আজিৰ সম্পাদকীয়, লাভলীনাৰ বাবে প্ৰাৰ্থনা...

Dainik Janambhumi August 02, 2024


ডিজিটেল ডেস্কঃ ২৬ জুলাইৰ পৰা আৰম্ভ হোৱা পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন এইমুহূৰ্তলৈকে সন্তোষজনক নহয় বুলি ক’লে ভুল কোৱা নহ’ব৷ এইবেলি ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে শ্বুটাৰ মনু ভাকৰে৷ ইতিহাস সৃষ্টিৰে খেলুৱৈগৰাকীয়ে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক জয় কৰে৷ অলিম্পিকৰ ইতিহাসত শ্বুটিঙত পদক জয় কৰা তেওঁ হ’ল প্ৰথমগৰাকী মহিলা৷ 

টকিঅ’ অলিম্পিক ২০২১-ত প্ৰথমবাৰৰ বাবে অংশ লোৱা এইগৰাকী ক্ৰীড়াবিদে পিষ্টলৰ বিজুতিৰ বাবে খালী হাতেৰে ওভতি আহিবলগীয়া হৈছিল৷ অৱশ্যে একাগ্ৰতা, ধৈৰ্য আৰ সাধনাৰ বলত পেৰিছত তেওঁ ঈপ্সিত লক্ষ্যত উপনীত হোৱাই নহয়, ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ এক উজ্জ্বল নক্ষত্ৰত পৰিণত হয়৷ ভাৰতৰ হৈ প্ৰথমটো পদক জয় কৰি খেলুৱৈগৰাকীয়ে দেশক গৌৰৱান্বিত কৰে৷ আনহাতে, ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙৰ যুটিয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত কোৰিয়াক পৰাজিত কৰি ব্ৰঞ্জৰ পদক জয় কৰে৷ এইটো আছিল চলিত অলিম্পিকত ভাৰতৰ দ্বিতীয়টো পদক৷ মনুৱে ব্ৰঞ্জৰ এই পদক জয় কৰি এক ইতিহাসৰ সৃষ্টি কৰে৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত একেখন অলিম্পিকত দুটা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয়ৰূপে পৰিগণিত হোৱা মনুৰ সাফল্যক লৈ সমগ্ৰ দেশতে এতিয়া আনন্দৰ বন্যা৷
 উল্লেখ্য যে টকিঅ’ অলিম্পিক ২০২১-তো ভাৰতৰ হৈ প্ৰথমটো পদক জয় কৰিছিল এগৰাকী মহিলা ক্ৰীড়াবিদে৷ এইবেলিও সেইগৰাকী ক্ৰীড়াবিদ মীৰাবাঈ চানুৱে পদকৰ বাবে যুঁজ দিব৷ পেৰিছত ভাৰতৰ হৈ তৃতীয়টো পদক অৰ্জন কৰে শ্বুটাৰ স্বপ্নিল কুশলেই৷ আনহাতে, কেৰিয়াৰৰ দ্বিতীয়খন অলিম্পিকত অংশগ্ৰহণেৰে অসমবাসীক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁয়ে এইবেলি পদকৰ যুঁজত প্ৰথম ঢাপত উত্তীৰ্ণ হৈ সমগ্ৰ দেশবাসীৰেই দৃষ্টি নিবদ্ধ কৰিছে৷ পদক জয়ৰ অভিযানৰ প্ৰথমখন খেলত লাভলীনাই নৰৱে’ৰ সুন্নীভা হফষ্টেডক ৫-০ ব্যৱধানত পৰাজিত কৰে৷ ইয়াৰ লগে লগে তেওঁ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে৷ লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰিব পাৰিলেই এটা পদক জয় সুনিশ্চিত হৈ পৰিব৷ কোৱাৰ্টাৰ ফাইনেলৰ দিনটোলৈ এতিয়া অধীৰ অপেক্ষা সমগ্ৰ দেশবাসীৰ৷ লাভলীনাই কোৱাৰ্টাৰ ফাইনেলৰ বাবে ৰিঙত নামিব ৪আগষ্টত৷ কোৱাৰ্টাৰ ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ব চীনৰ শীৰ্ষ বাছনিৰ লী কিয়ান৷ লাভলীনাই কিয়ানক হৰুৱাব পাৰিলেই অলিম্পিকত দ্বিতীয়টো পদক জয় সুনিশ্চিত কৰিব পাৰিব৷ মন কৰিবলগীয়া যে ২০২২ চনৰ এছিয়ান গেমছত লাভলীনা ফাইনেলত কিয়ানৰ হাতত পৰাজিত হৈ স্বৰ্ণপদক জয়ৰ সুযোগ হেৰুৱাইছিল৷ এতিয়া চাৰি আগষ্টত ইয়াৰ প্ৰতিশোধ লোৱাৰ পূৰ্ণ সুযোগ পাইছে লাভলীনাই৷ 
উল্লেখযোগ্য যে অসমৰ বক্সাৰগৰাকীয়ে ইয়াৰ আগতে টকিঅ’ অলিম্পিকৰ মহিলাৰ ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছিল৷ ইফালে, লাভলীনাৰ জয়ে এইবাৰৰ অলিম্পিকত তিনিগৰাকী ভাৰতীয় বক্সাৰৰ পৰাজয়ৰ দুখ কিছু পৰিমাণে লাঘৱ কৰে৷ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ মেডেল লাভ কৰাৰ পৰাই লাভলীনাই মনত পুহি ৰখা পেৰিছ অলিম্পিকত সোণৰ পদক জয়ৰ সপোনে যদিহে বাস্তৱ ৰূপপায় তেন্তে অসমবাসীৰ বাবেই নহয়, সমগ্ৰ দেশবাসীৰ বাবে ই হ’ব আনন্দৰ ক্ষণ৷ অসমৰ পৰা আজিৰ তাৰিখলৈকে ডাঃ টি আও, দীপাংকৰ ভট্টাচাৰ্য, শিৱ থাপা, জয়ন্ত তালুকদাৰৰ পাছত লাভলীনাই হৈছে অলিম্পিকত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰা ক্ৰীড়াবিদ৷ ৰাজ্যখনৰ বক্সিং ক্ষেত্ৰখনত ইতিপূৰ্বে বহু প্ৰতিভাসম্পন্ন খেলুৱৈ উজলি উঠিছে যদিও অলিম্পিকৰ পযাৰ্য়লৈকে যাব পৰা নাছিল৷ কল্পনা চৌধুৰী, প্ৰতিভা চৌধুৰী, জেনিফাৰ ডেনিয়েল, প্ৰণামিকা বৰা, অংকুশিতা বড়ো, যমুনা বড়ো আদিকে ধৰি বহুকেইগৰাকী বক্সাৰে লাভলীনাৰ পূৰ্বৰ সময়খিনিত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছে৷ এইসকল খেলুৱৈৰ পদাংক অনুসৰণ কৰিয়েই আগবাঢ়ি যোৱা লাভলীনাৰ জীৱনৰ লক্ষ্য আছিল অলিম্পিকত স্বৰ্ণ জয় কৰা৷ এই লক্ষ্য আগত ৰাখিয়েই অশেষ কষ্ট, ধৈৰ্য, সাধনাৰ বলত আজিৰ এই পযাৰ্য় পোৱা লাভলীনাই ক্ৰমাগত দুখনকৈ অলিম্পিকত অংশগ্ৰহণ কৰি প্ৰায় ৩.প্ত কোটি জনসংখ্যাৰ ৰাজ্য এখনৰ লাখ লাখ যুৱতীৰ সন্মুখত সাহস আৰু শক্তিৰ প্ৰতীক ৰূপে উদ্ভাসিত হৈছে৷ এতিয়া এইগৰাকী  লাভলীনাৰ দুহাতৰ শক্তিৰ ওপৰতেই ভৰসা সকলোৰে৷ কোৱাৰ্টাৰ ফাইনেলেই নহয়, ছেমি ফাইনেল আৰু ফাইনেলতো লাভলীনাই প্ৰতিপক্ষক ধৰাশায়ী কৰি অসমীয়া নাৰীৰ শক্তি, সামৰ্থ্য আৰু বীৰত্বৰ জয়গাথা বিশ্ববাসীৰ আগত দাঙি ধৰিব বুলি সকলো এতিয়া আশাবাদী৷

Share This