নোবেল বঁটাৰ বাবে ট্রাম্পৰ নাম প্ৰস্তাৱ

dainik janambhumi June 26, 2025

ডিজিটেল ডেস্ক : ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধ-বিৰতি স্থাপনত ভূমিকা গ্ৰহণ কৰাৰ বাবে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক ২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে। ৰিপাব্লিকান নেতা বাডী কার্টাৰে এই মনোনয়ন-পত্র জমা দিয়ে। কার্টাৰে মধ্য প্রাচ্যত দ্রুতভাৱে বিয়পি পৰা সংঘৰ্ষক বন্ধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অসাধাৰণ আৰু ঐতিহাসিক ভূমিকাৰ বাবে ট্রাম্পক কৃতিত্ব দিয়ে। 

জর্জিয়াৰ সাংসদ কার্টাৰে নৰৱেৰ নোবেল সমিতিলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰপতি ট্রাম্পক নোবেল বঁটা প্ৰদান কৰাৰ ক্ষেত্ৰত বিবেচনা কৰিবলৈ আহ্বান জনায়। ইফালে ইউক্রেইনৰ জ্যেষ্ঠ ৰাজনীতিবিদ আৰু নোবেল বঁটাৰ বাবে ট্রাম্পৰ নাম সমর্থন কৰা ইউক্রেইনৰ সাংসদ আলেকজেণ্ডাৰ মেৰঝকোৱে এই মনোনয়ন প্রত্যাহাৰ কৰে। 

ইউক্রেইনৰ যুদ্ধ শেষ কৰাৰ বাবে দিয়া প্রতিশ্রুতি ট্রাম্পে ৰক্ষা কৰিব নোৱৰাৰ বাবে ইউক্রেইনৰ নেতা গৰাকীয়ে ট্রাম্পৰ মনোনয়ন প্রত্যাহাৰ কৰে। যোৱা বৰ্ষৰ নবেম্বৰত মোৰমোকোঙে নোবেল বঁটাৰ বাবে নাম মনোনীত কৰিছিল। ইতিমধ্যে পাকিস্তান চৰকাৰে ৰাষ্ট্ৰপতি ট্রাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰস্তাৱ কৰিছিল যদিও দেশখনৰ সংসদে এই প্রস্তাৱক ঘোৰ বিৰোধিতা কৰে।

Share This