অৰুণাচলৰ বানঃ অদ্যাপি সন্ধানহীন ৪জন, ধ্বংসস্তূপত পৰিণত বহু বাসগৃহ, নীপকো কলনিত অভাৱনীয় পৰিস্থিতি

dainik janambhumi June 26, 2026

ডিজিটেল ডেস্ক : অৰুণাচলত আচম্বিতে হোৱা প্রলয়ংকৰী বানে ফ'ৰটী খ্ৰীত এফালৰ পৰা সকলো তচনচ কৰি নিয়াৰ পাছত এতিয়া নীপকো কলনিৰ লগতে ৰাজ্যখনত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। বানে হঠাতে ধুই নিয়া নীপকো কলনিক ধবংসস্তূপত পৰিণত কৰাৰ পাছত কালি দ্বিতীয় দিনা উক্ত অঞ্চলত আকাশমাৰ্গেৰে বায়ু সেনা বাহিনীয়ে দুর্গত লোকসকলক খাদ্য সামগ্রী যোগান ধৰাকে ধৰি উদ্ধাৰ অভিযানতো নামি পৰিছে। একেদৰে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়েও প্রত্যাহ্বান নেওচি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বিশেষ সফলতা লাভ কৰিব পৰা নাই। 

পাহাৰৰ পৰা বোকা, পানী, শিল-বালি, গছ-গছনিৰে পুতি পেলোৱা ঘৰ-দুৱাৰ, যান-বাহন আদি আজিও তেনেদৰেই আছে। একেদৰে উদ্ধাৰ অভিযানৰ বাবে বিশেষ যান-বাহন তথা যন্ত্র উক্ত স্থানলৈ যাব নোৱৰাত উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে। বুধবাৰে বানত সন্ধানহীন হোৱা পাঁচজন লোকৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হ'ল যদিও বাকীসকলক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। 

প্রাপ্ত তথ্য মতে, বুধবাৰৰ ভয়াৱহ বানত নীপকো কলনিৰ ৩৫টা বাসগৃহৰ লগতে প'চা গাঁৱৰ ১০টা গৃহ ধবংসস্তূপত পৰিণত হয়। প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি বুধবাৰে পুৱা ৫ বজাত হোৱা ঘটনাটো প্রথমতে প্রত্যক্ষ কৰিছিল নীপকো কলনিৰ বিবেকানন্দ কেন্দ্রীয় বিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীয়ে। তেওঁলোকে প্রার্থনা গৃহৰ পৰা ওলাই অহাৰ পাছতে প্রত্যক্ষ কৰিছিল পাহাৰ-সদৃশ পানীৰ ঢৌৱে প্ৰচণ্ড শব্দ কৰি তললৈ বৈ অহাৰ দৃশ্য প্রত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে আৰু এই চিঞৰ-বাখৰত নীপকো কলনিত নিদ্রামগ্ন হৈ থকা লোকসকলক চিঞৰি জগোৱাৰ পাছতে শুই থকা লোকসকলে দৌৰি নিৰাপদ স্থানলৈ গৈ প্ৰাণ ৰক্ষা পৰে যদিও ঘৰৰ ভিতৰৰ পৰা কোনো সামগ্ৰী ৰক্ষা কৰিবলৈ সক্ষম নহ'ল। ইতিমধ্যে ধবংসস্তূপৰ এলেকাত বায়ু সেনাৰ অভিযান অব্যাহত আছে। সম্প্রতি নীপকো কলনিৰ গৃহহাৰা লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 

উল্লেখযোগ্য যে কালি পুৱা ৬-৩০ বজাৰ পৰা অনুসন্ধান আৰু উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰাৰ লগতে পিটাপুলৰ দিশৰ পৰা পুটিনলৈ পথ মুকলি কৰাৰ বাবে চেষ্টা চলাই আহে। কালি উদ্ধাৰকাৰী দলে কেইবাজনো লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Share This