ডিজিটেল ডেস্কঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰঙা পাৰিৰ শাড়ী পিন্ধা হাজাৰ হাজাৰ চাহ বাগানীয়া ছোৱালীয়ে মাদল-বাঁহীৰ ছেৱে ছেৱে নচা ঝুমইৰৰ ৰং সোমবাৰে নিশা সমগ্র বিশ্বই দেখিলে। অভিভূত হৈ পৰিল সকলো, নৃত্যৰ তালে তালে সু-শৃংখলিত হৈ সৰুসজাইৰ সেউজীয়া ঘাঁহনিত সৃষ্টি কৰা মাজে মাজে ৰঙীন দীঘলীয়া শাৰী আৰু মাজে মাজে গঠন কৰা বলয়বিলাকৰ অপৰূপ ৰূপ দেখি। মূলতঃ এই নৃত্য চাহ জনগোষ্ঠীয় লোকৰ মূল উৎসৱ কৰম পূজাৰ বিশেষ সংযোজন।
হাতত হাত ধৰি চাহ বাগিচাৰ ছোৱালীয়ে মাদলৰ ছেৱে ছেৱে নচা এই নাচক প্রাণোদ্দীপ্ত কৰি তোলে বাগানীয়া ডেকাই দীঘলীয়া সুৰেৰে গোৱা ঝুমইৰ গীতবোৰে- 'আখৰা বন্দনা কৰি/সৰস্ফতী মাই গ' বলি/ তেবেৰে বন্দনা ব্ৰজ নাৰী/মদনে ঝুমইৰ লাগল ভাবি/মূড়ে লেলাই গামচা/খান্দে লেলাই মান্দাৰি/বহে এটি সবে লেলাই ঘেৰি/মদনে ঝুমইৰ লাগল ভাবি...।, অসমৰ চাহ খেতি দুশ বছৰীয়া হ'ল। ৰবাৰ্ট ব্ৰুচ আৰু চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে সেই চাহৰ আৱিষ্কাৰ আৰু বাণিজ্যিক গুৰুত্বৰ অধ্যায়টোৰ সূচনা কৰি দিয়াৰ পাছত ১৮৩০ চনত প্ৰথম ইয়াৰ খেতি আৰম্ভ হয়। এই ইতিহাসৰ লগত চিংফৌ নেতা বিচাগাম আৰু শ্বহীদ মণিৰাম দেৱানো কেনেকৈ জড়িত হৈ আছিল সেই কথা স্থানান্তৰত বহুত চৰ্চা হৈছে। ঝাৰখণ্ড, ওড়িশা, ছট্টিশগড়, পশ্চিম বংগ, অন্ধ্র প্রদেশ আৰু বিহাৰৰ পৰা অনা শ্রমিকেৰে সমগ্ৰ অসমখন, বিশেষকৈ উজনি অসম এদিন সেউজীয়া হৈ পৰিছিল ৰবাৰ্ট ব্ৰুচে আৱিষ্কাৰ কৰা সেই চাহপাতেৰে। এসময়ত চীনা শ্রমিক আৰু অসমীয়া শ্রমিকেৰে ব্ৰিটিছে চাহ বাগিচা চলোৱাৰ প্ৰচেষ্টা চলাইছিল যদিও সফল নহ'ল।
সেয়েহে, উল্লিখিত ৰাজ্যসমূহৰ পৰা ১৮৬০ চনৰ পৰা ১৮৯০ চনলৈ চাহ শ্ৰমিকৰ ৰূপত জনজাতীয় আৰু আদিবাসী লোকক আনি ব্রিটিছসকলে নতুন নতুন চাহ বাগিচা আৰম্ভ কৰি যি এক ইতিহাস ৰচনা কৰিলে, সেই ইতিহাসে অসমক বিশ্বৰ সন্মুখত দিলে পৰিচয়। প্রায় ৭০ লাখ চাহ জনগোষ্ঠীয় মানুহ অসমৰ সমাজ জীৱনৰ হৈ পৰিল অভিন্ন অংগ। সেই দুশ বছৰীয়া ইতিহাসৰ এক স্মাৰক অনুষ্ঠান হিচাপে অসম চৰকাৰে সৰুসজাই ষ্টেডিয়ামত সোমবাৰে নিশা অনুষ্ঠিত কৰিলে 'ঝুমইৰ বিনন্দিনী' নামৰ দৃষ্টিনন্দন অনুষ্ঠানটো।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সেই অনুষ্ঠানটো উপভোগ কৰি দিয়া ভাষণত এষাৰ তাৎপর্যপূর্ণ কথা ক'লে- 'চাহৰ ৰং আৰু সুগন্ধিৰ বিষয়ে এজন চাহৱালাতকৈ আন কোনে বুজি পাব!' চাহৰ ৰং, সুগন্ধি আৰু চাহৱালা শব্দকেইটাৰে প্ৰধানমন্ত্ৰীয়ে কি বুজাইছে সেয়া বেছিভাগ মানুহেই বুজি পাইছে। পশ্চিম গুজৰাটৰ মেহছানা জিলাৰ ভাদনগৰ ষ্টেছনত নৰেন্দ্ৰ মোদীৰ দেউতাক দামোদৰ দাস মোদীৰ চাহৰ দোকান আছিল। ৬/৭ বছৰীয়া নৰেন্দ্ৰ মোদীয়ে দেউতাকৰ চাহৰ দোকানত সহায় কৰি দিছিল। সেই সূত্রে তেওঁ নিজকে 'চাইৱালা' বুলি পৰিচয় দিয়ে। চাহৰ ৰং আৰু সুগন্ধিৰ বিষয়ে 'চাইৱালা' মোদীয়ে যেনেকৈ
ভালকৈ জানে, চাহ জনগোষ্ঠীয় লোকসকলকো তেওঁ বুজি পাইছে। সেই কাৰণেই একালৰ কংগ্ৰেছৰ ভোটবেংক এই চাহ জনগোষ্ঠীয় লোকসকল বিজেপিৰ প্ৰতি, মোদীৰ প্ৰতি গভীৰ আস্থাশীল।
সেই ফালৰ পৰা চাহৰ ৰং আৰু সুগন্ধিৰ বিষয়ে আনতকৈ ভালকৈ জনা বুলি প্রধানমন্ত্রীয়ে 'ঝুমইৰ বিনন্দিনী'ৰ সুবিশাল অনুষ্ঠানত দাবী কৰিছে ভাল কথা, কিন্তু অসমৰ চাহ শিল্পৰ অৱস্থাটোক তেওঁ অনুধাৱন কৰিব
পাৰিছে নে নাই সেইটোহে অতি গুৰুত্বপূৰ্ণ প্রশ্ন। অসমৰ চাহ উদ্যোগটো সম্প্রতি দূৰৈৰ পাহাৰটোৰ দৰে। দূৰৈৰ পৰা নীলা, সুন্দৰ দেখি, ওচৰলৈ গ'লেহে খলা-বমাবোৰ চকুত পৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বিদেশৰ বজাৰত অসমৰ চাহৰ গুৰুত্ব এতিয়া পূৰ্বৰ দৰে নাই। চীনে আগ্রাসী বজাৰ নীতিৰে আন্তর্জাতিক বজাৰখনত একাধিপত্য খটুৱাইছে। চাহ নিলাম কেন্দ্ৰত যোৱা দুটা বৰ্ষত অসমৰ চাহৰ মূল্য প্রতি কিল'গ্ৰামত দুশৰ পৰা দুশ পঞ্চাশ টকাৰ ভিতৰত থাকে।
কিন্তু চাহৰ উৎপাদন ব্যয় দিনকদিনে বৃদ্ধি পাই গৈছে। সাৰ-কীটনাশকৰ দাম বৃদ্ধি পাইগৈ আছে, চাহ শ্রমিকক দিয়া ৰেছনৰ মূল্য বাঢ়ি গৈ আছে। বাগিচাৰ অন্যান্য এশএবুৰি সমস্যা আছেই। যাৰ পৰিণতিত চৰকাৰে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকা কৰিব বুলি সিদ্ধান্ত লৈও পাছত ২৫০ টকাতে সীমাবদ্ধ কৰি ৰাখিব লগা হৈছে। বহু বাগিচাই শ্রমিকক ন্যূনতম বোনাছো দিব নোৱাৰে। বতৰৰ পৰিৱৰ্তনৰ পৰিণতিত যোৱা কেইটামান বছৰত চাহৰ উৎপাদন হ্ৰাসৰ সমস্যাটো আছেই।
ইফালে, অসমৰ চাহ উদ্যোগৰ লগত যোৱা অর্ধশতিকাত সংযোজন হৈ পৰিছে ক্ষুদ্র চাহ খেতিয়কসকল। অসমৰ ক্ষুদ্ৰ চাহ বাগিচাৰ পৰিসৰ বৃহৎ বাগিচাৰ সম পৰ্যায়ৰ। প্ৰায় ডেৰ লাখ ক্ষুদ্র চাহ খেতিয়ক আছে ৰাজ্যত। প্রায় ১,১৭,৩০৪ হেক্টৰ মাটিত তেওঁলোকে ৰাজ্যত বছৰি হোৱা চাহ উৎপাদনৰ প্ৰায় ৪৮% উৎপাদন কৰে। কিন্তু তেওঁলোকৰ বেছিভাগেই উৎপাদিত কেঁচাপাতৰ উপযুক্ত মূল্য নাপায়।
অথচ এওঁলোকেও ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ বৃহৎ অংশ এটাক সংস্থাপন দি আছে। অসমৰ চাহৰ ৰং অধিক উজ্জ্বল কৰিবলৈ আৰু সুগন্ধি আৰু ব্যাপক কৰিবলৈ হ'লে দুশ বছৰীয়া চাহ উদ্যোগটোৱে সন্মুখীন হোৱা এই মূল সমস্যাবিলাকৰ সমাধানৰ কি উপায় কৰিব পৰা যায় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। প্রধানমন্ত্রী ডাঙৰীয়াই চাহৰ ৰং আৰু সুগন্ধিৰ বিষয়ে আনতকৈ বেছি জানে বুলি যিহেতুকে মুকলিকৈ প্রকাশ কৰিছে, সেয়েহে এই ৰং-গন্ধৰ আঁৰৰ বেদনাখিনিও নিশ্চয় বুজি পায়!