ডিজিটেল ডেস্ক : যোৰহাট আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই এটা দুর্ধর্ষ চোৰৰ লগতে এখন জুৱেলাৰী আৰু ডেম্পৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্রে জানিব পৰা মতে, দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোলাধৰাৰ ৰঞ্জন শৰ্মাৰ বাসগৃহত চোৰ সোমাই সোণৰ আ-অলংকাৰ, পাটৰ কাপোৰ, কাঁহৰ বাচনসহ বহু সামগ্ৰী চুৰ কৰি নিয়ে। ঘটনাটোৰ পাছত গৰাকীয়ে যোৰহাট সদৰ থানাত দিয়াত এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাই টি এছ আই পুলকেশ কামানৰ নেতৃত্বত এটা আৰক্ষীৰ অভিযানকাৰী দল গঠন কৰি চোৰৰ সন্ধানত অভিযান চলায়।
আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই চোৰ পুলিবৰ সাহপুৰীয়া গাঁৱৰ উৎপল বৰা, আব্দুল কাদিৰ জিলানী, যোৰহাট এল এন জুৱেলাৰীৰ স্বত্বাধিকাৰী জিতুমণি বৰদলৈ আৰু অবৈধ ডেম্পৰ স্বত্বাধিকাৰী ৰফিক আনচাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে সোমবাৰে নিশাই চোৰটোক কৰায়ত্ত কৰাৰ পাছত চোৰৰ স্বীকাৰোক্তি ভিত্তিত সোণৰ আ-অলংকাৰখিনি পানীৰ দৰত বিক্ৰী কৰা জুৱেলাৰীখনৰ স্বত্বাধিকাৰী আৰু কাঁহৰ বাচন-বৰ্তনসমূহ বিক্ৰী কৰা অবৈধ ডেম্পটোৰ মালিকক ধৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চোৰটোৰপৰা প্ৰায় ১০ লাখ টকাৰ সোণৰ আ-অলংকাৰ, দুযোৰ পাটৰ কাপোৰ, নগদ ৮৯ হাজাৰ টকা, পাঁচটা ম'বাইল, মন্দিৰৰ বিভিন্ন সা-সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চুৰি ঘটনাটোৰ সন্দৰ্ভত যোৰহাট সদৰ থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মঙলবাৰে আৰক্ষীয়ে চোৰ উৎপল বৰা আৰু জুৱেলাৰীখনৰ স্বত্বাধিকাৰীগৰাকীক আদালতত হাজিৰ কৰি জে'ল-হাজোতলৈ প্ৰেৰণ কৰিছে।
আনহাতে, অবৈধ ডেম্পটোৰ স্বত্বাধিকাৰী ৰফিক আনচাৰী, চোৰ আব্দুল কাদিৰ জিলানীক সোধা-পোছা কৰি আছে। উল্লেখযোগ্য যে যোৰহাট নগৰ এলেকাত কিছুদিনৰ পৰা চুৰিৰ সংখ্যা বৃদ্ধি পাইছে। আৰক্ষীয়ে চোৰক কৰায়ত্ত কৰি জে'ললৈ পঠায় যদিও বহু চোৰে জে'লৰ পৰা ওলাই আহি পুনৰ চুৰি কাৰ্যত মনোনিৱেশ কৰে। যোৰহাটৰ নগৰ এলেকাত নিশা পেট্রলিঙৰ ব্যৱস্থা বৃদ্ধি কৰিবলৈ আৰক্ষীক ৰাইজে আহ্বান জনাইছে।