ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ সৈতে যুদ্ধৰ কালি অন্ত পৰা বুলি কৰা ঘোষণা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্রাস পোৱাৰ পাছত কালি ভাৰতীয় শ্বেয়াৰ বজাৰত শ্বেয়াৰৰ চাহিদা তথা মূল্য দ্রুত গতিত বৃদ্ধি পায়। ইয়াৰ ফলত বিনিয়োগকাৰীৰ প্রায় দহ লাখ কোটি টকা লাভ হয়।
শ্বেয়াৰ বজাৰত লেনদেনৰ কালি সপ্তাহৰ অন্তিম দিনটোত বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ১৬০০ পইন্ট আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক নিষ্টি চাৰে চাৰিশতকৈ অধিক পইণ্টৰ উত্থান হয়। কালি বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স ১৬৯৫,৪০ পইন্ট ঊর্ধ্বমুখী হৈ ৭৫,৫২৭.৯৫ পইন্ট আৰু নিফটি ৪৬১.৩০ পইন্ট ঊর্ধ্বমুখী হৈ ২৩,৬২২ পইন্ট হয়। ইয়াৰ ফলত ছেনছেক্সৰ তালিকাভুক্ত কোম্পানীবোৰৰ বজাৰ মূলধন ১০ লাখ কোটি টকা বৃদ্ধি পাই ৪৬২ লাখ কোটি টকা হয়। ছেনছেক্সৰ তালিকাভুক্ত ৩০টা কোম্পানীৰ ভিতৰত ২৮টাৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পায়।
বাজাজ ফাইনেন্সৰ শ্বেয়াৰৰ মূল্য সর্বাধিক ৫.৬২ পইন্ট বৃদ্ধি পায়। ইয়াৰ উপৰি লাৰ্ছন টুৱো, ইণ্ডিগ', টাইটান, ইটাৰনেল, এইচ ডি এফ চি বেংক, বাজাজ ফিনছার্ভ, এক্সিছ বেংক, ৰিলায়েন্স, আল্ট্রাটেক চিমেন্ট, ভাৰতী এয়াৰটেল, কোটক বেংকৰ শ্বেয়াৰৰ মূল্য উল্লেখনীয় হাৰত বৃদ্ধি পায়। ইফালে কালি ডলাৰৰ তুলনাত টকাৰ মূল্যও প্রায় ০.৭% বৃদ্ধি পায়। ইয়াৰ ফলত এক ডলাৰৰ মূল্য হয়গৈ ৯৫.১১ টকা। মন কৰিবলগীয়া যে কালি আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্রেট খাৰুৱা তেলৰ দাম ১.৬৭% হ্রাস পাই প্রতি বেৰলত ৮৮.৮৭ ডলাৰ হয়গৈ।