ভাৰত-মার্কিন 'বৃহৎ বাণিজ্য চুক্তি'ক লৈ অনিশ্চয়তা

dainik janambhumi July 06, 2025

ডিজিটেল ডেস্কঃ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে  বান্ধি দিয়া ৯ জুলাইৰ চৰমসীমাৰ সময় চমু চাপি অহাৰ লগে লগে আমেৰিকাৰ সমানুপাতিক শুল্ক আৰোপৰ ভাবুকিক কেন্দ্ৰ কৰি বিশ্বজোৰা উদ্বেগ আৰু কৌতূহলৰ সৃষ্টি হৈছে। সমান্তৰালভাবে, আমেৰিকাৰ সৈতে হ'ব লগা ভাৰতৰ 'বৃহৎ বাণিজ্য চুক্তি'খন এই ৯ জুলাইৰ ভিতৰত সম্পাদন হ'ব নে নহয় সেই লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে আজি ১২খন শুল্ক বিষয়ক পত্ৰত স্বাক্ষৰ কৰিছে আৰু সোমবাৰৰ পৰা এই পত্ৰসমূহ নির্দিষ্ট দেশবিলাকলৈ প্ৰেৰণ কৰা হ'ব।

ইফালে আমেৰিকাৰ সৈতে প্রস্তাৱিত বাণিজ্য চুক্তিৰ বিষয়ত শুকুৰবাৰে বক্তব্য প্রকাশ কৰিছে ভাৰতৰ বাণিজ্য মন্ত্ৰী পীযূষ গোৱেলে। গোৱেলে কয়, 'চূড়ান্ত সময়সীমাৰ ভিত্তিত ভাৰতে কেতিয়াও কোনো বাণিজ্য চুক্তিত সন্মত হোৱা নাই। ভাৰতে আমেৰিকাৰ সৈতে প্ৰস্তাৱিত বাণিজ্য চুক্তি তেতিয়াহে গ্রহণ কৰিব যেতিয়া ই সম্পূর্ণভাৱে চূড়ান্ত হ'ব, সঠিকভাবে নিষ্পত্তি হ'ব তথা ৰাষ্ট্ৰৰ স্বাৰ্থত হ'ব।' তেওঁ আৰু জনায় যে ভাৰতে ইউৰোপিয়ান ইউনিয়ন, নিউজিলেণ্ড, ওমান, চিলি আৰু পেৰুকে ধৰি বিভিন্ন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ (এফ টি এ) আলোচনা কৰি আছে। আমেৰিকাৰ সৈতে প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিষয়ে সাংবাদিকে প্রশ্ন কৰাত গোৱেলে কয়, 'ৰাষ্ট্ৰীয় স্বার্থ সদায় ওপৰত থাকিব লাগিব। সেই কথা মনত ৰাখি যদি এখন চুক্তি কৰা হয় তেন্তে ভাৰতে সদায়ে উন্নত দেশৰ সৈতে চুক্তি কৰিবলৈ সাজু।'

আনহাতে ভাৰত আৰু আমেৰিকাৰ মাজত ৯ জুলাইৰ ভিতৰত এখন অন্তর্বর্তী বাণিজ্য চুক্তি সম্ভৱনে বুলি সাংবাদিকে সোধা প্রশ্নত গোৱেলে কয়, 'ভাৰতে কেতিয়াও বান্ধি দিয়া চূড়ান্ত সময়সীমা বা সময় নির্ধাৰিত কোনো বাণিজ্য চুক্তিত স্বাক্ষৰ কৰা নাই। যেতিয়া এই চুক্তিখন সঠিকভাবে প্রস্তুত কৰা হ'ব আৰু সম্পূৰ্ণভাৱে চূড়ান্ত কৰা হ'ব তথা দেশৰ স্বাৰ্থত হ'ব, তেতিয়া আমি গ্রহণ কৰিম।' উল্লেখযোগ্য যে ভাৰতকে ধৰি কেইবাডজন দেশৰ বিৰুদ্ধে আমেৰিকাই আৰোপ কৰা শুল্ক ৯০ দিনৰ বাবে স্থগিত ৰাখিছিল আৰু ৯ জুলাই হৈছে উক্ত ৯০ দিনৰ অন্তিম দিন। ভাৰতৰ বিৰুদ্ধে অতিৰিক্ত ২৬ শতাংশৰ শুল্কও আৰোপ কৰা হৈছিল। ইফালে পীযূষ গোৱেলে জনায় যে বাণিজ্য চুক্তিৰ আলোচনাৰ বাবে বৰ্তমান আমেৰিকা ভ্ৰমণ কৰাৰ কোনো পৰিকল্পনা ভাৰতৰ নাই। উল্লেখযোগ্য যে বাণিজ্য চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ আমেৰিকালৈ যোৱা ভাৰতীয় প্রতিনিধি দলটো শুকুৰবাৰে দেশলৈ উভতি আহিছিল। চৰকাৰী সূত্ৰই সংবাদ মাধ্যমক এই সন্দর্ভত কৈছিল, 'বাণিজ্য বিষয়ত আলোচনা কৰিবলৈ যোৱা দলটো উভতি আহিল। আলোচনা চলি আছে। ভাৰতৰ মূল স্বার্থ হৈছে বস্ত্ৰ আৰু জোতা-ছেণ্ডেলৰ দৰে শ্রম-ঘনিষ্ঠ (লেবাৰ-ইনটেনছিভ) সামগ্রী। অট'ম'বাইলৰ যন্ত্ৰ-পাতি (পার্টছ)ও এক প্রধান স্বার্থ।' ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি মতে অট'ম'বাইলৰ শুল্কৰ উপৰি তীখাৰ শুল্কলৈও ভাৰত চিন্তিত। আমেৰিকাই তীখাৰ আমদানিত কোনো দেশকে ৰেহাই দিয়াত ইচ্ছুক নহয়। আনহাতে ভাৰতে শুল্ক আৰোপ কৰি ঘৰুৱা উদ্যোগৰ সুৰক্ষা দিবলৈ সংকল্প লৈছে।

জানিব পৰা মতে ভাৰত-আমেৰিকাৰ মাজত হৈ যোৱা শেহতীয়া আলোচনাত গোপালন আৰু দুগ্ধোৎপাদন, কৃষি, ডিজিটেল, জিনীয়ভাবে উন্নত কৰা বীজ (জি এম) আৰু স্বাস্থ্য সেৱাৰ কথা আলোচনা।

Share This