আপুনিও  লেমন টি খায় নেকি, জানি লওক ইয়াৰ অপকাৰিতা

Jyoti Borah August 10, 2023

 ডিজিটেল ডেস্ক: আমাৰ দেশৰ  বেছিভাগ মানুহেই ৰাতিপুৱা একাপ চাহেৰে দিনটোৰ আৰম্ভ কৰে। সকলোৱে নিজৰ পছন্দ আৰু প্ৰয়োজন অনুসৰি চাহ প্ৰস্তুত কৰে। বহুতে গাখীৰৰ চাহ খাবলৈ ভাল পায় আনহাতে কিছুমানে গাখীৰ নোহোৱাকৈ ৰঙা চাহ খায়। আনহাতে বহুতে গ্ৰীণ টি খাই ভাল পায় আৰু কিছুমানে নেমুৰ লগত নেমু চাহ বা লেমন টি  খাই ভাল পায়। যদি আপুনিও নেমু চাহ খাবলৈ ভাল পায়, তেন্তে সাৱধান হওক, কাৰণ ইয়াৰো আছে বহুতো অপকাৰিতা । চাহপাত আৰু নেমু দুয়োটাতে এন্টি অক্সিডেন্ট (Antioxidants)পোৱা যায়। যাৰ বাবে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ প্ৰস্ৰাৱৰ জৰিয়তে ওলাই আহে। সেই অনুসৰি ই স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু ইয়াৰ লগতে আমাৰ  শৰীৰেও বহু পাৰ্শ্বক্ৰিয়াৰ  (Side Effects)সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাবে আমাৰ বহুতো সমস্যা হব পাৰে। লেমন টি  বা  নেমু চাহ খোৱাৰ ফলত কি কি অসুবিধা হয় জানো আহক
১/ স্বাস্থ্য বিশেষজ্ঞৰ মতে লেমন টি খালে শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যাৰ বাবে বিপাকীয় ক্ৰিয়াত বাধা আহিব পাৰে। ইয়াৰ বাবে শৰীৰে পানীলগা, কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
২/ নেমুত প্ৰচুৰ পৰিমাণে এচিড পোৱা যায়। এনে পৰিস্থিতিত চাহ আৰু নেমু একেলগে খালে শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি পায়। যাৰ বাবে দাঁত আৰু আঁঠুৰ লগত জড়িত সমস্যা আহিব পাৰে।
৩/ চাহত নেমুৰ ৰস যোগ কৰিলে শৰীৰৰ হজম প্ৰক্ৰিয়া লেহেমীয়া হয়। এনে কৰিলে কোষ্ঠকাঠিন্য, পেটত জ্বলা-পোৰা, এচিডিটি আদি সমস্যাই আমনি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে খোৱা খাদ্যও সহজে হজম নহয়।

Share This