আজিৰ সম্পাদকীয়,গুৰুতৰ প্ৰসংগ........
Dainik Janambhumi
November 19, 2024
ডিজিটেল ডেস্কঃ অসমৰ অনুপ্ৰৱেশৰ সমস্যাটোক লৈ কি কংগ্ৰেছ, কি অগপ, কি বিজেপি প্ৰতিখন চৰকাৰেই যে ল’ৰা-ধেমালি কৰি আহিছে সেই সত্যটোক পুনৰ এবাৰ তথ্যসহকাৰে প্ৰতিষ্ঠা কৰিলে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ কিছুদিন মুখ্য সমন্বয়ক ৰূপে দায়িত্ব নিৰ্বাহ কৰা হিতেশ দেৱ শৰ্মা নামৰ ৰাজ্য চৰকাৰৰ বিষয়াগৰাকীয়ে৷ মুখ্যমন্ত্ৰীলৈ লিখা এখন মুকলি চিঠিত তেওঁ এনে কিছুমান প্ৰসংগ উত্থাপন কৰিছে, যিবোৰে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ অনুপ্ৰৱেশ সম্পৰ্কীয় দৃষ্টিভংগীক লৈ সন্দেহৰ উদ্ৰেক ঘটাইছে৷ অসমৰ অনুপ্ৰৱেশ সমস্যাটোৰ সমাধান যে সহজ নহয় সেই কথা বুজাত কাৰো অসুবিধা নাই৷
শতিকাজুৰি হৈ থকা অনুপ্ৰৱেশৰ এটা ধাৰা; চামে চামে প্ৰতিৱেশী দেশখনৰ পৰা মানুহ আহি আছে, ইয়াত বসতি কৰিছে, সন্তান জন্ম দিছে, ইয়াৰ জনগাঁথনিৰ মাজত সোমাই পৰিছে৷ মিশ্ৰিত জনগাঁথনিৰ মাজত ব্যাপ্ত হৈ পৰা আৰু ইয়াৰ জীৱন-যাত্ৰাৰ সৈতে অভিন্ন হৈ পৰাৰ পাছত সেই মানহবোৰৰ কোন বিদেশী, কোন স্বদেশী, কোন স্বাধীনতাৰ আগত আহিছিল, কোন পাছত, কোন ১৯৫১-ৰ বা ১৯৭১-ৰ আগৰ, কোন পাছৰ সেইবোৰ বিচাৰি উলিওৱা বা তাৰ সংজ্ঞা নিৰ্ধাৰণ কৰাটো সহজ হৈ থকা নাই৷ এইবোৰ এতিয়া আৰু সৰল অংক নহয়৷ তদুপৰি, ৰাজনৈতিক দলবিলাকৰ চিন্তা-চৰ্চা, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ৰ প্ৰভাৱ, আন্তৰ্জাতিক, প্ৰব্ৰজন-প্ৰত্যাৰ্পণ সম্পৰ্কীয় নিয়ম-কানুন– এই সমস্ত দিশবোৰ ইয়াৰ লগত জড়িত হৈ আছে৷ অসমলৈ অনুপ্ৰৱেশৰ ক্ষেত্ৰত কুৰি শতিকাৰ আগছোৱাৰে পৰা এটা আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱে কাম কৰি আছে তাৰ বিভিন্ন উল্লেখ ঠায়ে ঠায়ে পোৱা যায়৷ অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বা বিষ্ণুৰাম মেধিৰ দৰে নেতা কেনেকুৱা বাধাৰ সন্মুখীন হ’ব লগা হৈছিল, সেই অনুপ্ৰৱেশৰ শিপাডাল তেতিয়াই কিমান মজবুত আছিল, সেই কথাবোৰৰ উল্লেখো বিভিন্ন গ্ৰন্থ, নথি-পত্ৰত পোৱা যায়৷ গতিকে, আজিৰ তাৰিখত অবৈধ বিদেশীক চিনাক্ত কিম্বা বহিষ্কাৰ কৰোঁ বুলিলেই যে কৰিব নোৱৰি সেই কথা বুজাসকলে বুজি পায়৷ তৎসত্ত্বেও সমস্যাটোৰ গৰাহৰ পৰা ইয়াৰ মূলসঁুতিৰ মানুহখিনিক ৰক্ষা কৰাৰ অৱশিষ্ট পথ কিছুমান নথকাকৈ থকা নাই৷ ৰাজনৈতিক সদিচ্ছা থাকিলে এতিয়াও কিছুমান সিদ্ধান্ত ল’ব পৰা যায়, কাম কৰিব পৰা যায়, যি ইয়াৰ খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্ব ৰক্ষাত কিঞ্চিৎ অৰিহণা যোগাব পাৰিব৷ এই ক্ষেত্ৰত বিজেপিৰ চৰকাৰখনে নৈতিক দায়িত্ব হিচাপে দায়বদ্ধতাৰে কিছুমান পদক্ষেপ ল’বলৈ আগবাঢ়িব বুলি ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে আশা কৰিছিল অথবা এতিয়াও আশা কৰি আছে, কিন্তু হিতেশ দেৱ শৰ্মাৰ মুকলি চিঠিখনে সেই ক্ষেত্ৰতো এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন আনি দিলে৷ দেৱ শৰ্মাই সঠিকভাৱেই মুকলি চিঠিখনত কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ, ৬নং দফাৰ ৰূপায়ণৰ দৰে ব্যৱস্থাবিলাকে অসমৰ খিলঞ্জীয়া লোকসকলক সাময়িক সকাহহে দিব, খিলঞ্জীয়াসকল দীৰ্ঘদিনলৈ সুৰক্ষিত হ’বলৈ হ’লে মূল কামটো হ’ব লাগিব ইয়াৰ বিদেশীসকলৰ চিনাক্তকৰণ আৰু তাৰ পৰৱৰ্তী ব্যৱস্থা৷ এই ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তুত কৰি উলিওৱা নাগৰিকপঞ্জীখন শুদ্ধ কৰি তোলাটো অতি জৰুৰী আছিল৷ কিন্তু পূৰ্বে নাগৰিকপঞ্জীৰ সমন্বয়কৰ দায়িত্বত থকা হিতেশ দেৱ শৰ্মাই কোৱা মতে, এই নাগৰিকপঞ্জীখনৰ পুনৰীক্ষণ বিচাৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন তথা অসম আন্দোলনৰ পৰা উদ্ভুত দল অসম গণ পৰিষদো অংশীদাৰ ৰূপে থকা চৰকাৰখনে উচ্ছতম ন্যায়ালয়তআৱেদনেই কৰা নাই৷ উল্লেখযোগ্য কথাটো হ’ল– অসমৰ মুছলমান অনুপ্ৰৱেশৰ ভয়াৱহতাৰ প্ৰসংগটো অনৱৰত উল্লেখ কৰি থকা ব্যক্তিগৰাকীয়েই হ’ল অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ কেৱল অসমৰে নহয়, ঝৰখণ্ডত বাংলাদেশীৰ অনুপ্ৰৱেশক লৈও তেখেত কিমান চিন্তিত সেই কথা এইকেইটা দিন তেখেতে ঝাৰখণ্ডত প্ৰতিখন নিৰ্বাচনী সভাত দিয়া ভাষণৰ পৰাই গম পোৱা গৈছে৷ তেওঁ আনকি বিজেপিৰ চৰকাৰ হ’লে ঝাৰখণ্ডতো নাগৰিকপঞ্জী উন্নীতকৰণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷ অনুপ্ৰৱেশৰ সমস্যাক লৈ অতিশয় উদ্বিগ্ন তেনে এগৰাকী ব্যক্তি আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত আমাৰ ইতিমধ্যে প্ৰস্তুত হৈ উঠা নাগৰিকপঞ্জীখনৰ পুনৰীক্ষণৰ বাবে আৰু তাত অন্তৰ্ভুক্ত হৈ থকা অবৈধ বিদেশীৰ নামবিলাক বিচাৰি উলিওৱাৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰে উচ্ছতম ন্যায়ালয়ত নাগৰিকপঞ্জীখনৰ পুনৰীক্ষণৰ আৱেদন জনোৱা নাই সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ হিতেশ দেৱ শৰ্মাই কৈছে যে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ সমন্বয়ক ৰূপে থকা অৱস্থাত তেওঁ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই সংঘটিত কৰা গুৰুতৰ কেলেংকাৰি ধৰা পেলাইছিল৷
বৃহৎ ধনৰ বিনিময়ত হাজেলাই কেইবা লাখ অবৈধ বিদেশীৰ নামৰ নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিছিল৷ সেই হাজেলাক সমন্বয়কৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ বাদে তেওঁৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা বিজেপি নেতৃত্বাধীন চৰকাৰে নল’লে৷ হিতেশ দেৱ শৰ্মাই এই দুটা গুৰুতৰ প্ৰসংগ মুকলি চিঠিৰ জৰিয়তে ৰাইজৰ সন্মুখলৈ আনি দিছে৷ অবৈধ বিদেশীক লৈ সৰৱ মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয় তালৈ ৰাজ্যবাসীয়ে আগ্ৰহেৰে লক্ষ্য ৰাখিব৷
Share This