ছৌডি আৰবৰে পাৰমাণৱিক চুক্তিত উপনীত আমেৰিকা, বিশ্বজনীন নিৰাপত্তাক উপেক্ষা ৰাষ্ট্ৰপতি ট্রাম্পৰ

dainik janambhumi July 23, 2026

ডিজিটেল ডেস্ক : পশ্চিম এছিয়াত যুদ্ধ-উত্তেজনা অব্যাহত থকাৰ সময়তে আমেৰিকাই ছৌডি আৰবৰ সৈতে এখন পাৰমাণৱিক চুক্তিত উপনীত হৈছে। 


ৱাল ষ্ট্ৰীট জার্নেলে প্রকাশ কৰা বাতৰি মতে, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে বিশ্বজনীন নিৰাপত্তাৰ বিষয়ক উপেক্ষা কৰি ছৌডি আৰবৰ সৈতে পাৰমাণৱিক চুক্তিখনত স্বাক্ষৰ কৰে। ছৌডি আৰবৰ ভূমিত পাৰমাণৱিক কাৰ্যসূচী ইউৰেনিয়াম সমৃদ্ধ কৰাৰ পথ প্রশস্ত কৰিলে আমেৰিকাই। 

ছৌডিৰ সৈতে উপসাগৰীয় অঞ্চলত হোৱা আমেৰিকাৰ এই গুৰুত্বপূৰ্ণ পাৰমাণৱিক চুক্তিৰ জৰিয়তে ৩০ বছৰৰ বাবে ১০ বিলিয়ন ডলাৰৰ বুজাবুজিৰ চুক্তি কৰা হৈছে। মার্কিন কোম্পানীবোৰে ছৌডি আৰবৰ পাৰমাণৱিক আন্তঃগাঁথনিৰ বিকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।

Share This