আজিৰ সম্পাদকীয়, সংবিধানেৰে আগবাঢ়িব লাগিব..
Dainik Janambhumi
August 24, 2024
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ এখন বহুত্ববাদী আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ৷ ইয়াত বিভিন্ন নৃগোষ্ঠী, ভাষিক গোষ্ঠী, ধৰ্ম-সম্প্ৰদায় গোষ্ঠীৰ লোকে বাস কৰে৷ ধৰ্ম-সাহিত্য-ভাষা-সংস্কৃতিৰ বৈচিত্ৰ্য আৰু বৈসাদৃশ্যই ভাৰতীয় মানসতো প্ৰভাৱ বিস্তাৰ কৰে৷ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এটা সুৰ অন্তৰ্নিহিত হৈ থাকিলেও পাৰ্থক্যসমূহৰ গুৰুত্ব হ্ৰাস নাপায়৷ এই পাৰ্থক্যসমূহে বিভিন্ন সময়ত নানা কাৰণত দ্বন্দ্বৰ ৰূপ লয়৷ ঔপনিৱেশিক যুগ আৰু স্বাধীনোত্তৰ কালত আৰ্থ-সামাজিক তাড়নাত ভাৰতবৰ্ষৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ জনপ্ৰব্ৰজন ঘটে৷ এই অভ্যন্তৰীণ জনপ্ৰব্ৰজন তুলনামূলকভাৱে ভাৰতবৰ্ষৰ অন্য প্ৰান্ততকৈ উত্তৰ-পূব ভাৰতলৈ অধিক ঘটিছিল৷ উত্তৰ-পূবৰ ভিতৰত অসমত সকলোতকৈ অধিক৷
অসমলৈ জনপ্ৰব্ৰজন ঘটাৰ এটা ঐতিহাসিক পটভূমি আছে৷ যেতিয়াই কোনো স্থানত কোনো ৰাজ্য বা ৰাজ্যখণ্ড শক্তিশালী হৈ উঠে, মধ্যযুগত ভাৰতত তেনে অঞ্চল বা ৰাজ্যলৈ ভাগ্যৰ সন্ধানত একো একোটা পুৰোহিত শ্ৰেণীৰ দলৰ আগমন হয়, ৰাজপৃষ্ঠপোষকতা বিচাৰি৷ তেনে ৰাজ্যত ধৰ্ম প্ৰচাৰ, ধৰ্মানুষ্ঠান পতা আৰু ৰাজপৰিয়ালক নিজৰ মতত দীক্ষিত কৰাই এই শ্ৰেণীৰ উদ্দেশ্য৷ অসমলৈ তেনে একোটা ধৰ্মীয় গোষ্ঠীৰ দলৰ প্ৰব্ৰজন ঘটিছিল৷ বিশেষকৈ আৰ্যবৰ্তত যেতিয়া মুছলমান শাসকৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰে, তেতিয়াৰ পৰাই একো একোটা তেনে গোটৰ উত্তৰ-পূবলৈ আগমন হ’বলৈ ধৰে৷ আহোম ৰজা গদাধৰ সিংহ আৰু তাৰ পৰৱৰ্তী কালতো এই ধাৰা অব্যাহত থাকে৷ বৈষ্ণৱ-শাক্ত উভয় ধাৰাৰে লোকৰ প্ৰব্ৰজন ঘটিছিল৷ শিৱ সিংহ আৰু ফুলেশ্বৰী কুঁৱৰীৰ দিনত শক্তিশালী হৈ উঠা শাক্ত গুৰুসকলে বৈষ্ণৱসকলৰ বিৰুদ্ধে ৰজা বা ৰাজপৰিয়ালক প্ৰৰোচিত কৰিবলৈ ধৰে৷ সামান্য কাৰণতে মোৱামৰীয়া বুলি অভিহিত নিম্নবৰ্গীয় বৈষ্ণৱসকলৰ গুৰুক ৰাজপৰিয়ালে পুৰোহিত আৰু প্ৰতিদ্বন্দ্বী সংহতিৰ বৈষ্ণৱ পন্থীৰ প্ৰৰোচনাত পৰি অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে৷ এই অপমান-অৱমাননা অধিক তীব্ৰ হৈ উঠাত মোৱামৰীয়া ধৰ্মগুৰু আৰু শিষ্যসকলে সংগঠিত বিদ্ৰোহ আৰম্ভ কৰে৷ ৰজাঘৰ, আহোম সাম্ৰাজ্যৰ ভেটি কঁপি উঠে৷ ইয়াৰ পৰৱৰ্তী কালত আহোম ৰাজপৰিয়াল আৰু সামন্তসকলৰ মাজত ক্ষমতাৰ অৰিয়াঅৰিৰ বাবে এটা প্ৰতিদ্বন্দ্বী পক্ষই চুবুৰীয়া মান ৰজাৰ সাহায্য বিচাৰি যায়৷
মান সেনাৰ অসম অভিযানে সৃষ্টি কৰা যুদ্ধ-বিগ্ৰহ আদিত অসমৰ বহু লোক হতাহত হয়৷ মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত প্ৰায় বিধবস্ত হোৱা অসমক মানৰ পৰা ৰক্ষা কৰাৰ নামত ইয়াণ্ডাবু চুক্তিৰ যোগেদি ব্ৰিটিছ উপনিৱেশিক শাসকে অসম দখল কৰে৷ সেই সময়ত অসমৰ জনসংখ্যা আছিল অতি তাকৰীয়া৷ ব্ৰিটিছ ভাৰতৰ আন স্থান, বিশেষকৈ চুবুৰীয়া অঞ্চলৰ পৰা অসমলৈ প্ৰব্ৰজনত চৰকাৰীভাৱে উৎসাহিত কৰা হৈছিল৷ চাহ বাগিচাৰ সংখ্যা বৃদ্ধিৰ লগে লগে শ্ৰমিকৰূপে মধ্য ভাৰতৰ আদিবাসীসকলক অসমলৈ অনা হয়৷ পণ্য অৰ্থনীতিৰ সূচনা কৰিবলৈ তাৰ লগতে আহে হিন্দুস্তানী মাৰোৱাৰী আদিসকল৷ সীমিত উৎপাদনৰ দেশ অসমত খাদ্য শস্যৰ চাহিদা বৃদ্ধি পায়৷ দ-জলাতক মাটিত ধান-মৰাপাট আদি খেতিৰ বাবে অসমৰ গাতে লগা পূৰ্ব বংগৰ পমুৱাসকলক অসমলৈ প্ৰব্ৰজন কৰিবলৈ উৎসাহিত কৰা হয়৷ জমিদাৰী ব্যৱস্থাৰ অধীনত থকা বংগত সাধাৰণ খেতিয়কৰ ভূমিৰ অধিকাৰ নাছিল৷ ফলস্বৰূপে বংগৰ এই ভূমিহীন কিন্তু পটু খেতিয়কসকল কৃষিভূমিৰ সন্ধানত অসমলৈ আহিল৷ ফলত অসমৰ জনগাঁথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হয়৷ ইয়াৰ ফলত খিলঞ্জীয়া বাসিন্দা নিজ মাটিতে সংখ্যালঘু হৈ পৰাৰ এটা আশংকাই গা কৰি উঠে৷ থলুৱা জাতি-গোষ্ঠীৰ অস্তিত্বৰ সংকটৰ সমস্যাৰ এয়ে পটভূমি৷ পৰৱৰ্তী কালত নানা ৰাজনৈতিক পৰিস্থিতি, উত্থান-পতন, দেশ বিভাজন আদিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ মনত নিজৰ মাটিতে পৰিচয় আৰু খোপনি হেৰুওৱাৰ আশংকাক আৰু অধিক দৃঢ় কৰে৷ অসমত ছবছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলন হয় সীমান্তৰ অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে৷ আৱেগিক আন্দোলনৰ পৰিণতিত সন্ত্ৰাসবাদৰ উত্থান হয়৷ একাংশ যুৱক ইজি মানি সংস্কৃতিৰ গ্ৰাসত পৰে৷ কৰ্ম-সংস্কৃতিৰ আশাব্যঞ্জন বিকাশ নহ’ল৷ ব্যৱসায়-বাণিজ্যত খোপনি ল’ব পৰাকৈ শক্তিশালী এটা শ্ৰেণী অসমীয়াসকলৰ মাজত মূৰ দাঙি নুঠিল৷ ব্যৱসায়-বাণিজ্য, ৰাজনৈতিক খোপনি আদি একোতে অসমীয়াৰ খোপনি নাই৷
এইবাৰ অসম তথা উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ৰাইজে বুজি পালে যে অভ্যন্তৰীণ প্ৰব্ৰজনৰ ফলতো ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ অহাসকলৰ যদি প্ৰাধান্য প্ৰতিষ্ঠা হয় তেন্তে অসমীয়াৰ অস্তিত্ব, ৰাজনৈতিক-অৰ্থনৈতিক কতৃৰ্ত্ব আদি সকলোৰে প্ৰতি সৃষ্টি হ’ব প্ৰত্যাহবানৰ৷ তদুপৰি অসমত ব্যাৱসায়িক আৰু অন্যান্য দিশত প্ৰতিষ্ঠা লাভ কৰাসকলে আগ্ৰাসী¸ ৰূপ লৈ ইয়াৰ ভূমিপুত্ৰসকলকো অৱমাননা কৰিব৷ এজন অনা-অসমীয়া লোকৰ হাতত এগৰাকী অসমীয়া মহিলা খেলুৱৈ অপদস্থ হোৱাৰ অভিযোগত শিৱসাগৰত অলপতে যি ঘটিল আৰু তাৰ প্ৰতিক্ৰিয়াত যেনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ’ল, সেয়া তেনে অস্তিত্বৰ সংকট আৰু সংশয়ৰো আশংকাৰ পৰিণতি৷ সকলো প্ৰতিবাদৰে এটা লক্ষ্মণৰেখা থাকিব লাগে৷ এটা জনগোষ্ঠী কেতিয়াও আন এটা জনগোষ্ঠীৰ শত্ৰু হ’ব নোৱাৰে৷ সেয়েহে বিভিন্ন গোষ্ঠী-সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা বা হ’ব লগা যিকোনো ধৰণৰ অবাঞ্ছিত দ্বন্দ্ব আৰু সংঘাতো আলাপ-আলোচনাৰ মাধ্যমেৰেই সমাধান কৰিব লাগিব৷ বিশেষকৈ ব্যাৱসায়িক মহলৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি অসমৰ বহু জাতীয়-জনগোষ্ঠীয় সংগঠন চলি থাকে৷ বিহু সন্মিলনৰতো কথাই নাই৷ কৰ্ম-সংস্কৃতিবিহীন জাতিৰ উৎসৱ-পাৰ্বণ তুলনামূলকভাৱে বেছি৷ যদিহে ব্যাৱসায়িক গোষ্ঠীয়ে জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহৰ প্ৰধান দোষ-দুৰ্বলতাসমূহ বুজি উঠে, তেন্তে আসৈ পাবই৷ সেই বাবেই অসমৰ খিলঞ্জীয়া জাতি-গোষ্ঠীসমূহৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থতে স্বাৱলম্বন কৰ্ম-সংস্কৃতিৰ বিকাশ ঘটাব লাগিব৷ সেয়াহে হ’ব সকলো ধৰণৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিৰোধ৷ আন্দোলন ইতিমধ্যে বহু কৰা হ’ল৷ কেৱল হিতাধিকাৰী সৃষ্টিৰে অৰ্থনীতি, ৰাজনীতিক সমৃদ্ধ কৰিব নোৱাৰি৷
Share This