ডিজিটেল ডেস্ক : অলপতে দেশৰ উচ্চতম ন্যায়ালয়ে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক এইবুলি প্রশ্ন কৰে যে কেৰালাৰ ত্রিশূৰত ৬৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ ১২ ঘণ্টা সময় লাগিলে ১৫০ টকা টোল কৰ লোৱাৰ যুক্তিযুক্ততা ক'ত? মুখ্য ন্যায়াধীশ বি আৰ গৱই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্রন আৰু এন ভি অঞ্জাৰিয়াৰে গঠিত বিচাৰপীঠে ঘাইপথ প্রাধিকৰণে দাখিল কৰা আৱেদনৰ ৰায় সংৰক্ষণ কৰি এই মন্তব্য কৰিছিল।
কেৰালাৰ পলিয়েক্কাৰা টোল প্লাজাৰ টোল আদায় স্থগিত কৰি কেৰালা উচ্চ ন্যায়ালয়ে দিয়া আদেশক প্রত্যাহ্বান জনাই সর্বোচ্চ ন্যায়ালয়ত আৱেদন জনোৱা শুনানিৰ পৰিপ্ৰেক্ষিতত এই মন্তব্য কৰি মূলতঃ শীর্ষ আদালতে জনাইছে অসম্পূর্ণ, গাঁতেৰে ভৰা অথবা যান-জঁটৰ কাৰণে চলাচলৰ অনুপযোগী হোৱা ৰাষ্ট্ৰীয় ঘাইপথত বাহনসমূহক টোল দিবলৈ বাধ্য কৰিব নোৱাৰিব। কেৰালা ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে তাৎপর্যপূর্ণভাৱে জনায় যে যেতিয়া জনসাধাৰণে কোনো ঘাইপথত সুবিধাৰ বাবে মূল্য প্রদান কৰে, তেতিয়া একে সময়তে পথত অবাধ আৰু নিৰাপদ যাতায়াতৰ দাবী কৰাৰ অধিকাৰো অৰ্জন কৰে।
এই কথা দোহৰাৰ প্ৰয়োজন নাই যে বাট-পথ হ'ল যোগাযোগ আৰু উন্নয়নৰ সঁচাৰ কাঠী। ১৯৯৭ চনত ভাৰতীয় সংসদে নেশ্যনেল হাইৱে' অথৰিটি অব্ ইণ্ডিয়া এক্ট ১৯৯৭ অনুসৰি দেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ বাবে নেশ্যনেল হাইৱে' অথৰিটি অব ইণ্ডিয়া (ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ) গঠন কৰিছিল। অৱশ্যে দেশত আধুনিক টোল গে'টৰ ব্যৱস্থা ১৯৯৩ চনতে আৰম্ভ হৈছিল যদিও দেশত ১৯৯৭ চনৰ পৰাহে বিস্তৃতভাৱে টোল গে'ট ব্যৱস্থা প্ৰৱৰ্তন হয়। ৰাষ্ট্ৰীয় ঘাইপথত থকা টোল গে'ট বা টোল প্লাজা বুলিলে সেই স্থানকে বুজায়, য'ত যান-বাহনৰ পৰা যাতায়াতৰ বাবত কৰ আদায় কৰা হয়। বাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, সংৰক্ষণ, মেৰামতিৰ বাবেই এই কৰ লোৱা হয় বুলি জনা যায়।
সেয়ে টোল থকা ৰাষ্ট্ৰীয় ঘাইপথৰ মান উন্নত হ'ব, ষ্ট্ৰীট লাইট, শৌচালয় আদিৰ দৰে ন্যূনতম সা-সুবিধাসমূহ থাকিব বুলি বাঞ্ছা কৰা হয়। কিন্তু কার্যতঃ দেশৰ বহু ৰাষ্ট্ৰীয় ঘাইপথ সেই পর্যায়ৰ নহয়। কেৰালা উচ্চ ন্যায়ালয়ৰ ৰায় আৰু উচ্চতম ন্যায়ালয়ে সেই ৰায় বাহাল ৰখা কথাটোৱে বিষয়টোৰ গুৰুত্ব আৰু প্রাসংগিকতাক প্রতীয়মান কৰিছে। উল্লেখযোগ্য যে এই বছৰৰ আৰম্ভণিতেই ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে'ৰ নির্মাণৰ মান সম্পৰ্কত উত্থাপিত ক্রমবর্ধমান অভিযোগৰ পৰিপ্রেক্ষিতত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক উপ-ঠিকাদাৰী তথা নিম্নমানৰ কাম-কাজৰ দৰে পদ্ধতিগত সমস্যাসমূহৰ সমাধানৰ বাবে নির্দেশ দিছে ঘাইপথ প্রাধিকৰণক। সমগ্র দেশতে এনে ঘটনা অনেক, য'ত উদ্বোধনৰ পাছতেই বা মুকলি কৰাৰ কেইমাহমানৰ পাছতেই সদ্যসমাপ্ত পথ গাঁতেৰে ভৰি পৰিছে বা বহি গৈছে।
অসমত এতিয়া প্রায় ১০খন টোল গে'টৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন বাহনৰ পৰা কৰ আদায় কৰা হয় আৰু সোনকালে ৰাজ্যত এই টোল গে'টৰ সংখ্যা হ'বগৈ ২৭খন। এক অৰ্থত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ ভৰি পৰিব টোল গে'টেৰে। কিন্তু পথৰ মান? সেইটোৱেই এতিয়া কোটি টকীয়া প্রশ্ন। পূর্বে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰূপে পৰিচিত উজনিৰ জীৱনৰেখাসদৃশ ৰাষ্ট্ৰীয় ঘাইপথটোত ইতিমধ্যে একাধিক টোল গে'ট স্থাপনৰ কাম আগবাঢ়িছে। কিন্তু একে সময়তে এইছোৱা ফ'ৰলেন পথৰ নিৰ্মাণৰ মানক লৈ ৰাইজৰ মাজত অসন্তুষ্টি প্রকাশ হৈছে। কাৰিকৰী জ্ঞানৰ প্রয়োজনেই নাই, যিকোনো সাধাৰণ মানুহেই এবাৰ যাতায়াত কৰিলেই ক'ব পাৰিব এই পথৰ নিৰ্মাণ যে মানবিশিষ্ট হোৱা নাই, আশা নাই দীর্ঘদিন মজবুত হৈ থকাৰো। আনহাতে, যিবোৰ অংশত ইতিমধ্যেই টোল গে'ট স্থাপন হ'ল তাতো পথৰ আনুষংগিক সা-সুবিধাসমূহ নথকাৰ অভিযোগ সুলভ। উজনিৰ নৱনিৰ্মিত ফ'ৰলেনৰ অংশতো যে পথৰ আনুষংগিক সা-সুবিধাসমূহ কেতিয়া হ'ব, তাত সন্দেহ আছে। এনে পৰিপ্ৰেক্ষিতত এই পথত টোল লোৱাৰ নৈতিক আৰু আইনী অধিকাৰ ঘাইপথ প্ৰাধিকৰণৰ আছেনে?
চৰকাৰী হওক বা বেচৰকাৰী, জনসাধাৰণে যাৰ পৰাই মূল্য দি কোনো পৰিসেৱা ক্রয় কৰে, তেতিয়া সেই পৰিসেৱাৰ সঠিক মান পোৱাটো তেওঁলোকৰ অধিকাৰৰ ভিতৰত পৰে। ইয়াৰ অন্যথা হ'লে কোনো পৰিসেৱাৰ মূল্য দিয়াৰ দায়িত্ব নাই জনসাধাৰণৰ- মূলতঃ এই কথাকে কৈছে দেশৰ উচ্চতম ন্যায়ালয়ে। পাহৰিলে নহ'ব, ত্রুটীপূর্ণ বাট-পথে যান-জঁটৰ সৃষ্টি কৰে, যাত্ৰা আমনিদায়ক কৰে আৰু সর্বোপৰি কৰে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি। ফলত জনসাধাৰণৰ স্বাৰ্থ আৰু অর্থ দুয়োটাই হানি হয় আৰু জনসাধাৰণৰ স্বাৰ্থজড়িত বিষয় এটা চৰকাৰৰ উদাসীনতা কোনো কাৰণতেই গ্রহণযোগ্য নহয়। কথাখিনি কেৱল ৰাষ্ট্ৰীয় ঘাইপথক লৈ নহয়, ৰাইজৰ স্বাৰ্থ, জীৱন আৰু সুৰক্ষাক লৈ। সেয়ে প্রয়োজনত টোল লওক, কিন্তু পথ সম্পূর্ণৰূপে সঠিকভাৱে নিৰ্মাণ হোৱাৰ পাছতহে, য'ত যাত্ৰা হ'ব নিৰাপদ, মসৃণ আৰু দুশ্চিন্তামুক্ত।