ডিজিটেল ডেস্ক: আমাৰ অসমখনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে ইয়াৰ শিক্ষিত চামটোৱে পদে পদে একতাৰ কথা কয় কিন্তু ইয়াৰ সমাজখনত আছে অগণন বিভাজন। ধর্মীয়ই হওক, অন্য সামাজিক ক্ষেত্রতেই হওক, সাহিত্যই হওক বা সংস্কৃতিয়েই হওক অন্তহীন বিভাজনৰ মাজত বিভাজিত হৈ আমি এফালে অনৈক্য-বিদ্বেষৰ বাতাৱৰণ ৰচনা কৰিছোঁ আৰু ৰাজহুৱা মঞ্চত সিৰ ফুলাই ফুলাই দিছোঁ ঐক্যৰ আহ্বান। জাতি-জনগোষ্ঠীৰ নাম লৈ অজস্র সংগঠনৰ জন্ম দিছোঁ, পৰস্পৰে পৰস্পৰক সন্মান কৰিব নোখোজোঁ, অথচ আমি কওঁ ভাতৃত্ববোধৰ কথা।
এই অগণন সংগঠনৰ পৰা জাতিৰ লাভ হৈছে নে এইবোৰ জাতীয় বোজাত পৰিণত হৈছে সেই প্রশ্ন তোলা নিষ্প্রয়োজন, প্রত্যেকেই উপলব্ধি কৰিছে ইয়াৰ উপকাৰিতা-অপকাৰিতা। এই সামাজিক সংগঠনবোৰৰ সমান্তৰালকৈ ধর্মীয় অনুষ্ঠান আৰু সংগঠনৰ ব্যাপকতায়ো জাতীয় জীৱনত যে নতুন নতুন সমস্যা কিছুমানৰ উদ্ভৱ কৰিছে সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। আমাৰ দেশৰ আধ্যাত্মিক ধাৰাটোৰ হাজাৰ বছৰীয়া প্ৰৱাহৰ বৈশিষ্ট্যই হৈছে উপাসনাৰ বৈচিত্র্য। বৈদিক পন্থাত বিশ্বাসীসকলৰ উপাসনাৰ তিনিটা স্পষ্ট ধাৰা শাক্ত, শৈৱ আৰু বৈষ্ণব; ৩৩ কোটি দেৱতাৰ বিশ্বাস; বিভিন্ন দেৱীৰ বিশ্বাস, ব্রহ্মা-বিষ্ণু-মহেশ্বৰৰ বিশ্বাস- এনেকৈ অজস্র বিশ্বাসৰ সমষ্টি হৈছে আমাৰ হিন্দু ধর্ম। তেনে প্রত্যেকটো বিশ্বাসেই বৰ্তি আছে হিন্দুসকলৰ মাজত। 'সভ্যতাৰ বিকাশ'ৰ লগে লগে ধর্মীয় পন্থাৰো বিভাজন অধিক হৈ আহিবলৈ ধৰিলে। বৈষ্ণৱ ধাৰাটোৰো কালক্রমত কিমান যে উপসুঁতিৰ সৃষ্টি হ'ল তাৰ সীমা-সংখ্যা নাই। আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্রয়াণৰ পাছতে নৱবৈষ্ণৱ নামধৰ্মৰ ধাৰাটোৰেই চাৰিটা ভাগ হ'ল- ব্রহ্ম সংহতি, কাল সংহতি, পুৰুষ সংহতি, নিকা সংহতি। দামোদৰদেৱৰ ধাৰাটো হ'ল ব্রহ্ম সংহতি, গোপালদেৱৰ ধাৰাটো হ'ল কাল সংহতি, পুৰুষোত্তম ঠাকুৰৰ অনুগতসকল পুৰুষ সংহতিৰ, বদুলা পদ্ম আতা, মথুৰা দাস আতাৰ ধাৰাটো নিকা সংহতি। সত্ৰীয়া এই ধাৰাবিলাকেও মহাপুৰুষজনাৰ ধাৰাটোৰ অনুগতসকলক সন্তুষ্টি দিব নোৱাৰিলে। কুৰি শতিকাত তাৰো বহু বিভাজন ঘটিল। বর্তমান থকাবোৰৰো আৰু কিমান বিভাজন ঘটিব সেয়া ক'ব নোৱাৰি এই বাবেই যে ব্যক্তিগত ইচ্ছা-অনিচ্ছাৰ ভিত্তিতো আজিকালি ধর্মীয় পন্থাৰ বিভাজন ঘটিবলৈ ধৰিছে।
আটাইতকৈ ডাঙৰ কথাটো হৈছে- প্ৰতিটো ধাৰাৰে উদযাপনৰ ব্যাপকতা! নিজৰ নিজৰ ধাৰাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্রত্যেকেই ধর্মীয় অনুষ্ঠানবোৰৰ জাকজমকীয়া উদযাপনত গুৰুত্ব দিবলৈ ধৰিছে। ফলত সীমা সংখ্যাহীন ধর্মীয় উৎসৱে বছৰটোৰ বেছিভাগ সময়েই মানুহক উদ্বেলিত কৰি ৰাখে। এতিয়াৰ বিজ্ঞান-প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগত ধৰ্মীয় উৎসৱ উদযাপনেও চৰম ৰূপ ধাৰণ কৰা অৱস্থাত কোনটো পন্থা ভাল, কোনটো বেয়া সেয়া কোনে কাক বুজাব বা বুজালেও কোনে কাৰটো মানিব? দেৱ-দেৱীৰ পূজা-অর্চনা, হোম-যজ্ঞত যেনেকৈ মানুহৰ বিশাল ভিৰ হয়, তেনেকৈ শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বা নামনিৰ সভা মহোৎসৱ, ঐতিহাসিক থান-দেৱালয়ৰ উৎসৱবিলাকতো মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা হয়। প্রয়াগৰাজৰ মহাকুম্ভমেলাত ৫০ কোটি মানুহে ত্রিবেণী সংগমত স্নান কৰিছে। তালৈ অহা কল্পবাসীসকলৰ মাজত যেনেকৈ নগা সন্ন্যাসী আছে আমাৰ মাজুলীৰ সত্ৰৰ পৰা গৈও সেই মহামেলাত ভক্ত চামিল হৈছে। তাত অস্থায়ী নামঘৰ, মহাপুৰুষজনাৰ মূৰ্তি স্থাপন কৰি অন্য ঠাইৰ মানুহক আকৰ্ষণৰ চেষ্টা কৰা হৈছে। তেনেদৰে যদিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিজস্ব কিছুমান নীতি-নিয়মৰ বান্ধোন আছে ইয়াৰ অধিৱেশনবিলাকত কিন্তু বিভিন্ন ধর্ম-মতাৱলম্বী লোকৰ সমাৱেশ ঘটে। অন্য ধর্মীয় উৎসৱবিলাকৰো একে কথা। খ্রীষ্টমাছত গির্জালৈ যোৱা সকলো মানুহেই খ্রীষ্টান নহয়। এনে অৱস্থাত আজি যদি ধর্মীয় নীতি-নিয়মক লৈ সংঘাতৰ সূচনা হয়, তেনেহ'লে ই মানুহৰ মতত বিশেষ প্রভাৱ পেলাব নোৱাৰে, বৰঞ্চ সমাজত বিদ্বেষৰ এক পৰিৱেশহে ৰচনা হয়। তদুপৰি, মানুহৰ একতাৰ বিষয়ত গুৰুত্ব দিলে ধর্মীয় নীতি-নিয়মৰ বান্ধোনবিলাকক বেছি প্রাধান্য দিব নোৱাৰিব। ধৰ্মক নিজস্ব বিশ্বাসৰ বিষয় বুলি গণ্য কৰি একতাৰ চিন্তা কৰিব লাগিব। শেহতীয়াকৈ আহোম জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফিৰ অনুষ্ঠানত সভাপতিত্ব কৰা বাবে এগৰাকী ব্যক্তিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বহিষ্কাৰ কৰা এটা বিষয়ক লৈ আহোম জনগোষ্ঠীয় এটা সংগঠন আৰু সংঘৰ মাজত মুকলি সংঘাতৰ সৃষ্টি হৈছে। বিষয়টোৱে উদাৰ মনৰ মানুহবোৰক অস্বস্তিত পেলাইছে। গুৰুজনাই অন্য দেৱ-দেৱীক সেৱা নকৰিবলৈ, তেনে পূজাৰ প্ৰসাদ গ্ৰহণ নকৰিবলৈ আৰু তেনে ব্যক্তিৰ গৃহলৈকো নাযাবলৈ কৈ গৈছে। সেই বিশ্বাসত কোনোবা অটল হৈ আছে তাত কোনেও একো নকয়, বৰঞ্চ পৰস্পৰে পৰস্পৰক সন্মান কৰিয়েই চলিব, কিন্তু আজিৰ সমাজ ব্যৱস্থাটোত এনে কৰিবলৈ কাৰোবাক বাধ্য কৰিব পৰা যায় জানো?
শ্ৰীমন্ত শংকৰদেৱ সংঘই নিজক এটা জাতীয় অনুষ্ঠানৰ ৰূপত গঢ় দিবলৈ চেষ্টা কৰিছে, বিশ্ববিদ্যালয় স্থাপন কৰিছে, গুৰুজনাৰ মহত্ত্ববোৰক বহুজনৰ মাজলৈ প্ৰসাৰ কৰাৰ চেষ্টা কৰিছে। কিছুমান পন্থাৰ ধৰ্মৰ দৰে ই নিজক এটা ধর্মীয় চৌহদৰ মাজত আবদ্ধ ৰাখিবলৈ চেষ্টা কৰা পৰিলক্ষিত হোৱা নাই। গতিকে, এনেকুৱা অনুষ্ঠানৰ উদাৰতাই সৌন্দর্য। যদি কোনোবাই গুৰুজনাৰ আদৰ্শক অনুধাৱন কৰিব পৰা নাই, তেওঁক আন্তৰিকতাৰে বুজাব লাগিব। সেই মহত্ত্ব, আদর্শক অনুধাৱন কৰাৰ স্বতঃস্ফূর্ত পৰিৱেশ ৰচনা কৰিব লাগিব। বিদ্বেষ সৃষ্টিৰে নহয়, গুৰুজনাই সকলোকে এক কৰি ৰখাৰ পথেৰে আগবঢ়াটোহে শ্রেয়।