আজিৰ সম্পাদকীয়,বিশ্বাস...
Dainik Janambhumi
October 14, 2024
ডিজিটেল ডেস্কঃ মণ্ডপে-মন্দিৰে দেৱী-বন্দনাৰ সমান্তৰালকৈ নামঘৰে নামঘৰে গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে হৰিনামৰ শ্ৰৱণ-কীৰ্তনেৰে শাৰোদোৎসৱৰ এই দিনকেইটা মুখৰ হৈ থাকিল সমগ্ৰ ৰাজ্য৷ চৌদিশে মহামিলনৰ এক মনোৰম পৰিৱেশ৷ এই মহামিলনৰ পৰিৱেশবোৰে সমাজত একতাৰ ছবি এখন তুলি ধৰে,মানুহক সামাজিকভাৱে উদ্দীপিত কৰি তোলে, জীৱনক এক নতুন প্ৰেৰণাৰে উদ্বুদ্ধ কৰে৷ কিন্তু এনেকুৱা ধৰ্মীয় বিশ্বাসৰ উদ্দীপনাময় পৰিৱেশৰ মাজতো সংঘাতৰ বীজ সিঁচি সমাজখনক বিভাজিত কৰি ৰাখিবলৈ, ধৰ্মীয়-সাম্প্ৰদায়িক উত্তেজনাৰে সমাজক উত্তেজিত কৰি কতৃৰ্ত্ব প্ৰতিষ্ঠা কৰাৰ বা ন্যস্তস্বাৰ্থ পূৰণৰ প্ৰচেষ্টাও চলি আছে৷ কোনোবা এক অদৃশ্য সৰ্বশক্তিমান বুলি ভবা সত্তাৰ ওপৰত বিশ্বাস আৰোপ কৰি জীৱনৰ পদে পদে, সুখে-সংকটে সেই সত্তাক হৃদয়ত ধাৰণ কৰি থাকে বিশ্বৰ বেছি ভাগ মানুহে৷
সেই কল্পিত সত্তাৰ শ্ৰীচৰণত নতশিৰ হৈ প্ৰাৰ্থনা কৰি মনত অবুজ আস্থা আৰু শান্তি লাভ কৰে কাৰণেই মানুহে এই পৰম শক্তি বুলি ভবা সত্তাৰ ক্ষেত্ৰত বিশ্বাস তথা সেই বিশ্বাসৰ সপক্ষে থকা যুক্তিবিলাকক প্ৰাধান্য দিয়ে আৰু ইয়াৰ বিৰোধিতা নিবিচাৰে৷ সেই বিশ্বাসৰ বাবেই এই শাৰোদোৎসৱৰ সময়খিনিত দেশে-বিদেশে শক্তিৰূপিনী দেৱীৰ আশিস বিচাৰি মণ্ডপে মণ্ডপে, থানে-দেৱালয়ে লাখ লাখ ভক্তৰ সমাৱেশ ঘটিল৷ একেদৰে অন্য দেৱ-দেৱীক সেৱা নকৰা অন্য অগণন লোকে গুৰুজনাৰ জয়ন্তীত আয়োজিত মহোৎসৱত হৰিত শৰণ লৈ সত্ৰ-নামঘৰত সমৱেত হৈ আগবঢ়ালে হৃদয়ৰ ভক্তি উপাচাৰ৷ বৰদিনত গিৰ্জা লোকাৰণ্য হৈ পৰা বা ঈদত মছজিদ, ইদগাহ ময়দানত হাজাৰ হাজাৰ ইছলামধৰ্মী সমৱেত হোৱাৰ একমাত্ৰ কাৰণ কায়মনোবাক্যে বিশ্বাস কৰা একো একোটা অলৌকিক সত্তা৷ কোনোবাই বিশ্বাস বুলি কয় আৰু কোনোবাই কয় অন্ধবিশ্বাস৷
এইধৰ্মবিশ্বাস আৰু অন্য কিছুমান অন্ধবিশ্বাসৰ মাজত মৌলিক পাৰ্থক্য আছে৷ অন্য বহু অন্ধবিশ্বাসক প্ৰশ্ৰয় নিদিয়া বহু মানুহৰ ধৰ্মবিশ্বাস আছে৷ বিভিন্ন বিষয়ত যুক্তিসংগত কথা-চিন্তাৰে পৰিচালিত হোৱা আৰু বিজ্ঞানমনস্কতাকো গুৰুত্ব দিয়া বহু মানুহেও সৰ্বশক্তিমান বুলি ভবা কল্পিত সত্তাৰ ওপৰত আস্থা ৰাখি জীৱনটোক আগবঢ়াই নিয়ে৷ অৱশ্যে সকলো মানুহৰ চিন্তাৰ গভীৰতা সমান নহয়৷ জোৰ কৰি সকলো মানুহ যুক্তিবাদী বা বিজ্ঞানমনস্ক হ’বও নোৱাৰে, কৰি তুলিবও নোৱাৰি৷ আনহাতে জীৱনটোক আগবঢ়াই নিয়াৰ মসৃণ পথ বেছিভাগ মানুহৰ ভাগ্যত নিমিলে৷ দুখ-কষ্ট, বিষাদ-অশান্তি নিত্য সহচৰ হৈ থাকে৷ তেনেকুৱা সময়ত সাধাৰণ মানুহৰ বাবে মনত আশ্বস্ততা বা প্ৰশান্তিৰ ভাব এছাটি বোৱাব পৰা একমাত্ৰ পথ হ’ল সৰ্বশক্তিমান বুলি ভবাজনৰ চিন্তা, সেয়া কোনোবা দেৱ-দেৱীয়েই হওক বা মনঃস্থিত হোৱা এজনা ঈশ্বৰেই হওক৷ সেয়া আল্লাই হওক বা ‘গডে’ই হওক৷ এই ঈশ্বৰ বিশ্বাসক লৈ কোনোবাই সংঘাতৰ বিষবাষ্প বিয়¸পাব খুজিলেও, সাম্প্ৰদায়িক বিভেদৰ বাতাৱৰণ ৰচনা কৰিব খুজিলেও পৃথিৱীখনক বহুলাংশে সুস্থ আৰু শান্তিপূৰ্ণ কৰি ৰাখিছে ‘ঈশ্বৰ’ৰ প্ৰতি থকা ভক্তৰ ভয়েহে৷ দান দিলে পুণ্য হয় বুলি ভবাৰ দৰে বহু সমাজকল্যাণমূলক মনোভাৱ ধৰ্ময়েই সাধাৰণ মানুহৰ হৃদয়ত যিহেতুকে প্ৰোথিত কৰিছে,
গতিকে তেনেধৰণৰ বিশ্বাসৰ সমাজত যুক্তিতকৈ বহু বেছি মূল্য আছে৷ এনেকুৱা ভাবৰ উন্মেষ ঘটাব পৰা কোনোবা অলৌকিক শক্তিৰ ওচৰত বিশ্বাস ৰাখিলেও সমাজৰ একো হানি নহয়৷ কোনোবা কল্পিত শক্তিৰ বেদীত ফুল এপাহ দি, সেৱা জনাই মানুহে মনৰ পৰা কলুষতা আঁতৰাব পাৰে, তেনে বিশ্বাসক তাচ্ছিল্য কৰা উচিত নহয়৷ আধুনিক সভ্যতাৰ বিশ্বাসত, বিজ্ঞান, তথ্য-প্ৰযুক্তিৰ বিকাশত ধৰ্ম কোনোদিনে অন্তৰায় হোৱা নাইজ্ব দুয়োটা সমান্তৰালভাৱে নিজৰ পথেৰে আগবাঢ়ি গৈ আছে, কিন্তু আধুনিক সমাজৰ বাবে চিন্তনীয় বিষয়টো হৈছে ধৰ্মীয় ভেদাভেদহে৷ কালৰ সোঁতত নতুন নতুন ধৰ্মৰ, নতুন নতুন গুৰুৰ যেনেকৈ সৃষ্টি হ’ল বা হৈ আছে তাৰ বিশাল ইতিহাস আছে৷ ধৰ্মৰ প্ৰতিটো ভাগৰ কম-বেছি পৰিমাণে অনুগামী আছে বিশ্বাস আৰু আনুগত্যৰ বাবেই৷ ইয়াৰ কোনোবাটোক শুদ্ধ আৰু কোনোবাটোক ভুল বুলি কোৱাৰ উপায় এইবাবেই নাই যে এই সম্পূৰ্ণ বিষয়টোৱেই বিশ্বাস আধাৰিত৷ আধুনিক শিক্ষিত সমাজত ইয়াক লৈ যুক্তি-তৰ্কও অবান্তৰ৷ বিশ্বাসৰ ভেটিতেই যিহেতুকে আমাৰ সমাজ নিৰ্মাণ হৈছে, গতিকে আনুগত্যৰ পাৰ্থক্য থাকিলেও বিশ্বাস থাকিবই৷ আজিৰ তাৰিখত সমাজৰ সন্তুলন ৰখাৰ খাতিৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বিশ্বাসবোৰৰ পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ এক পৰিৱেশ ৰচনা কৰা৷ বৈদিক পন্থাত বিশ্বাসীৰ সৈতে নামধৰ্মত বিশ্বাসীৰ সংঘাত হ’লে, পুৰুষ সংহতিৰ লগত ব্ৰহ্মসংহতি বা কাল সংহতিৰ সংঘাত হ’লে, খ্ৰীষ্টানৰ লগত ইছলামৰ সংঘাত হ’লে, এঘাৰ দিনীয়াৰ লগত তেৰ দিনীয়াৰ সংঘাত হ’লে সমাজত সুস্থিৰতাত ব্যাঘাত জন্মাৰ বাদে আন একো লাভ নহয়৷ সেয়েহে শাৰদীয় বতৰত আজি মন্দিৰে-মণ্ডপে দুৰ্গোৎসৱ উপলক্ষে সমৱেত হোৱা ভক্তসকল কিম্বা মহাপুৰুষজনাৰ জন্মোৎসৱত নামঘৰত সমৱেত হোৱা ভক্তসকলে বিদ্বেষৰ পৰিৱেশ নোহোৱা হোৱাৰ প্ৰাৰ্থনাহে ‘সৰ্বশক্তিমান’জনাৰ ওচৰত কৰা উচিত৷ এই একৈশ শতিকাত, তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ সময়ত এইটো ধৰ্ম ভাল, এইটো বেয়া বুলি কোনোবাই বুজোৱাৰ পৰিৱেশ আচলতে নাই৷ ইণ্টাৰনেটত উপলব্ধ সকলো ধৰ্মৰ গ্ৰন্থ, সকলো ধৰ্মৰ ব্যাখ্যা৷ ইচ্ছা কৰোঁতাজনে তাৰ পৰাই ল’ব পাৰে ধৰ্মক লৈ থকা সংশয়, প্ৰশ্নৰ সমিধান৷ যিহেতুকে ধৰ্মৰ অনুগামী হোৱাটো সম্পূৰ্ণ বিশ্বাস আধাৰিত, গতিকে তাতেই সকলো সন্তুষ্ট হোৱাৰ পৰিৱেশ ৰচনা হ’ব লাগে৷ আনৰ বিশ্বাসক অৱজ্ঞা বা আঘাত কৰাৰ প্ৰৱণতাক প্ৰশ্ৰয় দিয়া উচিত নহয়৷ বিশ্বাসে সৃষ্টি কৰা সংঘাতক প্ৰশ্ৰয় দিয়াতকৈ বিশ্বাসে সৃষ্টি কৰা সংস্কৃতিক আদৰ কৰিব জানিলে সমাজখন সুন্দৰ হৈ থাকিব৷
Share This