জনীয়া ৰাজ্যিক চিকিৎসালয়ত ছমাহে অনুপস্থিত চতুৰ্থবৰ্গৰ দুজন কৰ্মচাৰী

dainik janambhumi July 06, 2026

ডিজিটেল ডেস্ক : বৰপেটা জিলাৰ মন্দিয়া আদর্শ চিকিৎসালয়ৰ অধীনস্থ জনীয়া ৰাজ্যিক চিকিৎসালয়ত দুগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰী প্ৰায় ছয় মাহ ধৰি কর্তব্যত উপস্থিত নোহোৱাৰ অভিযোগে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই অভিযোগ উত্থাপন কৰিছে বৃহত্তৰ জনীয়া আঞ্চলিক ছাত্র মুক্তি সংগ্রাম সমিতিয়ে। চৰকাৰী স্বাস্থ্যসেৱাৰ দৰে স্পৰ্শকাতৰ বিভাগত এনে দীর্ঘদিনীয়া অনুপস্থিতিক লৈ এতিয়া বিভিন্ন মহলত প্রশ্ন উত্থাপন হৈছে। 

অভিযোগ অনুসৰি, গোলাপ দাস আৰু ৰাজীব কুমাৰ দাস নামৰ দুগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰী বিগত প্রায় ছয় মাহ ধৰি চিকিৎসালয়খনত নিয়মীয়াকৈ কর্তব্য পালন কৰা নাই। ফলত চিকিৎসালয়খনৰ দৈনন্দিন পৰিচালনাত ব্যাঘাত জন্মিছে আৰু আন কৰ্মচাৰীৰ ওপৰত অতিৰিক্ত কামৰ বোজা পৰিছে বুলি অভিযোগ কৰা হৈছে। ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতৃবৃন্দই কয় যে জনীয়া ৰাজ্যিক চিকিৎসালয়ে ইতিমধ্যে চিকিৎসক, নাৰ্ছ আৰু আন বহু মৌলিক সুবিধাৰ অভাৱত ভুগি আছে। তাৰ মাজতে অনুমোদিত কৰ্মচাৰীসকলেও যদি দীর্ঘদিন ধৰি কর্তব্যত অনুপস্থিত থাকে, তেন্তে স্বাস্থ্য সেৱাৰ মান অধিক অৱনতি হোৱাটো স্বাভাৱিক। এনে অৱস্থাৰ ফলত সৰ্বাধিক ক্ষতিগ্রস্ত হৈছে দূৰ-দূৰণিৰ পৰা চিকিৎসাৰ বাবে অহা সাধাৰণ ৰোগীসকলৰ। 

ইফালে চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হাছান ৰফিকেও বিষয়টোৰ সত্যতা স্বীকাৰ কৰি জনায় যে উক্ত দুগৰাকী কৰ্মচাৰীৰ অনুপস্থিতিৰ বিষয়ে একাধিকবাৰ ঊর্ধতন কর্তৃপক্ষক লিখিতভাৱে অৱগত কৰা হৈছে। যদিও বিষয়টো সম্পর্কে সংশ্লিষ্ট বিভাগক পুনঃ পুনঃ অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কোনো দৃশ্যমান ব্যৱস্থা গ্রহণ কৰা হোৱা নাই বুলি অভিযোগ কৰে চিকিৎসকজনে। স্থানীয় সচেতন মহলে কয়, 'চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ কৰ্মনিষ্ঠা নিশ্চিত কৰাৰ কথা বাৰে বাৰে ঘোষণা কৰি আহিছে। নিয়ম ভংগ কৰা বা কৰ্তব্যত গাফিলতি কৰা কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও চৰকাৰে বিভিন্ন সময়ত উল্লেখ কৰিছে। কিন্তু জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ এই ঘটনাই চৰকাৰী ঘোষণাৰ বাস্তৱ ৰূপক লৈ প্রশ্ন উত্থাপন কৰিছে।' 

ছাত্র মুক্তি সংগ্রাম সমিতিয়ে দাবী কৰিছে যে অভিযোগসমূহৰ নিৰপেক্ষ তদন্ত কৰি যদি কৰ্তব্যত গাফিলতিৰ অভিযোগ সত্য প্রমাণিত হয়, তেন্তে সংশ্লিষ্ট দুগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে আইনসম্মত আৰু বিভাগীয় ব্যবস্থা গ্রহণ কৰিব লাগে। লগতে চিকিৎসালয় খনত নিয়মীয়া স্বাস্থ্যসেবা অব্যাহত ৰাখিবলৈ প্ৰয়োজনীয় মানৱ সম্পদ নিশ্চিত কৰাৰ দাবীও উত্থাপন কৰিছে সংগঠনটোৱে। 

স্বাস্থ্য বিভাগৰ দৰে জনসেৱামুখী প্রতিষ্ঠানত কৰ্মচাৰীৰ দায়িত্বহীনতা কেতিয়াও গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। তেওঁলোকৰ মতে, চিকিৎসালয়ত অহা প্রতিজন ৰোগীয়ে সময়মতে উন্নত সেবা লাভ কৰাটো চৰকাৰৰ সাংবিধানিক দায়িত্ব। সেই দায়িত্ব পালন নিশ্চিত কৰিবলৈ বিভাগীয় কর্তৃপক্ষই তৎকালীনভাৱে হস্তক্ষেপ কৰা উচিত। এতিয়া সকলোৰে দৃষ্টি ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু সংশ্লিষ্ট কর্তৃপক্ষৰ ওপৰত। ছমাহ ধৰি উত্থাপিত এই অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰি সংশ্লিষ্ট কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰা হয়, নে বিষয়টো পূৰ্বৰ দৰেই উপেক্ষিত হৈ থাকে, সেয়া সময়তহে স্পষ্ট হ'ব।

Share This