আজিৰ সম্পাদকীয়,এন আৰ চিৰ দাবী

Dainik Janambhumi September 30, 2024

ডিজিটেল ডেস্কঃ  ১৯৪৭ চনৰ ১৫ আগষ্টৰ সংখ্যাৰ ‘নতুন অসমীয়া’ত বিশিষ্ট সাংবাদিক হৰেন্দ্ৰ নাথ বৰুৱাই লিখা ‘অসমৰ ভৱিষ্যৎ’ শীৰ্ষক প্ৰবন্ধটোক যদি এটা খুঁটি বুলি ধৰা হয়, তেনেহ’লে ক’ব লাগিব যে স্বাধীনতাৰ প্ৰথম দিনটোৰ পৰাই অসমত অনুপ্ৰৱেশৰ সমস্যাৰ ভয়াৱহতাৰ বিষয়ে চৰ্চা হৈছিল আৰু সেই চৰ্চাৰ ধাৰাটোৱেই গৈ ১৯৭৯ত গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিছিল৷ উল্লিখিত প্ৰবন্ধটোত হৰেন্দ্ৰ নাথ বৰুৱাই কৈছিল, ‘অসমীয়া জাতি তিষ্ঠিবলৈ আৰু উধাবলৈ হ’লে অসমৰ কেইবাটাও গুৰুতৰ সমস্যাৰ সমাধানৰ আৱশ্যক৷ বিদেশী-আগমনৰ সমস্যা, ট্ৰাইবেল সম্প্ৰদায়ৰ সমস্যা, চাহ বাগিচা আৰু অন্যান্য কল-কাৰখানাৰ শ্ৰমিকৰ সমস্যা, আৰ্থিক উন্নয়নৰ সমস্যা, ভাষাৰ সমস্যা– এইকেইটাই তাৰ সৰ্বপ্ৰধান৷ সেই প্ৰবন্ধৰ ‘পমুৱাৰ সমস্যা’ৰ দফাত তেওঁ ছাদুল্লা মন্ত্ৰীসভাৰ ৰাজহ মন্ত্ৰী মনৱাৰ আলী চাহাবে ‘অসম পৰিষদ’ৰ অধিৱেশনত দিয়া প্ৰশ্নোত্তৰৰ তথ্যৰ উল্লেখ কৰি কৈছিল যে ১৯৪৩-৪৪ বছৰটোৰ ভিতৰত প্ৰায় ২ লাখ একৰ মাটি [অৰ্থাৎ ৬ লাখ বিঘাতকৈও সৰহ] বাহিৰৰ পমুৱাক বন্দবস্তি দিয়া হৈছিল৷ সেই হিচাপ ধৰি নিঃসংকোচে ক’ব পৰা যায় যে ১৯৪১ চনৰ পৰা ১৯৪৪ চনৰ শেষলৈকে অন্ততঃ ১৫ লাখ বিঘা মাটি বিদেশী পমুৱাক বন্দবস্তি দিয়া হয়৷ লগতে তেওঁ ‘আসাম লেণ্ড ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন ৰিপ’ৰ্ট’ৰ উদ্ধৃতি দি ‘অসম গৱৰমেণ্টে মৈমনচিঙীয়া পমুৱাক ১৯৪৪ চনলৈ প্ৰায় ২৩ লাখ বিঘা মাটি বন্দবস্তি দিছে’ বুলিও উল্লেখ কৰিছিল৷

[সূত্ৰঃ ‘অসমৰ ভৱিষ্যৎ’: অঞ্জন শৰ্মা] সেই তেতিয়াৰ পৰা আজিলৈকে পূৰ্ববংগীয় মূলৰ পৰা বাংলাদেশীমূললৈকে অগণন অবৈধ বিদেশীৰ অবাৰিত প্ৰব্ৰজনে অসমৰ অৱস্থা কি কৰিলে আৰু আজিৰ তাৰিখত আমাৰ ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ অৱস্থান আৰু অৱস্থা কি, তাক বাৰম্বাৰ দোহৰাৰ প্ৰয়োজন নাই৷ সেইকাৰণেই ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সূচনা হোৱা অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰ আন্দোলনটোৰ মূল দাবী আছিল– ১৯৫১ চনৰ পাছত অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা, এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা আৰু এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰা৷ এই তিনিটা দাবীকেই প্ৰায় একাষৰীয়া কৰি এতিয়া মুখ্যমন্ত্ৰীকে ধৰি সকলো ব্যস্ত হৈ আছে ‘আপোচমূলক’ অসম চুক্তিৰ ৬নং দফাত উল্লেখ থকা ‘অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ’ প্ৰদানৰ বিষয়টোক লৈ নৰেন্দ্ৰ মোদী চৰকাৰৰ গৃহ দপ্তৰে গঠন কৰি দিয়া প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা - নেতৃত্বাধীন সমিতিৰ প্ৰতিবেদনৰ ৬৭টা দফাৰ ৰূপায়ণৰ বিষয়টোক লৈ৷ এই ৬৭টা দফাৰ ৰূপায়ণ কৰিবলৈ লোৱাটো অসমৰ খিলঞ্জীয়াৰ বাবে নিশ্চিতভাৱে মংগলজনক, কিন্তু ৰূপায়ণৰ তৎপৰতা কিমান আন্তৰিকতাপূৰ্ণ, সেইটো আহিবলগীয়া দিনবোৰত গম পোৱা যাব৷ কিন্তু এই সময়তে এটা লক্ষণীয় কথা হৈছে আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত এন আৰ চি, অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবী কৰাটো৷ উল্লেখযোগ্য যে ড০ শৰ্মাক ভাৰতীয় জনতা পাৰ্টি [বিজেপি]য়ে ঝাৰখণ্ডত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ বাবে দলৰ সহঃপ্ৰভাৰীৰ দায়িত্ব দিছে৷ সেই দায়িত্ব নিৰ্বাহ কৰাৰ দিন ধৰি ড০ শৰ্মাই ঝাৰখণ্ডৰ অবৈধ বাংলাদেশীৰ সমস্যাটোক লৈ সৰৱ হৈ আহিছে৷ ঝাৰখণ্ডৰ সমস্যা অসমৰ দৰেই ভয়াৱহ বুলি উল্লেখ কৰি শনিবাৰে তেওঁ ৰাজ্যখনৰ হাজাৰীবাগত কৈছে যে বিজেপি ৰাজ্যখনৰ ক্ষমতাত অধিষ্ঠিত হ’লে তাত এন আৰ চি উন্নীত কৰা হ’ব আৰু চিনাক্ত হোৱা বাংলাদেশীবোৰক গঁতিয়াই গঁতিয়াই বাংলাদেশলৈ পঠোৱা হ’ব৷

এইটো ঠিক যে নিজ ৰাজ্য অসমতো ড॰ শৰ্মা মুছলমান অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যথেষ্ট সৰৱ৷ তেওঁ ইয়াৰ খিলঞ্জীয়া মানুহবোৰ কেনেকৈ দিনক দিনে অস্তিত্বৰ সংকটৰ দিশে গৈ আছে, সেই কথা লুক-ঢাক নোহোৱাকৈ কৈ আছে৷ লগতে তেওঁ লোক সভা-বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ, ট্ৰাইবেল বেŒI× ব্লক সংৰক্ষণ আৰু সংবৰ্ধন, ভূমি ক্ৰয়-বিক্ৰয়ত চৰ্ত আৰোপৰ দৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰি খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ হকে পদক্ষেপ গ্ৰহণ নকৰাও নহয়৷ এইবিলাকৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসা কৰিও ক’ব লাগিব যে এইবিলাক আনুষংগিক ব্যৱস্থাহে৷ আমাৰ ৰাজ্যৰ খিলঞ্জীয়া মানুহক স্থায়ীভাৱে ৰক্ষাৰ ব্যৱস্থা কৰিবলৈ হ’লে প্ৰয়োজন হ’ব এখন শুদ্ধ নাগৰিকপঞ্জী আৰু তাৰ আধাৰত প্ৰস্তুত কৰা শুদ্ধ ভোটাৰ তালিকা, যিটো দাবী ১৯৭৯ চনতে অসম আন্দোলনৰ সূচনাতে তোলা হৈছিল৷ ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এন আৰ চি দাবী কৰিছে, ঠিক আছে, দেশৰ অন্য ৰাজ্যতো সেয়া কৰা হওক; কিন্তু অসমত উচ্ছতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ তথা নজৰত প্ৰস্তুত হোৱা নাগৰিকপঞ্জীখন দুৰ্ভাগ্যজনকভাৱে কেইবাবছৰ ধৰি ওলমি আছে৷ এইখনৰ ভৱিষ্যৎ দি কোনেও নাজানে৷ সেই নাগৰিকপঞ্জীখনৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ মুখ্য সমন্বয়কৰ দায়িত্বৰ থকা প্ৰতীক হাজেলাই বহু কোটি টকাৰ কেলেংকাৰি কৰা, অবৈধ বিদেশীৰ নাম তাত অন্তৰ্ভুক্ত কৰা, বহু বৈধ নাগৰিকৰ নাম তাৰ পৰা বাদ পৰা বুলি অভিযোগ আছে আৰু সেইবাবেই পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু এতিয়াৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সেই নাগৰিকপঞ্জীখনক মান্যতা দিব খোজা নাই৷ কিন্তু তেনেকৈ নাগকিৰপঞ্জীখন এৰাই চলিলেই সমস্যাৰ শেষ নহ’ব৷ যদি নাগৰিকপঞ্জীখনত ভুল আছে তাৰ পুনৰীক্ষণৰ ব্যৱস্থা এই চৰকাৰে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক৷ বৰঞ্চ এতিয়া অধিক সুবিধাহে আছে৷ কাৰণ নাগৰিকপঞ্জীখনত সকলোৰে নাম আৰু হাতৰ চাপ, বংশলতা সন্নিৱিষ্ট হৈ আছে৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঝাৰখণ্ডৰ দৰেই অসমতো শুদ্ধ নাগৰিকপঞ্জীৰ বিষয়টোক এটা ‘ইছ্যু’ কৰি লৈ ইয়াৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰক৷ জাতিটো তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব৷

Share This