো এটা স্পষ্ট নীতি লাগিব৷ কেৱল হৈ -হাল্লা কৰি দেশ নচলে৷
Share This