বিজনীৰ বিষ্ণুপুৰত অচিনাকি প্ৰব্ৰজিত চৰাই উদ্ধাৰ

Nikimoni Kachari March 27, 2026

ডিজিটেল ডেস্ক: বিজনীৰ বিষ্ণুপুৰত অচিনাকি প্ৰব্ৰজিত চৰাই উদ্ধাৰ। এনজিঅ’ৰ তৎপৰতাত ৰক্ষা পৰে অচিনাকি পক্ষীটো। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ১ নং বিষ্ণুপুৰত এটা অচিনাকি প্ৰব্ৰজিত পক্ষী উদ্ধাৰ হোৱা ঘটনাই স্থানীয় ৰাইজৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে। 

মানস ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৱৰ্তী এলেকাত অৱস্থিত মানাস নেচাৰ কনজাৰভেচন ৱেলফাৰ চচাইটি (চমুকৈ ‘বাবা বন্ধু’)ৰ কাৰ্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত এই পক্ষীটো উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, বৃহস্পতিবাৰে ‘বাবা বন্ধু’ আৰু মানাস মাউজীগেন্দ্ৰী ইকো টুৰিজিম ছচাইটিৰ সদস্যসকলে হাতী সুৰক্ষাৰ বাবে স্থাপন কৰা বৈদ্যুতিক বেৰৰ পেট্ৰলিং ডিউটি পালন কৰি থকা সময়তে হঠাতে এই অচিনাকি পক্ষীটো লক্ষ্য কৰে। তাৰ পিছতে তেওঁলোকে তৎপৰতাৰে পক্ষীটো উদ্ধাৰ কৰি সুৰক্ষিতভাৱে এনজিঅ’ৰ কাৰ্যালয়লৈ লৈ আনে।

প্ৰাথমিকভাৱে এই পক্ষীটো বহিঃদেশীয় প্ৰজাতিৰ হ’ব পাৰে বুলি সন্দেহ কৰা হৈছিল যদিও পিছত নিশ্চিত কৰা হয় যে ইয়াৰ নাম Brown-headed Gull, অৰ্থাৎ এটা প্ৰব্ৰজিত জলচৰ পক্ষী। অনুমান কৰা হৈছে যে, যোৱা নিশাৰ বতাহৰ লগত উৰি আহি এই অঞ্চলত উপস্থিত হৈছে।

ইফালে, বিষয়টো সন্দৰ্ভত বন বিভাগৰ সৈতে যোগাযোগ কৰাৰ পিছত সন্ধিয়াত ১৫ নং বি.এন এছ এছ বি, কাজলগাঁৱৰ সহকাৰী কমাণ্ডেণ্ট ৰহন সিং আৰু বিষ্ণুপুৰ বিঅʼপিৰ এছ এছ বিৰ সহকাৰী ইন্সপেক্টৰসহ জোৱানসকলৰ উপস্থিতিত এই Brown-headed Gull পক্ষীটো কুকলুঙ ফৰেষ্ট অফিচৰ বনকৰ্মীসকলৰ হাতত গতাই দিয়ে মানাস নেচাৰ কনজাৰভেচন ৱেলফাৰ ছচাইটি (‘বাবা বন্ধু’)ৰ সদস্যসকলে।

ঘটনাটোৱে পুনৰ এটা কথা স্পষ্ট কৰিলে যে স্থানীয় এনজিঅ’ আৰু বন বিভাগৰ যৌথ তৎপৰতাই বন্যপ্ৰাণী সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This