আজিৰ সম্পাদকীয়,পুৰণি বিজেপি.....

Dainik Janambhumi August 13, 2024

আজিৰ সম্পাদকীয়,পুৰণি বিজেপি.....

ডিজিটেল ডেস্কঃ নতুন আৰু পুৰণি বিজেপিৰ মতানৈক্য, সংঘাত, বিদ্ৰোহ, দলত্যাগৰ কেতবোৰ ঘটনা আৰু চৰ্চাই আমাৰ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ যোৱা কিছুদিন ধৰি উষ্ণ কৰি ৰাখিছে৷ প্ৰকৃততে দল-সংগঠনবিলাকৰ সদস্য, কৰ্ম-কৰ্তাৰ মাজত নতুন আৰু পুৰণিৰ পৃথক পৃথক পৰিচয় বা গোট নাথাকে, থাকিব নালাগেও৷ কাৰণ কোনোবা আছিল, কোনোবা আছে, কোনোবা যাব, কোনোবা আহিব– এইটো এটা ধাৰা৷ পুৰণি কংগ্ৰেছী-নতুন কংগ্ৰেছী, পুৰণি কমিউনিষ্ট-নতুন কমিউনিষ্ট বুলিতো পৃথকীকৰণ কেতিয়াও হোৱা নাই৷ কিন্তু অসমৰ বিজেপি দলটোক লৈ আনুষ্ঠানিকভাৱে নহ’লেও অনানুষ্ঠানিকভাৱে এই বিভাজন দেখা গৈছে৷ আনকি কেৱল চৰ্চাতে সীমাবদ্ধ হৈ নাথাকি ন-পুৰণি বিজেপিৰ সংঘাত-কেন্দ্ৰিক বিষয় কিছুমানে আনুষ্ঠানিক ৰূপ ল’বলৈ আগবঢ়া বুলিও বিভিন্ন মাধ্যমত বাতৰি ওলাইছে৷ দীৰ্ঘদিনৰ বিজেপি তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৰিয়ালৰ সৈতে জড়িত অশোক শৰ্মা, ভবেন মহন, যুধিষ্ঠিৰ গগৈৰ দৰে ব্যক্তিয়ে বিজেপি এৰি অন্য দলত যোগদান কৰা ঘটনা আৰু এই পৰিয়ালৰ অন্য একাংশ পুৰণি নেতা-কৰ্মীয়ে নতুন ৰূপত ‘জনসংঘ’ গঠন কৰিবলৈ কুচকাৱাজ চলাই থকাৰ বিশ্বাসযোগ্য খবৰে ন-পুৰণি বিজেপিৰ সংঘাতৰ গভীৰতা কিমান তাক ধাৰণা কৰাৰ ভিত্তি  দিয়ে৷ অন্য দল-সংগঠনত নেদেখা বা নোহোৱা এনেকুৱা বিভাজনৰ চৰ্চা বিজেপিত হোৱাটোৰ এটা কাৰণ আছে৷ সেয়া হ’ল বিজেপিৰ ঐতিহ্য আৰু ইয়াৰ সাংগঠনিক বৈশিষ্ট্য৷ যেই সেই মানুহ বিজেপি হ’ব নোৱাৰে বুলিয়েই কেইবছৰমান আগলৈকে এটা ধাৰণা আছিল৷

 

 বিজেপি হ’বলৈ হ’লে প্ৰথম চৰ্তটো আছিল আৰ এছ এছৰ প্ৰতি আনুগত্য৷ হিন্দু সাংস্কৃতিক জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰে পৰা সংগ্ৰাম কৰি অহা আৰ এছ এছৰ ৰাজনৈতিক শাখাৰ ৰূপত জনসংঘৰ আত্মপ্ৰকাশ, সেই জনসংঘৰ কালক্ৰমত ভাৰতীয় জনতা পাৰ্টি [বিজেপি]লৈ ৰূপান্তৰৰ এই ধাৰাটোত কিছুমান মানুহৰ নিৰৱচ্ছিন্ন আৰু নিষ্ঠাপূৰ্ণ সেৱা, শ্ৰম, ত্যাগ জড়িত হৈ আছে৷ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ আমাৰ দেশত আৰ এছ এছ, জনসংঘ তথা বিজেপিৰ এই ধাৰাটোত এনেবোৰ মানুহৰহে প্ৰৱেশ ঘটিছিল যিসকলে ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ আধাৰত আমাৰ দেশখন পৰিচালিত হোৱাটো বিচাৰিছিল আৰু ইয়াৰ আধাৰত এটা ‘জাতীয় পৰিচয়’ [National identity] গঢ় লোৱাৰ প্ৰত্যাশাৰে সংগ্ৰাম কৰিছিল, যাক আজি সহজ ভাষাত হিন্দুত্ববাদী বুলি কোৱা হয়৷ এনে এক নিৰ্দিষ্ট দৰ্শনৰ আধাৰত পৰিচালিত হোৱা বাবে এই ধাৰাৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱা মানুহৰ সংখ্যা কম আছিল৷ আৰু যিসকল আছিল তেওঁলোকৰ দলীয় আদৰ্শৰ প্ৰতি নিষ্ঠা আছিল প্ৰশ্নাতীত৷ নব্বৈৰ দশকলৈকে আমি আমাৰ ৰাজ্যতেইনো কেইজন জনসংঘ বা বিজেপিৰ নেতা-কৰ্মীক দেখিছিলোঁ!

 

জৰুৰী অৱস্থাৰ বিৰুদ্ধে কৰা সংগ্ৰাম, জনতা পাৰ্টি গঠন, আদৱানিৰ ৰথযাত্ৰা, বাবৰি মছজিদ ধ্বংস, বাজপেয়ী চৰকাৰৰ দৰে ঘটনা-প্ৰৱাহে বিজেপিৰ ৰাজনৈতিক গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি কৰি আনিলেও ইয়াৰ কৰ্মকৰ্তা হোৱাৰ ক্ষেত্ৰত সীমাবদ্ধতা তেতিয়াও ভঙা নাছিল৷ কিন্তু ২০১৪ত ৰাজনৈতিক পৰিৱৰ্তন, দলত অন্তৰ্ভুক্তিৰ ‘মিছকল’ ব্যৱস্থা আৰু অন্য দলত বিভাজন ঘটাই বিজেপিক শক্তিশালী কৰা নীতিয়ে গেৰুৱা দলটোৰ ৰূপেই সলনি কৰি পেলালে৷ আগতে আছিল বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি অনুগামীৰ পৰিসৰ বৃদ্ধি কৰা আৰু এতিয়া হৈছে বিজেপিৰ ক্ষমতাৰ পৰিসৰ বৃদ্ধি কৰা৷ ক্ষমতাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ হ’লে মূল আদৰ্শত আপোচৰ গত্যন্তৰ নাথাকে৷ এতিয়া বিজেপিত ক্ষমতাৰ যুগ চলি আছে৷ আমাৰ দেশৰ ৰাজনীতিত ক্ষমতাৰ বলয়ৰ প্ৰতি সুযোগ সন্ধানীৰ আকৰ্ষণ এক পৰিচিত দৃশ্য৷ ক্ষমতাত যি দল আছে তাতেই অনুগামীৰ ভিৰ৷ সেই কাৰণেই একালৰ অতি আদৰ্শবাদী বিজেপি এতিয়া ক্ষমতাসন্ধানীৰ মঞ্চ হৈ পৰিছে৷ নতুন-পুৰণি বিজেপিৰ সংঘাতৰ কাৰণো সেয়াই৷

 

 কেইবছৰমান আগলৈকে কংগ্ৰেছত দপদপাই থকা নেতাসকলেই এতিয়া নিয়ন্ত্ৰণ কৰে বিজেপিক৷ ইয়াৰ ফলত যিসকল পুৰণি বিজেপি নেতা প্ৰায় অস্তিত্বহীন হৈ পৰাৰ উপক্ৰম হৈছে, তেওঁলোক অসন্তুষ্ট হোৱা স্বাভাৱিক৷ তেনেকুৱা একাংশই বিদ্ৰোহ কৰিছে, সমালোচনা কৰিছে, দলত্যাগ কৰিছে৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত অশোক শৰ্মাৰ দৰে নিষ্ঠাৱান আৰ এছ এছৰ কৰ্মী, প্ৰাক্তন বিধায়কে দীৰ্ঘদিন সেৱা কৰাৰ দলটো এৰি সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ কংগ্ৰেছত যোগদান কৰাটো গুৰুত্বপূৰ্ণ ঘটনা৷ একেদৰে ৩২ বছৰ ধৰি আৰ এছ এছ-বিজেপিত সেৱা আগবঢ়োৱা কৰ্ণাটকৰ সতীশ প্ৰভুৱেও যোৱা বছৰ কংগ্ৰেছত যোগদান কৰিছিল৷ নীতিনিষ্ঠ পুৰণি বিজেপি নেতা-কৰ্মীসকল বৰ্তমানৰ ক্ষমতা-কেন্দ্ৰিক পৰিৱেশত সহজ হ’ব নোৱাৰিলেও এটা কথা ঠিক যে আজিৰ তাৰিখত ক্ষমতাত বৰ্তি থাকিবলৈ হ’লে এনেধৰণৰ ৰাজনীতিৰ গত্যন্তৰো নাই৷ এতিয়া সমগ্ৰ বিষয়টো নিৰ্ভৰ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ দৃষ্টিভংগীৰ ওপৰত, কাৰণ গণতান্ত্ৰিক দেশ এখনত দল এটাই সকলো সময়তে ক্ষমতা ধৰি ৰখাটো সহজ কথা নহয়৷ কিবা কাৰণত ক্ষমতাৰ পৰা আঁতৰিব লগা হ’লে আজি দলটোত ভিৰ কৰা সুযোগ সন্ধানীসকল দলটোত থাকিবনে? সুযোগসন্ধানীসকল কিবা কাৰণত আঁতৰি গ’লে দলটোৰ পতাকাখন কোনে বহন কৰিব, কোনে গভীৰ আন্তৰিকতাৰে বিজেপিৰ নীতি-আদৰ্শৰ প্ৰসাৰ ঘটাব৷ কংগ্ৰেছ বা অন্য কিছুমান দলত সেই সমস্যা নাই, কিন্তু বিজেপিৰ ভৱিষ্যতৰ স্বাৰ্থত কথাবোৰ ভাবিবলগীয়া৷

Share This