আপোনাৰ আজিৰ দিনটো....
DainikJanambhumi
September 03, 2024
ডিজিটেল ডেস্ক:মঙলবাৰ, ৩ ছেপ্টেম্বৰ, খ্ৰীষ্টাব্দ ২০২৪৷
মেষঃ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং সোণালী৷ আৰ্থিকত প্ৰায় ভালেই৷ মৰ্যাদাপূৰ্ণ কামৰ বাবে যোগাযোগ হ’ব৷ শুক্ৰ শুভ ভাবত নাই যদি পাৰিবাৰিক জীৱনত চিন্তা৷
বৃষঃ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং ৰূপালী৷ কথা-বাৰ্তাত সাৱধান হ’ব৷ কথাত পিছল খাই অপ্ৰস্তুত হ’ব পাৰে৷ কৰ্মস্থানত ভাল হ’লেও শত্ৰুতা দেখা যায়৷
মিথুনঃ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ৰ, প্ত৷ শুভ ৰং পিঁয়াজী৷ কলা-সংস্কৃতিৰ প্ৰতি ধাউতি বাঢ়িব৷ ঘৰুৱা জীৱনত খুত-খাত থাকিব৷ প্ৰেমত মজলীয়া৷ পুৰণা বন্ধুৰ মিলন৷
কৰ্কটঃ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং বাদামী৷ সৃজনীমূলক কামত মনোযোগ৷ সকলোৰে লগত মিলিজুলি থাকি ভাল পাব৷ ভ্ৰমণৰ যো-জা৷ আৰ্থিকত উন্নতি৷
সিংহঃ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১, ৪৷ শুভ ৰং তাম বৰণীয়া৷ সময়ৰ কাম সময়ত নকৰাত ঘৰুৱা সমস্যাৰ লগতে অন্য কিছু সমস্যাই মন অশান্ত কৰি ৰাখিব৷ বিশেষ কামত পৰ্যাপ্ত ধনৰ নাটনি হোৱাত ঋণ-ধাৰ কৰিব লগা হ’ব পাৰে৷
কন্যাঃ শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা ২,৩৷ শুভ ৰং নীলা৷ স্পষ্টবাদী হিচাপে কাৰোবাক অপ্ৰিয় সত্য ক’বলৈ গৈ অপ্ৰস্তুত হ’ব৷ আনৰ দয়া ভাল নেপাব৷
তুলাঃ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং বগা৷ ষটশূন্য যোগ থকাত বহু সমস্যা সহজে সমাধা হ’ব৷ কিছুমান অদ্ভুত চিন্তাই মনক আমনি দিব পাৰে
বৃশ্চিকঃ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৪৷ শুভ ৰং গেৰুৱা৷ উপৰুৱা চিন্তাই বিদ্যাৰ্থীক বিদ্যাৰ্জনত বাধা দিব৷ আৰ্থিক উন্নতিৰ বাবে যথেষ্ট খাটিব লগা হ’ব৷ ধৰ্মত মতি৷
ধনুঃ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং মুগা৷ শৰীৰ প্ৰায় ভালেই৷ আিৰ্থকত মধ্যম৷ শত্ৰুৰ পৰা সতৰ্ক থাকক৷ সংগ দোষ এৰাই চলক৷ বুদ্ধিজীৱীৰ সুখ্যাতি৷
মকৰঃ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ১,৪৷ শুভ ৰং ক’লা৷ বুদ্ধিজীৱীৰ নতুন পদক্ষেপ৷ অৱশ্যে, কিছুমান সংবেদনশীল কথাত ভুগিব পাৰে৷ ৰাজনীতিত সাৱধানে খোজ দিয়ক৷
কুম্ভঃ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং নীলা৷ কৰ্মত উৎসাহ-উদ্দীপনা৷ মন উন্নত আৰু ধৰ্মীয় কৰ্মত মনোযোগ৷ শৰীৰ প্ৰায় ভালেই৷ সম্ভৱস্থলত ভ্ৰমণৰ যো-জা৷
মীনঃ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং গেৰুৱা৷ আত্মীয়-স্বজন তথা প্ৰতিৱেশীৰ লগত ভালেই দেখা যাব৷ ৰাজনীতিত নতুন চিন্তা৷ সাহিত্য-সংস্কৃতিত উন্নত ফল৷ আপুনি সততাৰে চলিবলৈ গৈ ক’ৰবাত যাতে উজুটি খাব লগা নহয়, সতৰ্ক হওক৷ আয় চাই ব্যয় কৰা টান হ’ব৷
Share This