আজিৰ ৰাশিফল চাই আৰম্ভ কৰক দিনটো! কাৰ ভাগ্যত কি আছে জানি লওক

Kakali Deka September 08, 2023

৮ ছেপ্টেম্বৰ ২০২৩, শুকুৰবাৰ

ডিজিটেল ডেস্কঃ মেষ : শুভ কাৰক গ্ৰহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং কফি। স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। কোনোৱে বিষ বেদনা আদিত ভুগিব পাৰে। পাৰিবাৰিক জীৱন সুখৰেই। আর্থিক উন্নতি। আনৰ হিত সাধি ভাল পাব ।

বৃষ : শুভ কাৰক গ্ৰহ শুক্র, চন্দ্ৰ । শুভ সংখ্যা ২, ৬। শুভ ৰং বেঙুনীয়া । কৰ্মত উৎসাহ-উদ্দীপনা। মন উদাৰ আৰু উদাসীন তথা সৰল স্বভাৱৰ আপোনাৰ উদাৰ আৰু সৰলতাৰ সুযোগ আনে ল'ব পাৰে। বিদ্যার্থীয়ে আশা কৰা মতেই সুফল পাব ।

মিথুন : শুভ কাৰক গ্ৰহ বুধ, ৰবি । শুভ সংখ্যা ১, ৫। শুভ ৰং নীলা। দিনটো ভালেই যাব। ভাগ্যোদয়ৰ সুযোগ মিলিব। উপার্জন ভালেই। বন্ধুবৰ্গৰ লগত সদ্ভাৱ-সম্প্ৰীতি বৃদ্ধি পাব ।

কর্কট : শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা । স্বাস্থ্য প্রায় ভালেই। ৰাজহুৱা কামত ব্যস্ততা ৷ ৰাজনীতিত সন্মুখীন হোৱা যিকোনো সমস্যা আপুনি বাক চাতুৰ্যৰ বলত সহজে চম্ভালি ল'ব পাৰিব ।

সিংহ : শুভ কাৰক গ্ৰহ ৰবি, মঙল ৷ শুভ সংখ্যা ১, ৯। শুভ ৰং গেৰুৱা । স্বাস্থ্য মজলীয়া। ঘৰুৱা সমস্যাই মন অশান্ত কৰি ৰাখিব। ভিতৰি ভিতৰি গুজৰি গুমৰি থাকিব। কলা-সংস্কৃতিত জড়িতসকলেও আশা কৰা মতে ফল নাপাব পাৰে।

কন্যা :  শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং নীলা। শাৰীৰিক ক্ষেত্ৰত আমনি | 'কম। সংগীত, অভিনয় আদি কলাত যোগ্যতা প্রকাশ। সম্ভবস্থলত ভ্ৰমণৰ যো-জা ।

তুলা :  শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা ৷ পাৰিবাৰিক জীৱন শুভাশুভ মিশ্রিত। ধর্মত মতি, ব্যৱসায়-বাণিজ্যত উন্নতিৰ সংকেত। 
বৃশ্চিক : শুভ কাৰক গ্রহ মঙল, ৰবি । শুভ সংখ্যা ১, ৯। শুভ ৰং সোণালী। সন্তানৰ কৃতিত্বই সুখী কৰিব। বিদ্যাত শুভ। দাম্পত্য জীৱন সুখৰেই । কৰ্মত সহায়- সহযোগ পাব।

ধনু ঃ শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। শৰীৰ প্ৰায় ভালেই। শত্ৰুৰ প্ৰভাৱ আছে। ঘৰ বিভীষণৰ পৰা সতর্ক থাকক। বন্ধু- বান্ধৱ তথা শুভাকাংক্ষীৰ আগমন হ'ব।

মকৰ : শুভ কাৰক গ্ৰহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং বেঙুনীয়া। কামত সততা আৰু দক্ষতা প্রকাশ। যি কামতেই হাত দিয়ক সফল হ'ব। ঘৰুৱা পৰিৱেশ যথেষ্ট উন্নত।

কুম্ভ : শুভ কাৰক গ্রহ শনি, শুক্র। শুভ সংখ্যা ৬, ৭। শুভ ৰং হালধীয়া। আপুনি যেনেকুৱা পৰিস্থিতিতেই পৰক, উপস্থিত বুদ্ধিৰে সেইবোৰ সহজে চম্ভালি ল'ব পাৰিব ৷ ভ্ৰাতৃৰ উন্নতি আৰু ভ্ৰাতৃসম ব্যক্তিৰ পৰা সহায়- সহযোগ পাব।

মীন : শুভ কাৰক গ্রহ বৃহস্পতি, শুক্র। শুভ সংখ্যা ৩, ৬। শুভ ৰং বগা। শৰীৰ প্ৰায় ভালেই। হিচাপতকৈ বেছি কামৰ বোজা ল'বলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা। সংগীত, অভিনয় আদি কলাত

Share This