ডিজিটেল ডেস্ক : এসময়ত অসমৰ গাঁওসমূহৰ পুৱাবেলি আৰম্ভ হৈছিল গৰু-ম'হৰ ঘণ্টাধ্বনি, কৃষকৰ হৈ-চৈৰ মাজেদি। খেতিপথাৰত গৰু-ম'হে টনা হাল আছিল অসমৰ কৃষি সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই চিৰপৰিচিত দৃশ্য ক্ৰমাৎ অতীতলৈ গতি কৰিছে। নতুন প্ৰজন্মৰ বাবে সাধুকথাত পৰিণত হৈছে সঁচা ছবিবোৰ। আধুনিক কৃষি যান্ত্রিকীকৰণৰ জোৱাৰত গৰু-ম'হৰ হালৰ স্থান অধিকাৰ কৰিছে পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আৰু অন্যান্য অত্যাধুনিক কৃষি সঁজুলিয়ে। বৰ্তমান অসমৰ অধিকাংশ গাঁৱত খেতিৰ বতৰত আগৰ দৰে হাল-বলধ লৈ পথাৰত নামি পৰা কৃষকৰ সংখ্যা এপাচি শাকত এটা জালুক। ইয়াৰ বিপৰীতে কৃষকৰ প্ৰথম পচন্দ হৈ পৰিছে পাৱাৰ টিলাৰ আৰু ট্রেক্টৰ। কম সময়ত অধিক মাটি চহোৱা, উৎপাদন ব্যয় হ্রাস কৰা আৰু শ্রম সংকট দূৰ কৰাৰ ক্ষেত্ৰত এই যন্ত্রসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিশেষকৈ গ্রাম্য অঞ্চলত কৃষি শ্রমিকৰ অভাৱ এক ডাঙৰ সমস্যা হিচাপে দেখা দিয়াৰ পাছত কৃষকসকলে যান্ত্রিক পদ্ধতিক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰে।
আগতে এক বিঘা মাটি চহাবলৈ য'ত প্রায় দিনজোৰা সময় লাগিছিল, এতিয়া ট্ৰেক্টৰ বা পাৱাৰ টিলাৰে কেইঘণ্টামানৰ ভিতৰতে সেই কাম সম্পন্ন কৰিব পৰা যায়। ফলত সময় আৰু ব্যয় দুয়োটাই যথেষ্ট কমি আহিছে। কৃষি বিভাগৰ তথ্য অনুসৰি, ৰাজ্যখনত বিগতকেইবছৰত কৃষি যান্ত্রিকীকৰণৰ হাৰ উল্লেখনীয়ভাবে বৃদ্ধি পাইছে। চৰকাৰী আঁচনিৰ জৰিয়তে কৃষকসকলক পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, ধান কটাৰ যন্ত্র, কঠীয়া ৰোৱাৰ যন্ত্র আদি ক্ৰয় কৰিবলৈ উৎসাহিত কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু মধ্যমীয়া কৃষকসকলেও আধুনিক প্রযুক্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই পৰিৱৰ্তনৰ আন এক দিশো আছে। গৰু-ম'হৰ হাল কেৱল কৃষিকার্যৰ সঁজুলি নাছিল, ই আছিল অসমৰ গ্ৰামীণ জীৱন, সংস্কৃতি আৰু ঐতিহ্যৰ এক প্রতীক। কৃষকৰ ঘৰত বলধ পালন এক গৌৰৱৰ বিষয় আছিল। বিহুগীত, লোকসাহিত্য, প্রবাদ-প্রবচন আদিতো গৰু-ম'হ আৰু হালৰ উল্লেখ বিশেষভাবে দেখা যায়। সেয়েহে যান্ত্রিকীকৰণৰ এই যুগত সেই ঐতিহ্য ক্ৰমাৎ বিলুপ্তিৰ পথত আগবাঢ়িছে বুলি বহু জ্যেষ্ঠ লোকে আক্ষেপ প্রকাশ কৰে। শিৱসাগৰ, যোৰহাট, নগাঁও, ধেমাজি, গোলাঘাট আদি কৃষিপ্রধান জিলাসমূহত এতিয়া গৰু-ম'হেৰে হাল বোৱা দৃশ্য একেবাৰে হ্রাস পালে। বহু পৰিয়ালে কৃষিকাৰ্যৰ বাবে গৰু পালন বন্ধ কৰি দিছে। ফলত গাঁৱৰ চৰণীয়া পথাৰসমূহো আগৰ দৰে গৰু-ম'হেৰে ভৰি থকা দেখা নাযায়। জ্যেষ্ঠ কৃষকসকলৰ মতে, আধুনিক যন্ত্ৰই কাম সহজ কৰি তুলিলেও গৰু-ম'হৰ হালৰ লগত জড়িত বহু স্মৃতি আৰু অনুভৱ হেৰাই গৈছে। নতুন প্ৰজন্মৰ বহু ল'ৰা-ছোৱালীয়ে হাল জোঁটা, বলধেৰে মাটি চহোৱা বা কৃষিজীৱনৰ সেই পুৰণি পদ্ধতি নিজ চকুৰে দেখা নাই। তেওঁলোকৰ বাবে এইবোৰ এতিয়া প্রায় সাধুকথাৰ বিষয়।
তথাপি বিশেষজ্ঞসকলে কয় যে কৃষিক্ষেত্রত আধুনিক প্রযুক্তিৰ ব্যৱহাৰ সময়ৰ দাবী। বর্ধিত জনসংখ্যা, উৎপাদন বৃদ্ধিৰ প্ৰয়োজনীয়তা আৰু কৃষকৰ আৰ্থিক স্বাৰ্থৰ কথা চিন্তা কৰিলে যান্ত্রিকীকৰণ অপৰিহাৰ্য। কিন্তু ইয়াৰ লগতে কৃষিৰ ঐতিহ্য, লোকজ জ্ঞান আৰু গ্রামীণ সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰতো সমানে গুৰুত্ব দিব লাগিব। অসমৰ কৃষিক্ষেত্রই এতিয়া এক সন্ধিক্ষণ অতিক্ৰম কৰিছে। এফালে আধুনিকতাৰ স্পর্শে কৃষিক অধিক উৎপাদনক্ষম আৰু লাভজনক কৰি তুলিছে, আনফালে ক্ৰমাৎ হেৰাই গৈছে গাঁৱৰ সেই চিৰপৰিচিত দৃশ্য-গৰু-ম'হে টানি অনা হাল, কৃষকৰ কণ্ঠৰ সুৰ আৰু পথাৰত প্ৰতিধ্বনিত হোৱা এক সহজ-সৰল জীৱনৰ কাহিনী। নতুন যুগৰ এই যাত্ৰাত উন্নয়নৰ গতি অব্যাহত থাকিলেও অসমৰ কৃষি ঐতিহ্যৰ এই মূল্যৱান অধ্যায় যাতে ইতিহাসৰ পাততেই সীমাবদ্ধ হৈ নাথাকে, সেয়াই আজিৰ সময়ৰ এক গুৰুত্বপূৰ্ণ দাবী।