ডিজিটেল ডেস্কঃ বিদেশ ভ্ৰমণবিলাকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেকুৱা এটা পৰিৱেশ ৰচনা কৰি দিয়ে যেন সমগ্ৰ বিশ্বৰ নেতাসকল মোদীক কেন্দ্ৰ কৰি ব্যস্ত হৈ আছে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডে জেনেইৰোত অনুষ্ঠিত জি-২০১ এখন সন্মিলনত ভাগ ল’বলৈ যোৱাৰ সময়তে দুখন আফ্ৰিকীয় ৰাষ্ট্ৰ নাইজেৰিয়া আৰু গায়ানাও ভ্ৰমণ কৰে৷ দুয়োখন ৰাষ্ট্ৰতে প্ৰধানমন্ত্ৰীগৰাকীক জনোৱা আদৰণিৰ ৰূপটো আছিল যিকোনো ভাৰতীয়ক গৰ্বিত, উৎফুল্লিত কৰিব পৰা ধৰণৰ৷ গায়ানাত মোদীক আদৰিবলৈ যেন গোটেই চৰকাৰখনেই বিমানবন্দৰলৈ উঠি আহিল৷ তাৰ ৰাষ্ট্ৰপতিগৰাকী কোনো দেশৰে ৰাষ্ট্ৰনেতাক আদৰিবলৈ বিমান বন্দৰলৈ অহাৰ প্ৰট’কল নাই৷ কিন্তু এইবাৰ সেই প্ৰট’কল ভংগ কৰি দেশখনৰ ৰাষ্ট্ৰপতি ইৰফান আলি মোদীক আদৰিবলৈ বিমান বন্দৰত উপস্থিত হয়৷ তদুপৰি, দেশখনৰ প্ৰধানমন্ত্ৰীৰ লগতে এক ডজনতকৈও অধিক মন্ত্ৰীয়ে বিমান বন্দৰত আদৰণি জনায় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক৷ এই ভ্ৰমণকালতে দেশখনে মোদীক আগবঢ়ায় দেশখনৰ সৰ্বোচ্ছ অসামৰিক সন্মান৷ উল্লেখ কৰা উচিত হ’ব যে যোৱা ৫৬ বছৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে গায়ানা ভ্ৰমণ কৰা নাই৷ কিন্তু তাৰ জনসংখ্যাৰ ৪৫ শতাংশই ভাৰতৰ পৰা প্ৰব্ৰজন কৰা লোক৷ ১৮৫ বছৰৰ পূৰ্বে ভাৰতীয়সকলৰ পূৰ্বপুৰুষে গায়ানালৈ প্ৰব্ৰজন কৰিছিল৷ এতিয়া তাত ভাৰতীয় মূলৰ জনসংখ্যা প্ৰায় ৩,২০,০০০৷ তাতো সেই একেই পৰিচিত দৃশ্য৷ ভাৰতীয় মূলৰ লোকসকলে মোদীক চাবলৈ বিমান বন্দৰ আৰু হোটেলত উবুৰি খাই পৰেহি৷ চৌদিশে মোদী মোদী ধবনি৷ মোদীৰ প্ৰতিটো বিদেশ ভ্ৰমণকালত এইধৰণৰ পৰিবেশ ৰচনা হয়৷ এই ভ্ৰমণৰ জৰিয়তে সেই দেশখনৰ লগত, নেতাসকলৰ লগত তথা ভাৰতীয় মূলৰ লোকসকলৰ লগত মোদীৰ এটা নিবিড় সম্পৰ্ক স্থাপন হ’ল ঠিকেই, কিন্তু ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীৰ লক্ষ্য কেৱল সেইটো নাছিল৷ বৃহৎ পৰিমাণৰ খাৰুৱা তেলেৰে সমৃদ্ধ দেশ গায়ানা৷ দেশখনৰ সৈতে অৰ্থনৈতিক সম্পৰ্কৰ এটা নতুন অধ্যায় ৰচনা কৰি ভাৰতে দেশখনৰ খাৰুৱা তেল লাভ কৰাৰ পথ প্ৰশস্ত কৰি থৈ আহিল মোদীয়ে৷ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তোলাটো মোদীৰ ‘গ্ল’বেল ছাউথ’ৰ দেশবোৰৰ মাজত সহযোগিতা বৃদ্ধিৰ কাৰ্যসূচীৰ অংশ বুলি বিশিষ্ট সংবাদ মাধ্যমবোৰেও ব্যক্ত কৰিছে৷ গায়ানাৰ দৰে নাইজেৰিয়াতো মোদীক প্ৰদান কৰা মৰ্যাদা অভূতপূৰ্ব৷ ১৭ বছৰৰ মূৰত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ৰূপে কৰা এই নাইজেৰিয়া ভ্ৰমণৰ সময়ত মোদীক দেশখনে তেওঁলোকৰ দ্বিতীয় সৰ্বোচ্ছ ৰাষ্ট্ৰীয় সন্মান ‘দ্য গ্ৰেণ্ড কমাণ্ডাৰ অব্ অৰ্ডাৰ অব্ নাইজাৰ’ প্ৰদান কৰে৷ ১৯৬৯ চনৰ পাছত এই সন্মান লাভ কৰা মোদী হৈছে বিশ্বৰ প্ৰথমগৰাকী নেতা৷ সিমানেই নহয় বিশ্বৰ মাত্ৰ দুগৰাকী নেতাই এই সন্মান লাভ কৰিছে৷ তেওঁৰ পূৰ্বে এই সন্মান প্ৰদান কৰা হৈছিল ইংলেণ্ডৰ ৰাণীক৷ আফ্ৰিকাত চীনৰ প্ৰভাৱ বৃদ্ধি পাই অহাৰ সময়ত মোদীৰ এই ভ্ৰমণ কূটনৈতিক আৰু ৰাজনৈতিক দিশৰ পৰা অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ নাইজেৰিয়া হৈছে আফ্ৰিকাৰ অতি দ্ৰুতগতিত অৰ্থনীতিৰ বিকাশ ঘটা দেশ৷ নাইজেৰিয়াক ‘জায়েণ্ট অব্ আফ্ৰিকা’ বুলি কোৱা হয়৷ কাৰণ জনসংখ্যাৰ দিশৰ পৰা দেশখন আফ্ৰিকাৰ ভিতৰত প্ৰথম হোৱাই নহয়, আফ্ৰিকা মহাদেশত অৰ্থনৈতিক শক্তিৰ দিশৰ পৰা ই চতুৰ্থ আৰু সামগ্ৰী নিৰ্মাণ [মেনুকেকচাৰিং] খণ্ড ৰূপে আফ্ৰিকাৰ তৃতীয় স্থানত আছে৷ যোৱা দুটা দশকত চীনে আফ্ৰিকাৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ দ্ৰুত গতিক বিকাশ ঘটাইছে৷ আফ্ৰিকাৰ সৈতে চীনৰ ব্যৱসায় আমেৰিকাতকৈও বেছি৷ চীন-আফ্ৰিকাৰ বৰ্তমান ব্যৱসায় ৩০০ বিলিয়ন ডলাৰৰ৷ ২০১২ চনত এই পৰিমাণ আছিল ১২৮ বিলিয়ন ডলাৰৰ৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি আফ্ৰিকাত কেনেদৰে বৃদ্ধি পাইছে চীনৰ প্ৰভাৱ৷ ১০ হেজাৰৰো অধিক চীনা প্ৰতিষ্ঠানে সমগ্ৰ আফ্ৰিকাত কাম কৰি আছে [ৰাষ্ট্ৰীয় সংবাদপত্ৰৰ তথ্য]৷ সেই আফ্ৰিকাৰ সৈতে ভাৰতে নিজৰ ব্যাৱসায়িক তথা অন্যান্য সম্পৰ্ক বৃদ্ধিৰ বাবে লোৱা পদক্ষেপৰে অংশ মোদীৰ গায়ানা আৰু নাইজেৰিয়া ভ্ৰমণ৷ অৱশ্যে, নাইজেৰিয়াই স্বাধীনতা লাভ কৰাৰ পাছৰে পৰাই দেশখনৰ বিকাশত ভাৰতে বিশেষ ভূমিকা পালন কৰি আহিছে৷ নাইজেৰিয়াৰ মেনুফেকচাৰিং খণ্ডত দুশ ভাৰতীয় কোম্পানীয়ে বৰ্তমান ২৭ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে৷ ভাৰতে এই ধাৰাটোক ত্বৰান্বিত কৰিব বিচাৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে ব্যক্ত কৰিছে৷ তৃতীয়টো কাৰ্যকালৰ দায়িত্ব গ্ৰহণৰ পাছৰে পৰা মোদীৰ কূটনৈতিক পদক্ষেপবিলাক সমগ্ৰ বিশ্বৰ লক্ষণীয় হৈ পৰিছে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাছিয়া ভ্ৰমণ কৰাৰ পাছৰে পৰা চীন-ভাৰতৰ সম্পৰ্কই কেনেদৰে ‘ইউ টাৰ্ন’ লৈছে সেয়া সকলোৰে নি(য় :াত৷ লাডাখৰ দুই অতি বিবদমান এলেকাৰ পৰা দুয়ো দেশৰ সৈন্য প্ৰত্যাহাৰ হৈছে৷ মোদী ব্ৰাজিলত থকাৰ সময়তে ব্ৰাজিলৰ ৰাজধানীত ভাৰত-চীনৰ বৈদেশিক মন্ত্ৰী দুগৰাকী বাৰ্তালাপত মিলিত হোৱাৰ সময়তে লাওচত দেশ দুখনৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীৰো দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷ দুয়োখন দেশৰ সম্পৰ্কৰ ইমান দ্ৰুতগতিত বিকাশ ঘটিছে যে অচিৰেই দেশ দুখনৰ মাজত বিমান যোগাযোগো আৰম্ভ হ’ব বুলি প্ৰকাশ পাইছে৷ এতিয়ালৈকে যুদ্ধ বন্ধ নহ’লেও কম দিনৰ ভিতৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৰ্বোচ্ছ নেতা দুগৰাকীৰ সৈতে বহি শান্তিৰ এক পৰিৱেশ গঢ়িবলৈ মোদীয়ে কৰা চেষ্টাকো বিশ্বই গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ বিশ্বত জটিলতা বৃদ্ধি পোৱাৰ লগে লগে ভাৰতৰ ভূমিকাৰ গুৰুত্বও যে বাঢ়ি গৈছে মোদীক বিভিন্ন দেশে দিয়া গুৰুত্ব আৰু সন্মানবোৰেই প্ৰমাণ কৰিছে৷