আজিৰ সম্পাদকীয়,আঞ্চলিকতাবাদ....

Kakali Deka October 15, 2024

ডিজিটেল ডেস্কঃ  উজনি অসমৰ অন্যতম প্ৰসিদ্ধ অঞ্চল চাবুৱাত অসম গণ পৰিষদৰ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰত্যাশিতভাৱে দলটোৰ বৰ্তমানৰ ধবজাবাহকসকল অসম আন্দোলনৰপৰিণতিত জন্মলাভ কৰা দলটোৰ গৌৰৱময় অতীত সুঁৱৰি সৰৱ হৈ পৰা দেখা গ’ল৷ ১৯৮৫-ৰ সেই জনজাগৰণৰ মাজত আঞ্চলিক দলটোৰ জন্মলাভৰ সময়খিনিৰ পৰিৱেশ কেনে আছিল, দলটোৰ নেতাসকলৰ তদানীন্তন অসমীয়া সমাজত ভাবমূৰ্তি কেনে আছিল, অসমীয়া মানুহে তেওঁলোকক লৈ কেনেদৰে গৌৰৱত উথলি আছিল আৰু এখন দীপ্তিমান অসমৰ কল্পনাত বিভোৰ হৈ পৰিছিল সেই ইতিহাস ৪০য৫০ বছৰ বয়সৰ ঊধ্বৰ্ৰ মানুহবোৰৰ স্পষ্টকৈ মনত আছে৷

 

কিন্তু এতিয়া সেই ‘ৰামো নাই, অযোধ্যাও নাই’ অৱস্থাত অসম গণ পৰিষদৰ নেতাসকলে দলটোৰ প্ৰতিষ্ঠা দিৱস পাতিছে, দলটোৰ প্ৰাসংগিকতাক জনমানসত বৰ্তাই ৰখাৰ আপ্ৰাণ চেষ্টাত ব্ৰতী হৈছে৷ কিন্তু যি সময়ত চাবুৱাৰ প্ৰতিষ্ঠা দিৱসত আঞ্চলিকতাবাদৰ জয়গান গাইছে, সেই সময়ত দলটোৰ সাংগঠনিক শক্তি কিমান, বিধানসভা-সংসদত প্ৰতিনিধিত্ব কিমান আৰু সেই নগণ্য প্ৰতিনিধিত্ব কেনেদৰে সম্ভৱ হৈছে সেয়া কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই৷ এনে এক প্ৰেক্ষাপটত অগপৰ সপোনো হয়তো সীমাবদ্ধ হৈ গৈ আছে৷

 

এতিয়া কেনেবাকৈ দলটোৰ দুজন মন্ত্ৰী হৈ আছে, দুজনমান বিধায়ক-সাংসদ হৈ আছে আৰু দুজনমানে নিগম-নিকায়ৰ দায়িত্ব লাভ কৰিছে– তাতেই যেন সন্তুষ্ট সকলো৷ আৰু যদি দলটোৱে বেছিকৈয়ে ক্ষমতাৰ ভাগ পোৱাৰ কল্পনা কৰিছেও তাক পূৰণ কৰিবলৈ বাস্তৱত দলটোৰ শক্তিৰ পৰিসৰ কিমান সেইটো নেতাসকলে নিজে নিজে ওজন কৰি ল’লেই গম পাব৷ তেওঁলোকৰ সাম্প্ৰতিক ওজন সম্পৰ্কে অসমবাসীৰ নিজস্ব ধাৰণা আছে৷ অন্যহাতে, এতিয়া আঞ্চলিক ৰাজনৈতিক শক্তি হিচাপে ৰাজ্যত অগপ অপ্ৰতিদ্বন্দ্বীও হৈ থকা নাই৷ বড়ো, ৰাভা, মিচিং, তিৱাৰ দৰে কেইবাটাও জনজাতিৰ নিজস্ব শক্তিশালী ৰাজনৈতিক দল কিম্বা শক্তিশালী ৰাজনৈতিক মঞ্চ আছে৷ মৰাণ, মটক, কাৰ্বি, মিচিং, সোণোৱাল, গাৰো, হাজঙকে ধৰি অন্য জনগোষ্ঠীসমূহৰ কোন ৰাজনৈতিক শক্তিৰ প্ৰতি আসক্তি বেছি তাৰ উমান বিগত দুটা দশকৰ নিৰ্বাচনবোৰে দি আছে৷ ঠিক সেইদৰে চাহ জনগোষ্ঠীয় লোকসকলৰো কাৰ প্ৰতি সমৰ্থন আছে সেয়াও স্পষ্ট৷ গতিকে, স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হয়– অগপই এতিয়া অসমীয়াৰ কোনটো অংশক প্ৰতিনিধিত্ব কৰে৷ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰাক্‌ক্ষণত এটা নিবন্ধত অগপৰ ঘাত-প্ৰতিঘাতৰ ইতিহাস ৰোমন্থন কৰি দলটোৰ সভাপতি অতুল বৰাই কৈছে– ‘অনাগত দিনত ৰাজ্যখনত আঞ্চলিকতাবাদৰ এই বিজয়ধবজা সগৌৰৱেৰে উৰুৱাই আমি আগবাঢ়ি যাম...৷’

সভাপতিগৰাকীৰ সংকল্প বা প্ৰত্যাশাত ভুল নাই; কিন্তু বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতিত এই ‘বিজয় ধবজা’ ক’ত কেনেকৈ উৰুৱাবলৈ দলটো সক্ষম হ’ব সেইটোহে ডাঙৰ প্ৰশ্ন৷ অনস্বীকাৰ্য যে স্বৰাজোত্তৰ চাৰে সাতটা দশকৰ অধিকখিনি সময় সৰ্বভাৰতীয় দলেই ৰাজ্যৰ শাসনত থাকিলেও অসমত আঞ্চলিকতাবাদৰ এক শক্তিশালী পৃষ্ঠভূমি আছিল আৰু এতিয়াও সেই চেতনা সম্পূৰ্ণৰূপে হেৰাই যোৱা নাই৷ কুৰি শতিকাৰ ষাঠি-সত্তৰৰ দশকৰ পৰা সেই চেতনাবোৰৰ বিভিন্ন ৰূপত প্ৰকাশ ঘটি অসম আন্দোলনত তাৰ চৰম বিস্ফোৰণ ঘটাৰ পৰিপ্ৰেক্ষিততে অগপৰ জন্ম হৈছিল অসমবাসীৰ সেই আঞ্চলিকতাবাদী ধ্যান-ধাৰণাৰ প্ৰতিভূ হৈ৷ কিন্তু দুৰ্ভাগ্যৰ কথা সেই চেতনাক লালন-পালন কৰি জীপাল কৰি ৰখাত অগপৰ নেতৃত্ব ব্যৰ্থ হ’ল৷ কেৱল সিমানেই নহয় ৰাজ্যৰ জনজাতীয় লোকসকলক বুকুলৈ চপাই লোৱাতো ব্যৰ্থতা প্ৰদৰ্শন কৰিলে দলটোৱে৷ ফলত ১৯৮৫-ৰ বিধানসভাৰ নিৰ্বাচনত ৬৭খন  আসন লাভ কৰা দলটোৰ শক্তি জন্মৰ দুবছৰমানৰ পাছৰ পৰাই অভাৱনীয়ভাৱে সংকুচিত হৈ আহিবলৈ ধৰিলে৷ দলটোৰ সেই সময়ৰ নেতাসকলৰ আচৰণত গণবিমুখী আৰু দাম্ভিক ভাব-ভংগী প্ৰকাশ পোৱাটোও এই পৰিৱেশৰ বাবে দায়ী বুলি বহুতেই কয়৷ তদুপৰি, ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীক আপোন কৰি লৈ দলটোৰ ভেটি টনকিয়াল কৰাৰ চেষ্টাৰ পৰিৱৰ্তে ১৯৯৬ চনৰ পৰা মৰ্চাৰ ৰাজনীতিক গুৰুত্ব দিয়া, আব্দুল মুহিব মজুমদাৰৰ দৰে নেতাক বৰপীৰা পাৰি বহুওৱা আৰু পৰৱৰ্তী সময়ত প্ৰায় বিজেপি-নিৰ্ভৰ হৈ পৰিবলৈ ধৰা নীতি আৰু সিদ্ধান্তসমূহে অগপৰ জন্মকালৰ চৰিত্ৰটোক সম্পূৰ্ণ বিকৃত কৰি পেলালে৷ আজিৰ তাৰিখত ক’বলৈ গ’লে অগপ সম্পূৰ্ণভাৱে বিজেপি-নিৰ্ভৰ দল৷ এই দলটোৱে আঞ্চলিকতাবাদৰ ‘বিজয়ধবজা’ গৌৰৱেৰে কেনেকৈ উৰুৱাব?

 

অন্যহাতে, আজি ৰাজ্যৰ আঞ্চলিকতাবাদৰ বহুধা বিভক্ত ৰূপটোৱে অগপক অকলে ‘বিজয়ধবজা’ উৰুৱাবলৈ সুযোগ নিদিব৷ অগপই আজি বিজেপিৰ লগত মিত্ৰতা কৰি ক্ষমতাৰ যুঁজখনত বৰ্তি থকাৰ চেষ্টা কৰাৰ বিপৰীতে ৰাইজৰ দল, অজাপৰ দৰে দলবোৰে কংগ্ৰেছৰ লগত মিত্ৰতা কৰি ভৰিৰ তলৰ মাটি গোটোৱাৰ চেষ্টা কৰি আছে৷ ইউ পি পি এল, বি পি এফ, গণশক্তিৰ দৰে নিৰ্দিষ্ট জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা আঞ্চলিক দলবোৰেও সুবিধা মতে কেতিয়াবা কংগ্ৰেছৰ আৰু কেতিয়াবা বিজেপিৰ কাষত থিয় হৈ সংশ্লিষ্ট অঞ্চলবিলাকত নিজৰ শক্তি বৰ্তাই ৰখাৰ যুঁজ কৰি আছে৷ এনেকুৱা ধৰণৰ ৰাজনীতিয়ে আঞ্চলিকতাবাদৰ শক্তিশালী পৃষ্ঠভূমি থকা ৰাজ্যখনত আঞ্চলিকতাবাদৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা কৰি আনিছে৷ ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ক্ষণত অগপ আজি তেনেকুৱা এটা অৱস্থাৰ সন্মুখীন হৈছে৷ নেতাসকলে ক্ষমতাত বৰ্তি থাকিবলৈ অথবা ক্ষমতা দখল কৰিবলৈ কেন্দ্ৰীয় দলৰ বোকোচাত উঠাৰ গত্যন্তৰ নোহোৱা অৱস্থাত ৰাজ্যত আঞ্চলিকতাবাদৰ ভৱিষ্যতেইবা কি সেইটোৱেই গুৰুত্বপূৰ্ণ প্ৰশ্ন৷

Share This