ধুবুৰী পৌৰসভাৰ চৰম অৱহেলা,  ধুবুৰীৰ ট্রাফিক ছিগনেলৰ শোচনীয় অৱস্থা 

Nikimoni Kachari February 20, 2026

ডিজিটেল ডেস্ক: ধুবুৰী পৌৰসভা আৰু ধুবুৰী ট্ৰাফিক পুলিচৰ যুটীয়া প্ৰচেষ্টাত ধুবুৰীৰ যান-জঁট নিয়ন্ত্ৰণ আৰু পথ সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে স্থাপন কৰা ট্ৰাফিক সংকেতসমূহ বৰ্তমান সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে। 

যি সময়ত এই ব্যৱস্থাটোৱে নগৰবাসীৰ মাজত এক শৃংখলাবদ্ধ যান-বাহন চলাচলৰ আশা জগাই তুলিছিল, সেই সময়ত বৰ্তমানৰ জৰাজীৰ্ণ ছবিয়ে ইয়াৰ বিপৰীত পৰিস্থিতিহে দেখা দিয়া পৰিলক্ষিত হয়। মেৰামতি আৰু উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাৱত অধিকাংশ ছিগনেল প’ষ্ট এতিয়া পথৰ কাষত ভাঙি পৰি থকা‌ দেখা যায়। এই অকাম্য সংকেতসমূহৰ বাবে চালক আৰু পথচাৰীসকলৰ মাজত তীব্ৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে, যাৰ ফলত যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। 

জনসাধাৰণৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা এনে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ প্ৰতি কৰ্তৃপক্ষৰ এনে চৰম উদাসীনতাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সঞ্চাৰ কৰিছে। চহৰখনৰ সুৰক্ষা ব্যৱস্থা পুনৰ ঘূৰাই আনিবলৈ বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী জনাইছে।

Share This