অস্ত্র-শস্ত্রসহ আলফা (স্বাঃ)ৰ কেডাৰ থাওচেন অসমক গ্ৰেপ্তাৰ , নামচাইত সেনা-আৰক্ষীৰ অভিযান

dainik janambhumi October 27, 2025

ডিজিটেল ডেস্ক : বিদ্রোহী সংগঠনৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে কালি অৰুণাচল প্ৰদেশৰ নামচাইত আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে যৌথ অভিযান চলাই আলফা (স্বাঃ)ৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰে। নামচাই লাথাওৰ ঘন জংঘলৰ পৰা সেনা-আৰক্ষীৰ যুটীয়া অভিযানত থাওচেন অসম ওৰফে অনুপম দহোতীয়া নামৰ আলফা (স্বাঃ)ৰ দুৰ্ধৰ্ষ কেডাৰজনক গ্ৰেপ্তাৰ কৰে। আলফা (স্বাঃ)ৰ কেডাৰ থাওচেনৰ ঘৰ তিনিচুকীয়াৰ বাৰেকুৰিত। 

উল্লেখযোগ্য যে ২০১৬ চনত আলফা (স্বাঃ)ত যোগদান কৰা থাওচেন অসমৰ পৰা এম কিউ ছিৰিজৰ এটা বন্দুক, ১৫১ জাঁই সজীৱ গুলী, এটা আৰ পি জি, এটা বটল গ্রেনেড জব্দ কৰে। ইফালে, এখন সংবাদমেলযোগে নামচাই জিলা আৰক্ষী অধীক্ষকে থাওচেন অসম কাকপথাৰৰ সেনা ছাউনী আক্রমণত জড়িত আছিল বুলি প্রকাশ কৰে। 

প্রণিধানযোগ্য যে কাকপথাৰ সেনা ছাউনীত আলফা (স্বাঃ)ই কৰা আক্ৰমণৰ পাছত সেনা-আৰক্ষী সস্তম হৈ পৰে। অসম-অৰুণাচল সীমান্ত অঞ্চলত নিষিদ্ধ ঘোষিত বিপ্লৱী সংগঠনটোৰ বিৰুদ্ধে অসম ৰাইফলছে চলোৱা অভিযানত একেখন জিলাৰ ভিতৰতে ২১ অক্টোবৰত আলফাৰ ২য় লেফটেনেন্ট আইৱান অসমক গুলীয়াই হত্যা কৰাৰ পাছত কালি থাওচেন অসমক সেনাই বিশেষ সূত্ৰৰ পম খেদি অস্ত্র-শস্ত্রসহ গ্রেপ্তাৰ কৰে।

Share This