আজিৰ সম্পাদকীয়,ক্ৰীড়া ৰাজনীতি
DainikJanambhumi
September 24, 2024
ডিজিটেল ডেস্কঃ অসম অলিম্পিক সংস্থাৰ নতুন কমিটীখন গঠনৰ বাবে এটা অভূতপূৰ্ব নিৰ্বাচন হৈ গ’ল, য’ত ১৪গৰাকী ভোটাৰে ভোটদান কৰি নিৰ্বাচন কৰিলে ৩৩গৰাকী বিষয়ববীয়াক৷ সভাপতি পদত ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ যোৱা দুটা দশকৰ পৰম্পৰা আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী অসম অলিম্পক সন্থাৰ সভাপতি হয়, কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ ইচ্ছাক অসন্মান কৰিব নুখুজিলে আৰু তেওঁ এই যুঁজখনৰ পৰা আঁতৰি থাকিল৷ সভাপতিগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল ঠিকেই, কিন্তু নিৰ্বাচনৰ প্ৰথমাৱস্থাত জ্যেষ্ঠ উপ-সভাপতিৰ পৰা কাৰ্যনিৰ্বাহক সদস্যৰ প্ৰতিটো পদৰ বাবে যুঁজিবলৈ আগবাঢ়ি আহিছিল বহুসংখ্যক ব্যক্তি৷ এইসকলৰ অধিকাংশই শাসকীয় বিজেপি দলৰ মন্ত্ৰী-বিধায়ক-প্ৰাক্তন বিধায়ক আৰু বিভিন্ন স্তৰৰ নেতা৷
প্ৰতিদ্বন্দ্বিতাত নামিছিল ক্ৰীড়া ক্ষেত্ৰত পোনপটীয়াকৈ জড়িত আৰু কেইবিধমান ক্ৰীড়াত ৰাজ্যৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিক সাফল্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা অধ্যায়বিলাকৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা থকা একাংশ ক্ৰীড়া সংগঠকো যদিও ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তিসকলৰ তুলনাত তেওঁলোকৰ শক্তি আছিল তেনেই চালুকীয়া৷ দুগৰাকীমান জ্যেষ্ঠ সাংবাদিকো আছিল যুঁজখনত৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰীড়াক্ষেত্ৰৰ সৈতে সম্পৰ্ক নথকা নহয়৷ তেওঁ ভাৰতীয় বেডমিণ্টন ফেডাৰেশ্যনৰ সভাপতি আৰু তেওঁ এই দায়িত্বত থকা অৱস্থাত অসমৰ তথা দেশৰ কেইবাগৰাকী বেডমিণ্টন তাৰকাই আন্তঃৰাষ্ট্ৰীয় স্তৰত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ অসমতো কেইবাখনো গুৰুত্বপূৰ্ণ বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে ড॰ শৰ্মা ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্বত থকা সময়ছোৱাতে৷ কিন্তু তেওঁ অগ্ৰজ নেতা সোণোৱালৰ প্ৰতি সন্মান জনাই প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত থকাত সন্থাৰ মূল পদটোত সৰ্বসন্মতিভাৱে সোণোৱাল অধিষ্ঠিত হ’বলৈ সক্ষম হ’লেও বাকী পদবোৰৰ বাবে নিৰ্বাচন অৱধাৰিত হৈ পৰে৷
একাধিক ‘সংকটমোচন সভা’ৰ জৰিয়তে প্ৰতিদ্বন্দ্বীসকলৰ মাজত বুজাবুজি কৰি এখন সৰ্বসন্মত কমিটী নিৰ্বাচনৰ চেষ্টা কৰা হৈছিল যদিও সেয়া সফল নোহোৱাত যোৱা দেওবাৰে [২২ ছেপ্টেম্বৰ] ডিব্ৰুগড়ত অনুষ্ঠিত হয় বহু চৰ্চিত নিৰ্বাচনটো৷ সমগ্ৰ ৰাজ্যৰ ভিন ভিন ক্ৰীড়া সংস্থাৰ সৈতে জড়িত দুই শতাধিক ব্যক্তি এই নিৰ্বাচনত ভোট দিবলৈ আহিছিল যদিও কিবা এটা ‘ফৰ্মূলা’ উলিয়াই সেইসকলৰ মাজৰ ১৪জনকহে ভোটদান কৰিবলৈ সুযোগ দিয়া হ’ল৷ আনহাতে, কেইবাজনো বিধায়ক আৰু নেতাই শেষ মুহূৰ্তত নিৰ্বাচনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে [মুখ্যমন্ত্ৰীৰ নিৰ্দেশত!]৷ আৰু অৱশেষত ১৪গৰাকী ব্যক্তিৰ ভোটেৰে অসম অলিম্পিক সন্থাৰ নতুন কমিটীখনলৈ নিৰ্বাচিত হয় ৩৩গৰাকী বিষয়ববীয়া৷ এনে নিৰ্বাচন হয়তো অসম অলিম্পিক সন্থাৰ ইতিহাসত কেতিয়াও অনুষ্ঠিত হোৱা নাই৷ সাধাৰণতে দুটা পথেই খোলা থাকে, হয় সৰ্বসন্মতিক্ৰমে সম্পূৰ্ণ কমিটীখন নিৰ্বাচন কৰা অথবা ইচ্ছুক প্ৰাৰ্থীসকলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এৰি দিয়া৷
স্বতঃস্ফুৰ্ত নিৰ্বাচন হোৱা হ’লে ভোটাৰসকলে তেওঁলোকৰ মনোনীত বিষয়ববীয়াসকলক নিৰ্বাচন কৰি ল’লেহেঁতেন, কাৰো একো ক’বলগীয়া নাথাকিলহেঁতেন৷ কিন্তু অসম অলিম্পিক সন্থাৰ কমিটী গঠনৰ প্ৰক্ৰিয়াটোত বুজাবুজিও নহ’ল, প্ৰকৃত নিৰ্বাচনো নহ’ল৷ লক্ষণীয়ভাৱে সন্থাৰ পদ ল’বলৈ আগবাঢ়ি অহা বেছিভাগেই আছিল বিজেপিৰ নেতা, অথবা বিজেপিৰ সমৰ্থিত ক্ৰীড়া সংগঠক৷ এওঁলোকে এটা অদ্ভুত নিৰ্বাচনৰ জৰিয়তে কমিটীখন গঠন কৰিবলগীয়া হোৱাটো এক দৃষ্টিকটু ঘটনাত পৰিণত হ’ল৷ প্ৰকাশ্য নহ’লেও এওঁলোকৰ মাজত যেন কিবা গোষ্ঠীগত সংঘাত আছে, তাৰ সন্দেহ এটাই বহুতৰ মনত উদ্ৰেক ঘটিল৷ অন্যহাতে, এই তথাকথিত নিৰ্বাচনটোত এনে কেইগৰাকীমান ব্যক্তিৰ পৰাজয় ঘটিল, যিসকলৰ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনৰ বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা থকাটো ৰাইজে লক্ষ্য কৰি আছে৷ যি হ’ল হ’ল; যেনেকৈয়ে হওক অৱশেষত এখন কমিটী গঠন হ’ল, কিন্তু এতিয়া প্ৰশ্নটো হ’ল – এই কমিটীখনে ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাবোৰক সঠিকভাৱে আগবঢ়াই নিবলৈ সক্ষম হ’বনে!
গুৱাহাটীত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া আৰু তৎপৰৱৰ্তী কেইবাখনো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাই অসমৰ ক্ৰীড়াক্ষেত্ৰখনলৈ বৈপ্লাৱিক পৰিৱৰ্তন আনিছিল৷ বিগত সময়ছোৱাত এচাম ক্ৰীড়া সংগঠকৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা আৰু এচাম উদীয়মান খেলুৱৈৰ সাধনাৰ পৰিপ্ৰেক্ষিতত হিমা দাস, লাভলীনা বৰগোহাঁই, জয়ন্ত তালুকদাৰ, অংকুশিতা বড়ো, অস্মিতা চলিহাকে ধৰি বহু নৱ প্ৰজন্মৰ প্ৰতিভাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত কেনেকৈ চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল সেই ইতিহাস সকলোৰে সন্মুখত৷ কিন্তু অপ্ৰিয় হ’লেও সত্য যে বিশেষকৈ এথলেটিকছৰ ক্ষেত্ৰখনত পূৰ্বৰ চমক কিছু স্তিমিত হ’বলৈ ধৰিছে৷ নতুন এগৰাকী হিমা দাস, লাভলীনা বৰগোহাঁই বা জয়ন্ত তালুকদাৰ, শিৱ থাপাৰ উত্থান ঘটা নাই৷ ক’ৰবাত কিবা বিজুতি নি(য় হৈছে৷
হয়তো ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাবিলাকক চিনাক্ত কৰা বা তেওঁলোকৰ প্ৰতিভাৰ বিকাশ ঘটোৱাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণত ক্ৰীড়া সংগঠনবিলাক ব্যৰ্থ হৈছে৷ ক্ৰীড়া প্ৰতিভাৰ স্ফুৰণৰ ধাৰাটো ৰক্ষা কৰিবলৈ হ’লে অসম অলিম্পিক সন্থা সবল আৰু সক্ৰিয় হ’ব লাগিব৷ এই সন্থাৰ নতুন কমিটী গঠন প্ৰক্ৰিয়াটো এইবাৰ একেবাৰে স্বচ্ছ নহ’ল৷ লবী ৰাজনীতিয়ে নতুন কমিটী গঠনক প্ৰভাৱিত কৰিছিল নেকি বুলিও বহুতৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটা দেখা গৈছে৷ যদি এনেকুৱা কিবা অবাঞ্ছিত ঘটনা ঘটিছে তেনেহ’লে অসম অলিম্পিক সন্থাই আগন্তুক দিনবোৰত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰক সবল নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হ’বনে, সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন৷
Share This