ডিজিটেল ডেস্ক : দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰই সদ্য ঘোষিত নীট পৰীক্ষাত সফলতা লাভ কৰাৰ পাছতে নলবাৰীত আনন্দৰ জোৱাৰ উঠিছে। নলবাৰী চহৰৰ কমাৰ্চ কলেজৰ ওচৰৰ বনজিৎ ভট্টাচার্য নামৰ ছাত্ৰজনে প্ৰথমবাৰ অৱতীৰ্ণ হৈ সফলতা লাভ কৰিবলৈ সক্ষম হয়। তেওঁ সৰ্বমুঠ ৪৬৬ নম্বৰ লাভ কৰে।
নলবাৰীৰ কমাৰ্চ কলেজৰ ওচৰৰ যামিনী কুমাৰ ভট্টাচাৰ্য আৰু প্ৰতিভা দেৱীৰ পুত্ৰ বনজিতে কোনো ধৰণৰ ক'চিং চেণ্টাৰত নামভৰ্তি নকৰাকৈ একক প্রচেষ্টাৰে এই সফলতা লাভ কৰে। অৱশ্যে, তেওঁ ইউটিউবৰ পৰা সহায় লৈছিল। ইফালে, অৰ্থৰ অভাৱত পুত্ৰৰ ভৱিষ্যতক লৈ পিতৃৰ চিন্তা।
উল্লেখযোগ্য যে ছাত্ৰগৰাকীৰ পিতৃ বাতৰিকাকতৰ এগৰাকী হকাৰ। সামান্য উপাৰ্জনৰে কোনোমতে পৰিয়ালটো চলি থকাৰ মাজতে পুত্ৰৰ সফলতাৰ পাছত আন এক সমস্যাৰ সন্মুখীন হৈছে। পুত্ৰৰ চিকিৎসক হোৱাৰ দুৰ্বাৰ হেঁপাহ দৰিদ্ৰ পিতৃয়ে কেনেদৰে পূৰণ কৰে? সুহৃদৰ আৰ্থিক অনুদান অবিহনে পুত্ৰৰ হেঁপাহ যে আধৰুৱা হ'ব সেয়া সন্দেহ কৰি কোনোবা দয়াশীল ব্যক্তিয়ে দায়িত্ব লোৱাৰ আহ্বান জনাইছে দৰিদ্ৰ পিতৃয়ে।
মন কৰিবলগীয়া যে জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বনজিতে নলবাৰী কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।